কেশবিন্যাস
৭ প্ৰবন্ধ
-
আফ্ৰিকান চুলিৰ থ্ৰেডিং
আফ্ৰিকান চুলিৰ থ্ৰেডিং (হেয়াৰ থ্ৰেডিং/ থ্ৰেডিং বুলিও কোৱা হয়) হৈছে আফ্ৰিকান সংস্কৃতিত গভীৰভাৱে শিপাই থকা এটা পৰম্পৰাগত কেশ বিন্যাসৰ কৌশল। বহুমুখিতা, সৌন্দৰ্য আৰু সাংস্কৃতিক তাৎপৰ্যৰ বাবে ইয়াক প্ৰতিপালন কৰা হয়।
-
ঐতিহাসিক খ্ৰীষ্টান কেশ সজ্জা
ঐতিহাসিক খ্ৰীষ্টান কেশ সজ্জা খ্ৰীষ্টান পৰম্পৰাত গ্ৰহণ কৰা চুলিৰ ষ্টাইল সময়ৰ লগে লগে স্থানভেদে, সামাজিক আৰু অৰ্থনৈতিক শ্ৰেণীভেদে, জাতি, ধৰ্মগোষ্ঠী আৰু খ্ৰীষ্টানসকলৰ উত্থান ঘটা সংস্কৃতিৰ মাজতো বহু পৰিমাণে ভিন্ন হৈছে। পাদ্ৰী আৰু পৱিত্ৰ ধৰ্মীয় চুলিৰ শৈলীও গীৰ্জাত থকা ক্ৰম আৰু পদৰ মাজত ভিন্ন হৈছে।
-
কোকোচনিক
কোকোচনিক হৈছে ছাৰাফানৰ লগত মহিলা আৰু ছোৱালীয়ে পিন্ধা পৰম্পৰাগত ৰাছিয়ান হেডড্ৰেছ। দশম শতিকাৰপৰাই ভেলিকি নভগ'ৰড চহৰত কোকোছনিক পৰম্পৰাৰ অস্তিত্ব আছে। ই মূলতঃ ৰাছিয়াৰ উত্তৰ অঞ্চলত বিয়পি পৰিছিল আৰু ১৬ শতিকাৰপৰা ১৯ শতিকালৈকে ই অতি জনপ্ৰিয় আছিল।
-
কোৰোবা (কেশসজ্জা)
কোৰোবা কেশসজ্জা হৈছে ইয়োৰুবা ব্ৰেইড কেশবিন্যাসৰ এটা প্ৰকাৰ। ইয়োৰুবা ভাষাত কোৰোবা মানে কুকি। চুলিৰ ষ্টাইলৰ আকৃতি আৰু ডিজাইনৰপৰাই এই নামটো আহিছে। ইয়াৰ আকৃতি ওলোটাকৈ টোপোলাৰ দৰে। ব্ৰেইডবোৰ মূৰৰ মাজৰ পৰা, তললৈ আহি মূৰৰ আন অংশলৈ বিয়পি পৰে।
-
গ্ৰীক-ৰোমান কেশবিন্যাস
প্ৰাচীন কালত গ্ৰীকসকলে তেওঁলোকৰ চুলি (kómē) দীঘলকৈ ৰাখিছিল আৰু এইদৰে হোমাৰে তেওঁলোকক সদায় কাৰেকোমুণ্টচ (karēkomóōntes) অৰ্থাৎ দীঘল চুলিৰ বুলি কৈছিল। গ্ৰীক আৰু ৰোমান উভয়েই নকল চুলি বা উইগ পিন্ধিছিল।
-
জুপ্ৰিনা (কেশসজ্জা)
জুপ্ৰিনা যাক পোলিছ হাফশ্বেভেন মূৰ বুলিও জনা যায়, ই পোলেণ্ডৰ আভিজাত্যৰ পৰম্পৰাগত চুলি কটা (szlachta), মূলতঃ সাৰ্মাটিজমৰ সৈতে জড়িত, কিন্তু মধ্যযুগতো পোলেণ্ডৰ লোকসকলে একেই ধৰণে চুলি ৰাখিছিল। ইয়াৰ বৈশিষ্ট্য হৈছে কাণৰ ওপৰত আৰু ডিঙিত একে উচ্চতাত চুলি কটা, মূৰৰ ওপৰত দীঘল চুলি।
-
মৌচাক কেশসজ্জা
thumb|১৯৬২ চনত জিপ্সী চিনেমাখনৰ প্ৰচাৰমূলক ফটোত মৌচাক শৈলীৰ সৈতে আমেৰিকান অভিনেত্ৰী নাটালি উড মৌচাক কেশসজ্জা হৈছে এনে এক চুলিৰ শৈলী, য’ত দীঘল চুলিবোৰ ফণীয়াই মূৰৰ ওপৰত শংকু আকৃতিত গোট খুৱাই অলপ পিছলৈ জোঙা কৰি ৰখা হয়, যাৰ ফলত পৰম্পৰাগত মৌচাকৰ আকৃতিৰ সৈতে কিছু সাদৃশ্য পোৱা যায়।