ইথিঅ'পিয়াৰ ব্যক্তি
১০ প্ৰবন্ধ
-
আবি আহমেদ আলি
আবি আহমেদ আলি (সংক্ষেপে আবি আহমেদ অথবা আবি;জন্ম ১৫ আগষ্ট ১৯৭৬) এগৰাকী ইথিঅ'পিয়াৰ ৰাজনীতিবিদ আৰু ২ এপ্ৰিল ২০১৮ চনৰ পৰা ইথিঅ'পিয়াৰ ১৫তম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ ইথিঅ'পিয়ান পিপল'ছ ৰেভুল্যছনেৰী ডেম'ক্ৰেটিক ফ্ৰণ্ট আৰু অৰুমু ডেম'ক্ৰেটিক পাৰ্টিৰ অধ্যক্ষৰ পদত অধিষ্ঠিত আছিল।
-
আজেব মেছফিন
আজেব মেছফিন হাইলে (Azeb Mesfin Haile; জন্ম: ২১ ডিচেম্বৰ ১৯৬৬) ইথিঅ'পিয়াৰ এগৰাকী ৰাজনীতিবিদ যি ২০০১ চনৰ পৰা ২০১২ চনলৈকে ইথিঅ'পিয়াৰ দ্বিতীয় প্ৰথম মহিলা আছিল৷ তেওঁ ইথিঅ'পিয়াৰ নেচনেল ইনিচিয়েটিভ ফৰ মেণ্টেল হেল্থৰ প্ৰতিষ্ঠাপক আৰু পৃষ্ঠপোষক।
-
ইয়েমোদিছ বেকেলে
ইয়েমোদিছ বেকেলে (Yemodish Bekele, জন্ম-১৯৬০) কবিতা, চুটিগল্প আৰু এখন উপন্যাসকে ধৰি সাতখনতকৈও অধিক গ্ৰন্থৰ প্ৰকাশিত লেখিকা আৰু নিজাকৈ চুটিগল্প সংকলন প্ৰকাশ কৰা প্ৰথমগৰাকী ইথিঅ'পিয়ান মহিলা।
-
চেনাইট ফিচেহা
চেনাইট ফিচেহা (Senait Fisseha) এগৰাকী ইথিঅ'পিয়ান-আমেৰিকীয় চিকিৎসক, অধিবক্তা আৰু প্ৰসূতি-স্ত্ৰীৰোগ বিশেষজ্ঞ। তেওঁ মিচিগান বিশ্ববিদ্যালয়ত এণ্ডক্ৰাইন'লজীত বিশেষজ্ঞতা লাভ কৰে আৰু চাউদাৰ্ণ ইলিনয় বিশ্ববিদ্যালয়ৰ পৰা জুৰিছ ডাক্তৰ লাভ কৰে।
-
টেড্ৰ'ছ আথানাম গাব্ৰেয়েছুছ
টেড্ৰ'ছ আথানাম গাব্ৰেয়েছুছ ( ইংৰাজী: Tedros Athanam Gabreyesus জন্ম ৩ মাৰ্চ ১৯৬৫ ) এজন ইথিওপিয়ান স্বাস্থ্যবিদ আৰু জনগৱেষক। ২০১৭ চনৰ পৰা তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। টেড্ৰছ হৈছে এই পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকান ইউনিয়নে স্বীকৃতি লাভ কৰিছে।
-
নেবিলা আব্দুলমেলিক
নেবিলা আব্দুলমেলিক (Nebila Abdulmelik) এগৰাকী ইথিঅ'পিয়াৰ নাৰীবাদী কৰ্মী আৰু বিশিষ্ট মহিলা অধিকাৰ কৰ্মী। ২০১৩ চনত নিৰ্মমভাৱে ধৰ্ষণৰ সন্মুখীন হোৱা লিজ নামৰ ১৬ বছৰীয়া কেনিয়ান ছোৱালী এজনীৰ ন্যায় বিচাৰি আৰম্ভ কৰা #JusticeforLiz অভিযানৰ নেতৃত্ব দিয়াৰ বাবে তেওঁ সুপৰিচিত আছিল।
-
ফিলছান আবদি
ফিলছান আব্দুল্লাহী আহমেদ (জন্ম ১৯৯২), ফিলছান আবদি বুলিও কোৱা হয়, ছোমালি অঞ্চলৰ এগৰাকী ইথিঅ'পিয়ান কৰ্মী আৰু ৰাজনীতিবিদ। তেখেতে নাবাদ প্ৰকল্পৰ প্ৰতিষ্ঠাপক, যিটো ছমালি অঞ্চলত, সোমালি আৰু অৰোমো সম্প্ৰদায়ৰ মাজত যোগাযোগ আৰু শান্তিৰ প্ৰসাৰৰ বাবে এটা উপগ্ৰহ টেলিভিছন ষ্টেচন।
-
বোগালেচ গেব্ৰে
বোগালেচ "বোগে" গেব্ৰে (Bogaletch Gebre; (১৯৫০ চনৰ দশক – ২ নৱেম্বৰ ২০১৯) এগৰাকী ইথিঅ'পিয়াৰ বিজ্ঞানী আৰু কৰ্মী আছিল। ২০১০ চনত দ্য ইণ্ডিপেণ্ডেণ্টে তেওঁক "ইথিঅ'পিয়াৰ মহিলাৰ বিদ্ৰোহ আৰম্ভ কৰা মহিলা" বুলি বৰ্ণনা কৰিছিল।
-
হিলিনা বেৰহানু ডেগেফা
হিলিনা বেৰহানু ডেগেফা (Hilina Berhanu Degefa) (জন্ম-১৯৯২) এগৰাকী ইথিঅ'পিয়ান মহিলা অধিকাৰ কৰ্মী আৰু গৱেষক। আদিছ আবাবা আৰু মেকেলে বিশ্ববিদ্যালয়ত যুৱক-যুৱতীৰ নেতৃত্বত গঢ় লৈ উঠা নাৰীবাদী পোষকতা আৰু সৱলীকৰণ কাৰ্যসূচী দ্য ইয়েলো মুভমেণ্টৰ তেওঁ সহ-প্ৰতিষ্ঠাপক।
-
ৰুথ নেগা
ৰুথ নেগা (ইংৰাজী: Ruth Negga; জন্ম: ৪ মে’ ১৯৮২) এগৰাকী আইৰিছ অভিনেত্ৰী যিয়ে মঞ্চ আৰু চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ এটা অস্কাৰ, এটা টনি বঁটা, দুটা এমি বঁটা, তিনিটা বাফটা বঁটা, দুটা গোল্ডেন গ্ল’ব বঁটা আৰু এটা লৰেন্স অলিভিয়াৰ বঁটাৰ মনোনয়নসহ কেইবাটাও সন্মান লাভ কৰিছে।