ইটালীৰ ব্যক্তি
৪৩ প্ৰবন্ধ
-
ছিলভিয়া ফেডেৰিচি
ছিলভিয়া ফেডেৰিচি (জন্ম: ১৯৪২) হৈছে এগৰাকী ইটালী-আমেৰিকান শিক্ষাবিদ, শিক্ষয়িত্ৰী আৰু মাৰ্ক্সবাদী নাৰীবাদী কৰ্মী। তেওঁ নিউয়ৰ্কত বাস কৰে। তেওঁক মাৰ্ক্সবাদী নাৰীবাদী তত্ত্ব, নাৰীৰ ইতিহাস, ৰাজনৈতিক দৰ্শন আৰু কমনছৰ ইতিহাস আৰু তত্ত্বৰ অন্যতম মুখ্য তাত্ত্বিক হিচাপে গণ্য কৰা হয়।
-
জিউচেপা বাৰ্বাপিকোলা
জিউচেপা এলেনোৰা বাৰ্বাপিকোলা (১৭০২ – ca ১৭৪০) ইটালীৰ এজন প্ৰাকৃতিক দাৰ্শনিক, কবি আৰু অনুবাদক আছিল। ১৭২২ চনত ৰেনে ডেকাৰ্টৰ দৰ্শনৰ নীতিসমূহ ইটালীয় ভাষালৈ অনুবাদ কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
জিছেপ্পে ভেৰ্দি
জিছেপ্পে ভেৰ্দি (Giuseppe Verdi; ১০ অক্টোবৰ ১৮১৩ – ২৭ জানুৱাৰী ১৯০১) আছিল এগৰাকী ইটালীয়ান অপেৰা ৰচয়িতা। তেওঁ ১৯শ শতিকাৰ ৰোমাণ্টিক যুগৰ অন্যতম প্ৰভাৱশালী সংগীতজ্ঞ হিচাপে পৰিগণিত হয়। তেওঁৰ অপেৰাবোৰ নাটকীয়তা, সংগীতৰ গভীৰতা আৰু জনগণৰ অনুভূতিৰ সৈতে গভীৰভাবে সংযুক্ত।
-
জিয়'ভানি পিয়েৰলুইগি দা পেলেষ্ট্ৰিনা
জিয়'ভানি পিয়েৰলুইগি দা পেলেষ্ট্ৰিনা (ইটালীয়: Giovanni Pierluigi da Palestrina; জন্ম: চ. ১৫২৫ – মৃত্যু: ২ নৱেম্বৰ ১৫৯৪) এজন প্ৰখ্যাত ইটালীয় সংগীতজ্ঞ আছিল। তেওঁক ৰেনেছাঁ যুগৰ অন্যতম শ্ৰেষ্ঠ পলিফ'নিক (polyphonic) সংগীত ৰচয়িতা বুলি গণ্য কৰা হয়।
-
জ্যাক'ম' পুচ্চিনি
জ্যাক'ম' পুচ্চিনি (২২ ডিচেম্বৰ ১৮৫৮ – ২৯ নবেম্বৰ ১৯২৪) এজন ইটালীয় সংগীত সৃষ্টিকৰ্তা আছিল, যিয়ে প্ৰধানকৈ নিজৰ অপেৰাসমূহৰ বাবে জনাজাত। ভেৰ্ডিৰ পাছত ইটালীয় অপেৰাৰ আটাইতকৈ বিখ্যাত আৰু সফল প্ৰতিনিধি হিচাপে গণ্য পুচ্চিনি বাৰোক যুগৰ পৰাই সংগীতজ্ঞৰ এক দীঘল পৰম্পৰাৰ অংশ আছিল।
-
জৰ্জিয়া মেলোনি
জৰ্জিয়া মেলোনি (Giorgia Meloni; জন্ম: ১৫ জানুৱাৰী ১৯৭৭) এগৰাকী ইটালীৰ ৰাজনীতিবিদ৷ তেওঁ ২০২২ চনৰ অক্টোবৰৰ পৰা ইটালীৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
-
টেৰেচা চিচেৰী কাষ্টিগ্লিওনি
টেৰেছা চিচেৰী কাষ্টিগ্লিওনি (জন্ম: এংগেৰা, ১৫ অক্টোবৰ ১৭৫০ – মৃত্যু: কোমো, ২৯ মাৰ্চ ১৮২১) আছিল এগৰাকী ইটালীৰ উদ্ভাৱক আৰু কৃষিবিজ্ঞানী, যিয়ে তেওঁৰ ইটালী অঞ্চলত আলুৰ খেতিৰ প্ৰৱৰ্তনত সহায় কৰিছিল।
-
টেৰেছা বাণ্ডেটিনি
টেৰেছা লেণ্ডুচি বাণ্ডুচি বাণ্ডেটিনি (তেওঁৰ আৰ্কাডিয়ান নাম আমাৰিলি ইট্ৰুস্কা; ১১ আগষ্ট ১৭৬৩ – ৬ এপ্ৰিল ১৮৩৭) ইটালীয় নৃত্যশিল্পী, এক্সটেম্পৰেনিয়াছ পদ্যৰ সুৰকাৰ আৰু কবি আছিল, যাক ফিগুৰেণ্ট প'টেস্কা ("সাহিত্যিক বেলেৰিনা") হিচাপে স্মৰণ কৰা হয়।
-
ভিট্টৰিয়া আগানুৰ
ভিট্টৰিয়া আগানুৰ ( ২৬ মে' ১৮৫৫ – ৯ এপ্ৰিল ১৯১০) আৰ্মেনিয়ান বংশৰ এগৰাকী ইটালীয় কবি আছিল। তেওঁক "ঊনবিংশ শতিকাৰ কবিতাৰ সৰু কিন্তু গুৰুত্বপূৰ্ণ ব্যক্তিত্ব" বুলি গণ্য কৰা হয়।
-
মাৰিয়া ক্ৰীষ্টিনা ফাচিনি
মাৰিয়া ক্ৰীষ্টিনা ফাচিনি এগৰাকী ভূ-বিজ্ঞানী আৰু ইটালীৰ ৰাষ্ট্ৰীয় গৱেষণা পৰিষদৰ গৱেষণা পৰিচালক। তেওঁৰ অধ্যয়নত পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত এৰ'ছল আৰু ডাৱৰৰ আমাৰ বায়ুমণ্ডল আৰু জলবায়ুৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
-
মাৰিয়া পিয়া আব্ৰাচিঅ’
মাৰিয়া পিয়া আব্ৰাচিঅ’ ইটালীৰ এগৰাকী ঔষধবিজ্ঞানী যিয়ে কোষীয় পৰ্যায়ত ঔষধৰ জৈৱ-ৰাসায়নিক প্ৰভাৱৰ ওপৰত গৱেষণা কৰে। সমগ্ৰ বিশ্বতে গৱেষণা কৰি আহিছে আৰু ২০০৬ চনৰ পৰা থমছন ৰয়টাৰে সৰ্বাধিক উদ্ধৃত বিজ্ঞানী হিচাপে নাম উল্লেখ কৰা বিজ্ঞানীসকলৰ ভিতৰত অন্যতম।
-
ৰাফায়েল
ৰাফায়েল (Raffaello Sanzio da Urbino) ইটালীৰ এগৰাকী যশস্বী শিল্পী তথা স্থপতিবিদ। তেওঁৰ কৰ্মৰাজি বিশেষকৈ বিষয়বস্তুৰ স্পষ্টতা (clarity of form) তথা সৃষ্টিৰ সৰলতা (ease of composition)ৰ বাবে প্ৰসিদ্ধ।
-
ৰোজাবেল লৰেণ্টি চেলৰ্চ
ৰোজাবেল লৰেণ্টি চেলৰ্চ (ইংৰাজী: Rosabell Laurenti Sellers; জন্ম: ২৭ মাৰ্চ, ১৯৯৬) এগৰাকী আমেৰিকান-ইটালীয়ান অভিনেত্ৰী। তেওঁ শিশু ধাৰাবাহিক মিয়া এণ্ড মিৰ নামভূমিকাত কৰা অভিনয় আৰু টেলিভিছন ধাৰাবাহিক গেম অৱ থ্ৰোনছত টাইন ছেণ্ডৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।