আফ্ৰিকাৰ উপাস্য দেৱতা
১১ প্ৰবন্ধ
-
ইনকোছাজানা
ইনকোছাজানা (Inkosazana) হৈছে জুলু জনগোষ্ঠীৰ পৰম্পৰাগত দেৱী সকলৰ ভিতৰৰ এগৰাকী দেৱী, যাক উৰ্বৰতা দেৱী হিচাপে বিশ্বাস কৰা হয়। আন এগৰাকী উৰ্বৰতা দেৱী হৈছে নোমখুবুলৱানে। কিছুমান উৎসত এই দুয়োকে একে দেৱী হিচাপে ধৰা হৈছে।
-
এঞ্জামে
এঞ্জামে হৈছে একুৱেটোৰিয়েল গুৱেনা, গেবন আৰু কেমেৰুণৰ ফাং জনগোষ্ঠীৰ পৌৰাণিক কাহিনীত উল্লেখ কৰা সৰ্বোচ্চ সৃষ্টিকৰ্তা দেৱতা। এই নামটো দেৱতাৰ ত্ৰিমূৰ্তিক বুজাবলৈ ব্যৱহাৰ কৰা হয়, য'ত এঞ্জামে, মেবেৰে আৰু এংক্ৱা অন্তৰ্ভুক্ত আছিল আৰু এই ত্ৰিত্বৰ অন্যতম সদস্য এঞ্জামেকো উল্লেখ কৰা হৈছে।
-
কালুম্বা
কালুম্বা, যাক চেণ্ড’ৱে ম্ৱলাবা বুলিও কোৱা হয়, কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ লুবা জনগোষ্ঠীয়ে পূজা কৰা সৰ্বোচ্চ দেৱতা।
-
কিবুকা
কিবুকা, যাক কিবোকা বুলিও কোৱা হয়, বৰ্তমানৰ উগাণ্ডাত বাস কৰা বাগাণ্ডা জনগোষ্ঠীৰ ধৰ্মৰ বালুবালে বা দেৱতাৰ প্যান্থেয়নৰ সদস্য। তেওঁক যুদ্ধ দেৱতা বুলি ভবা হয়।
-
ন্যাম্বে
ন্যাম্বে হৈছে বিভিন্ন বাণ্টু ভাষী সংস্কৃতিত পৰম সত্তা, বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, সৰগীয় পিতৃ, সূৰ্যৰ দেৱতা আৰু সকলো জীৱৰ উৎসক বুজাবলৈ ব্যৱহাৰ কৰা নাম। তেওঁক প্ৰায়ে সৰ্বশক্তিমান, সৰ্বজ্ঞানী আৰু সবাৰো ওপৰত বুলি বৰ্ণনা কৰা হয়।
-
বেম্বা
বেম্বা (Ngala বা Pemba বুলিও জনা যায়) মালিৰ বাম্বাৰা জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্মত সৃষ্টিকৰ্তা দেৱতা। বেম্বা, এই নামটো চাৰিটা সুকীয়া সত্তা (পেম্বা, ন্যালে, ফাৰো আৰু ণ্ডোমাদিৰি)ৰে গঠিত দেৱতাক বুজাবলৈ ব্যৱহাৰ কৰা হয় আৰু কেতিয়াবা ইয়াৰ এজন সদস্য পেম্বাক বুজাবলৈও ব্যৱহাৰ কৰা হয়।
-
মুকাছা
ৰুনিয়াকিতাৰা/ৰুতাৰা ভাষাত মুগাছা নামেৰে পৰিচিত মুকাছা বাগাণ্ডা জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্মত দেৱতাৰ প্যান্থেয়ন বা বালুবালেৰ সদস্য আৰু তেওঁক সমৃদ্ধি, শস্য, উৰ্বৰতা আৰু স্বাস্থ্যৰ দেৱতা বুলি গণ্য কৰা হয়। কেইবাটাও বিৱৰণীত তেওঁক ভৱিষ্যদ্বাণী আৰু আকাশবাণীৰ সৈতেও জড়িত কৰা হৈছে।
-
মুকুৰু
মুকুৰু হৈছে নামিবিয়াৰ হিম্বা আৰু হেৰেৰো জনগোষ্ঠীৰ সৰ্বোচ্চ স্ৰষ্টা (ঈশ্বৰ)।
-
মেবেগে
মেবেগে (Nzeme আৰু Mbere বুলিও কোৱা হয়) মধ্য আফ্ৰিকান গণৰাজ্যৰ ফাং জনগোষ্ঠীৰ বিশ্বাসত প্ৰচলিত সৰ্বোচ্চ ঈশ্বৰ।
-
মৱাৰি
মৱাৰি হৈছে শোনা আৰু ভেণ্ডা জনগোষ্ঠীৰ আফ্ৰিকাৰ পৰম্পৰাগত ধৰ্ম অনুসাৰে সৰ্বোচ্চ স্ৰষ্টা দেৱতা। বিশ্বাস কৰা হয় যে মৱাৰিয়ে সকলো বস্তু আৰু সকলো জীৱনৰ সৃষ্টি কৰিছে আৰু সকলো তেওঁৰ ভিতৰতেই অৱস্থিত। এই দেৱতাৰ অনুসাৰীসকলৰ অধিকাংশেই মোজাম্বিক, দক্ষিণ আফ্ৰিকা আৰু জিম্বাবুৱেত বাস কৰে।
-
ৱয়েংগি
ৱয়েংগি নাইজেৰিয়াৰ ইজো জনগোষ্ঠীৰ সৃষ্টিকৰ্তা দেৱী৷ কিছুমান বিশেষ চিত্ৰত তেওঁক ভাগ্যৰ দেৱী বুলিও জনা যায়।