ৱয়েংগি নাইজেৰিয়াৰ ইজো জনগোষ্ঠীৰ সৃষ্টিকৰ্তা দেৱী৷১২ কিছুমান বিশেষ চিত্ৰত তেওঁক ভাগ্যৰ দেৱী বুলিও জনা যায়।৩
প্ৰতিনিধিত্ব
ইজো লোকবিশ্বাস অনুসৰি ৱয়েংগি আকাশৰ পৰা পৃথিৱীলৈ নামি আহিছিল, বজ্ৰপাত আৰু বিজুলীৰ পোহৰে তেওঁৰ আগমনৰ আগজাননী দিছিল।১৩৪ ৱয়েংগীয়ে পৃথিৱীত উদ্ভিদ আৰু প্ৰাণী সৃষ্টি কৰা নাছিল কাৰণ তেওঁৰ আবিৰ্ভাৱৰ আগতেই উদ্ভিদ আৰু প্ৰাণীৰ অস্তিত্ব আছিল, অৱশ্যে মানুহ সৃষ্টিৰ দায়িত্ব তেওঁৰ। অগব'ইনবাৰ লোকবিশ্বাসত ৱয়েংগীয়ে নিজৰ সৃষ্টি প্ৰক্ৰিয়া শেষ কৰাৰ পিছত স্বৰ্গলৈ উভতি যাব ওলাইছিল যেতিয়া অগব'ইনবাই তাইক পাইছিল।২
কিংবদন্তি
জীৱনৰ সৃষ্টি
ৱয়েংগীয়ে পৃথিৱীত আবিৰ্ভাৱ কৰাৰ আগতে কেইবাটাও বস্তুৰ উন্মেষ ঘটিছিল: এটা ইৰোকো গছ, এখন ডাঙৰ টেবুল, এখন চকী আৰু এটা সৃষ্টিৰ শিল। তাৰ পিছত, চকীখনত বহি সৃষ্টি শিলত ভৰি থৈ তাৰ পৰাই পৃথিৱীৰ মাটিৰ পৰা মানুহ সৃষ্টি কৰিবলৈ ধৰিলে। মূলতঃ এই মানুহবোৰ লিংগ নোহোৱাকৈয়ে সৃষ্টি কৰা হৈছিল। ৱয়েংগিয়ে তাই সৃষ্টি কৰা প্ৰথম মানুহবোৰক বাছি ল’বলৈ দিলে যে তেওঁলোকে পুৰুষ হ’ব নে মহিলা হ’ব। এই মানুহবোৰক পৃথিৱীত কেনেধৰণৰ জীৱন যাপন কৰিব বিচাৰে সেইটো নিৰ্ণয় কৰাৰ লগতে মৃত্যুৰ ধৰণটোও নিৰ্ণয় কৰিবলৈ কোৱা হৈছিল।১২৩৪ মিথটোৰ কিছুমান ব্যাখ্যাত মানুহে লোৱা প্ৰতিটো সিদ্ধান্তই তেওঁলোকক বেলেগ নদীৰ মুখ আৰু বাস কৰিবলৈ নতুন স্থানলৈ লৈ যাব।২
অগবয়নবাৰ মিথত ভূমিকা
অগব’ইনবাৰ মিথত অগব’ইনবা নামৰ এগৰাকী মহিলাৰ কাহিনী কোৱা হৈছিল, যিয়ে নিজৰ উপহাৰক যাদুকৰী শক্তিৰ পৰা সন্তান জন্ম দিয়ালৈ সলনি কৰিব বিচাৰিছিল, ৱয়েংগীয়ে এগৰাকী ক্ৰোধিত দেৱীৰ চৰিত্ৰত অভিনয় কৰিছিল। অগব’ইনবাৰ ইচ্ছা পূৰণ কৰিব পৰাকৈ ৱয়েংগীক লগ কৰিবলৈ যাত্ৰা কৰা অগব’ইনবাই তেওঁৰ অনুৰোধ ৱয়েংগীয়ে চমুকৈ নাকচ কৰিছিল। কিন্তু অগব’ইনবাই অটল হৈ ৱয়েংগিক এক যাদুকৰী যুদ্ধৰ বাবে প্ৰত্যাহ্বান জনায়। ৱয়েংগীয়ে অগব’ইনবাৰ সাহসত ক্ষুব্ধ হৈ পৰিল আৰু তাৰ পৰিৱৰ্তে তাইৰ ক্ষমতা কাঢ়ি লৈ গ’ল। ৱয়েংগীৰ ক্ৰোধৰ পৰা হাত সাৰিবলৈ অগব’ইনবা এগৰাকী গৰ্ভৱতী মহিলাৰ চকুলৈ পলায়ন কৰে, য’ত তেওঁ এতিয়ালৈকে আছে বুলি কোৱা হয়।১২
তথ্যসূত্ৰ
- ↑ Lynch, Patricia Ann; Roberts, Jeremy. (2010). African Mythology, A to Z. Infobase Publishing. ISBN 978-1-4381-3133-7
- ↑ Okpewho, Isidore. (1979). Poetry and Pattern: Structural Analysis of an Ijo Creation Myth. The Journal of American Folklore. পৃ. 302–325
- ↑ Woyengi · Ijo deity. Encyclopedia Britannica
- ↑ Ogboinba and the Creation Stone. Oxford Reference
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱয়েংগি” প্ৰবন্ধৰ সংশোধন ৫৭৩১৭৮ (১ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।