অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২০ মে’

ঘটনাৱলী

  • ১২৯৩জাপানৰ কামাকুৰা ভূমিকম্পত ৩০,০০০ লোকৰ মৃত্যু হয়।
  • ১৪৯৮ভাস্কো দা গামা পৃথিৱী বিখ্যাত পৰ্তুগীজ ভ্ৰমণকাৰী। তেওঁ সম্পূৰ্ণ সাগৰীয় পথেৰে প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি হিচাপে ভাৰতত উপস্থিত হয়।

জন্ম

  • ১৮৯৪চন্দ্ৰশেখৰেন্দ্ৰ সৰস্বতী, ভাৰতীয় গুৰু।
  • ১৯৩৯বালু মহেন্দ্ৰ, শ্ৰীলংকাৰ চলচ্চিত্ৰ পৰিচালক।
  • ১৯৬৪জয়ন্ত নাথ, অসমীয়া কণ্ঠশিল্পী।
  • ১৯৮১ইকাৰ কাচিলাচ্, স্পেনিচ্ ফুটবলাৰ (গ'লকীপাৰ), ২০১০ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য়।
  • ১৯৮২ইমৰাণ ফাৰহাত, পাকিস্তানী ক্ৰিকেটাৰ।

মৃত্যু

  • ১৫০৬ক্ৰিষ্টোফাৰ কলম্বাছ, এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী। তেখেতক নতুন পৃথিৱীৰ জনক হিচাপে জনা যায়।
  • ১৯৩২বিপিন চন্দ্ৰ পাল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
  • ২০১২লীলা দুবে, ভাৰতীয় শিক্ষাবিদ তথা মানৱবিজ্ঞানী।
  • ২০২৪ইব্ৰাহিম ৰইছি, ইৰানৰ ৰাষ্ট্ৰপতি। ইৰানৰ চুবুৰীয়া ৰাষ্ট্ৰ আজাৰবাইজান সীমান্তৱৰ্তী দুৰ্গম পাৰ্বত্য অঞ্চল এটাত সংঘটিত হেলিকপ্তাৰ দুৰ্ঘটনাটোত ৰাষ্ট্ৰপতি ৰইছিৰ সহিতে বৈদেশিক মন্ত্ৰী হোছেইন আমীৰাব্দুল্লহিয়ান আৰু অন্য সাতজন লোকৰ মৃত্যু হয়।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ