ৰাজকুমাৰী শ্বান্দুখ আৰ্মেনিয়াৰ এগৰাকী ৰাজকুমাৰী আৰু তেওঁৰ নাম খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা প্ৰথম আৰ্মেনিয়ান মহিলা হিচাপে লিপিবদ্ধ কৰা হৈছে।১২ তেওঁৰ পিতৃ আছিল ৰজা ছানাত্ৰুক।
জীৱন
আৰ্মেনিয়াৰ ৰজা ছানাত্ৰুকে আৱিষ্কাৰ কৰিলে যে তেওঁৰ কন্যাই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। এই কথা জানিব পাৰি তেওঁ কন্যাক অনুৰোধ কৰিলে যে তেওঁ নতুনকৈ পোৱা ধৰ্মবিশ্বাস ত্যাগ কৰি পুনৰ তেওঁৰ জন্ম ধৰ্মলৈ ঘূৰি আহক। কিন্তু তেওঁৰ এই প্ৰচেষ্টা সফল নহ’ল আৰু ক্ৰোধিত ৰজাই নিজৰ কন্যা কুমাৰী শ্বান্দুখ আৰু চেণ্ট থাডিউছ দুয়োকে কাৰাগাৰত ভৰাই কঠোৰ অত্যাচাৰৰ কৰিবলৈ আগবাঢ়ি যায়। ৰাজপ্ৰাসাদৰ গৱৰ্ণৰ আৰ্মেনিয়াৰ এজন ৰাজকুমাৰেও শ্বান্দুখক খ্ৰীষ্টান ধৰ্ম পৰিত্যাগ কৰিবলৈ বুজাবলৈ চেষ্টা কৰিছিল যদিও তাৰ পৰিৱৰ্তে তেৱোঁ শ্বান্দুখৰ দৰে খৃষ্টান ধৰ্ম বিশ্বাসহে গ্ৰহণ কৰিছিল। অৱশেষত পৰিস্থিতি আৰু সহ্য কৰিব নোৱাৰি ৰজাই চেণ্ট থাডিউছ আৰু নিজৰ কন্যা শ্বান্দুখ দুয়োকে হত্যাৰ নিৰ্দেশ দিলে, যিসকল আৰ্মেনিয়ান ৰাজপৰিয়ালৰ গ্ৰীষ্মকালীন বাসগৃহ শ্বাৱৰ্চনত শ্বহীদ হৈছিল।৩
এই কাহিনীটোৰ আন এটা সংস্কৰণ অনুসৰি, সেই মুহূৰ্তত যেতিয়া এজন সৈনিকে পৱিত্ৰ কুমাৰীৰ হৃদয়ত হত্যা কৰাৰ উদ্দেশ্যেৰে নিজৰ তৰোৱালখন ভৰাই দিছিল; লগে লগে বতাহত এটা সুখদায়ক গোন্ধ উৰি গ’ল আৰু আকাশত অগ্নিময় স্তম্ভৰ আকৃতিৰ এটা উজ্জ্বল পোহৰ দেখা গ’ল, যিটো তিনিদিন আৰু ৰাতি শ্বান্দুখৰ শৰীৰৰ ওপৰত উৰি ফুৰিছিল। এই অলৌকিক পৰিঘটনা প্ৰত্যক্ষ কৰা ২০০০ৰো অধিক ব্যক্তিয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি সেই নিশাই বাপ্তিজমত শৰণ লোৱা বুলি কোৱা হয়। চেণ্ট থাডিউছে শ্বান্দুখৰ মৃতদেহ শ্বান্দুখক ৰখা স্থানতে সমাধিস্থ কৰে। আঠ দিনৰ পিছত চেণ্ট থাডিউছক ফাঁচি দিয়া হয়।৪
তথ্যসূত্ৰ
- ↑ Geoffrey Wainwright. The Oxford History of Christian Worship. পৃ. 152
- ↑ Biwzand Eghiayean. (1993). Heroes of Hayastan: A Dramatic Novel History of Armenia. পৃ. 205
- ↑ Diana Agabeg Apcar. (2004). From the Book of One Thousand Tales. পৃ. 62
- ↑ Armenian Church Of Eastern Diocese
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজকুমাৰী শ্বান্দুখ” প্ৰবন্ধৰ সংশোধন ৫৮৭৩৮৮ (১২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।