ৰজ্মনামা (আক্ষৰিক অৰ্থ: যুদ্ধৰ গ্ৰন্থ) হৈছে মোগল সম্ৰাট আকবৰৰ সময়ত কৰা হিন্দু মহাকাব্য মহাভাৰতৰ ফাৰ্চী অনুবাদ। ১৫৭৪ চনত আকবৰে তেওঁৰ নতুন ৰাজধানী ফতেহপুৰ ছিক্ৰীত এটা মকতাব খানা বা অনুবাদ গ্ৰন্থৰ গৃহ মুকলি কৰে। তেওঁ সংস্কৃত গ্ৰন্থ ৰাজতৰংগিনী, ৰামায়ণ আৰু মহাভাৰত মোগল দৰবাৰৰ সাহিত্যিক ভাষা পাৰ্চী ভাষালৈ অনুবাদ কৰিবলৈ থাৱৰ কৰি এই কাম কেইগৰাকীমান বিষয়াৰ হাতত অৰ্পণ কৰে।১
ৰজ্মনামাৰ চাৰিখন সচিত্ৰ মোগল পাণ্ডুলিপিৰ বিষয়ে জনা যায়। ইয়াৰে এখন সম্পূৰ্ণ আৰু ই ১৫৮৪ চনৰ পৰা ১৫৮৬ চনৰ ভিতৰত ৰচিত। এই পাণ্ডুলিপিটো বৰ্তমান জয়পুৰত আছে। ইয়াত সন্নিৱিষ্ট ১৭৬খন চিত্ৰৰ ১৪৭খন ১৮৮৪ চনত থমাছ হোলবেইন হেণ্ডলীয়ে পুনৰ অংকন কৰিছিল। ইয়াৰ সৰ্বমুঠ ১৮টা ভাগৰ শেষৰ পাঁচটা অংশ ১৫৯৮ চনৰ পৰা ১৫৯৯ চনৰ ভিতৰত লিখিত। ১৯২১ চনত ই বিভক্ত হৈ ব্ৰিটিছ লাইব্ৰেৰী পায়গৈ আৰু ইয়াৰ অন্যান্য পৃষ্ঠাসমূহ সমগ্ৰ উত্তৰ আমেৰিকা, ইউৰোপ আৰু ভাৰতত বিয়পি পৰে। তৃতীয় পাণ্ডুলিপিটো 'বিৰলা পাণ্ডুলিপি' নামেৰে জনাজাত। ই কলকাতাৰ বিৰলা একাডেমী অৱ আৰ্ট এণ্ড কালচাৰত আছে। এই পাণ্ডুলিপিৰ ৰচনাকাল ১৬০৫ চন। এতিয়ালৈকে চতুৰ্থ পাণ্ডুলিপিটোৰ মাত্ৰ দুটা বা তাতকৈ অধিক ক্ষুদ্ৰ চিত্ৰ চিনাক্ত কৰা হৈছে। ইয়াক প্ৰায় ১৬১৬–১৬১৭ চনত ৰচনা কৰা হৈছিল।
অনুবাদ প্ৰক্ৰিয়া
সমসাময়িক লেখক বদৌনীয়ে মুন্তখাব আল-তাভাৰীখত অনুবাদ প্ৰক্ৰিয়াৰ বিষয়ে বৰ্ণনা কৰিছে।২ অনুবাদৰ কিছুসংখ্যক প্ৰতিলিপিত তলত দিয়া বিৱৰণ আছে:
আব্দুল-লাতিফ হুছাইনীৰ পুত্ৰ নাকিব খানে ডেৰ বছৰত [এই গ্ৰন্থখন] সংস্কৃতৰ পৰা পাৰ্চীলৈ অনুবাদ কৰিছিল। কেইবাজনো বিদ্বান ব্ৰাহ্মণে, যেনে দেৱ মিশ্ৰ, ষাতাৱধন, মধুছুদন মিশ্ৰ, চতুৰ্ভুজ আৰু শ্বায়খ ভাবন...এই কিতাপখন পঢ়ি মোক, এজন দুখীয়া দুৰ্ভগীয়া মানুহক হিন্দীত বুজাই দিলে, যিজনে পাৰ্চী ভাষাত লিখিলোঁ।২৩
প্ৰথম প্ৰতিলিপি

১৫৮২ চনত মহাভাৰতক পাৰ্চী ভাষালৈ অনুবাদ কৰাৰ আদেশ জাৰি কৰা হয়। এক লাখ (১ লাখ) শ্লোক থকা মহাভাৰতৰ অনুবাদ কাম ১৫৮৪–১৫৮৬ চনৰ সময়ছোৱাত কৰা হৈছিল।
বৰ্তমান এই গ্ৰন্থখনৰ প্ৰতিলিপি মোগল চিত্ৰশিল্পী মুছফিকৰ দ্বাৰা অংকিত বহুতো চিত্ৰৰে সৈতে জয়পুৰৰ “চিটি পেলেচ মিউজিয়াম”ত পোৱা যায়।৪ আবুল ফজলে এই ৰজমনামাৰ প্ৰস্তাৱনা লিখিছিল। ইয়াত আবুল ফজলে ১৫৮৮ খ্ৰীষ্টাব্দ তাৰিখ হিচাপে লিখিছে। খোৱাজা ইনায়াতুল্লাহে কাগজত লিখা জেইপুৰ ৰজ্মনামাত শিল্পীৰ নামেৰে সৈতে ১৬৯টা পূৰ্ণ পৃষ্ঠাৰ ক্ষুদ্ৰচিত্ৰ আছে।২ জেইপুৰ ৰজ্মনামাত আকবৰ, শ্বাহজাহান আৰু শ্বাহ আলমৰ ছীল-মোহৰ পোৱা যায়। এই পাণ্ডুলিপিত ১৬৯টা খণ্ড চিত্ৰিত কৰা হৈছে। এই প্ৰতিলিপিৰ শিল্পী আছিল বাসৱন, দাসৱন্ত আৰু লাল।৫এই ৰজ্মনামা পাণ্ডুলিপিৰ ১৪৭টা চিত্ৰ টি.এইচ. হেণ্ডলিয়ে ১৮৮৩ চনত লিখা গ্ৰন্থ মেম'ৰিয়েলছ অফ দ্য জেইপুৰ একজিবিছনত পুনৰ অংকন কৰা হৈছে।২৬
দ্বিতীয় প্ৰতিলিপি
ৰজ্মনামাৰ দ্বিতীয় প্ৰতিলিপিটো ১৫৯৮ চনৰ পৰা ১৫৯৯ চনৰ ভিতৰত সম্পূৰ্ণ হৈছিল। প্ৰথমটোৰ সৈতে তুলনা কৰিলে দ্বিতীয়টো অধিক বিশদ আৰু ইয়াত ১৬১খন চিত্ৰ আছে। হিন্দু ধৰ্মৰ বিষয়ে ভালদৰে বুজিবলৈ ৰাজপৰিয়ালৰ সদস্যসকললৈ উপহাৰ হিচাপে এই প্ৰতিলিপিসমূহ প্ৰেৰণ কৰা হৈছিল। আকবৰৰ দৰবাৰৰ সদস্য আব্দুল কাদিৰ বাদায়ুনীৰ মতে, আকবৰে তেওঁৰ ৰাজ্যৰ সকলো আমিৰলৈ প্ৰতিলিপিসমূহ পঠিয়াবলৈ নিৰ্দেশ দিছিল আৰু ইয়াক ঈশ্বৰৰ উপহাৰ হিচাপে গ্ৰহণ কৰাৰ নিৰ্দেশনা দিছিল। আকবৰৰ দৰবাৰত ইতিহাসবিদ আবুল ফজলে লিখা প্ৰস্তাৱনা অনুসৰি এই উপহাৰ আৰু ইয়াৰ বিতৰণৰ আঁৰৰ উদ্দেশ্য আছিল অতি ধৰ্মপৰায়ণ।১
তথ্যসূত্ৰ
- ↑ Rice, Yael. (28 May 2010). A Persian Mahabharata: The 1598-1599 Razmnama. Manoa. পৃ. 125–131
- ↑ By Hendly. (1883). Memorials of jeypore exhibition Volume. IV. Mapin. পৃ. 2
- ↑ Razmnamah: the Persian Mahabharata - Asian and African studies blog. blogs.bl.uk
- ↑ Kamat Research Database: The Imperial Razm Nama and Ramayana of the Emperor Akbar An Age of Splendour - Islamic Art in India. kamat.com
- ↑ Asok Kumar das. (1998). Mughal masters: Further Studies. Marg publications
- ↑ Rice, Yael. (2010). A Persian Mahabharata: The 1598-1599 Razmnama. Manoa. পৃ. 125–131
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰজ্মনামা” প্ৰবন্ধৰ সংশোধন ৬২২৯৪৩ (৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।