অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হান্না ডামাচিঅ’

হান্না ডামাচিঅ’ হৈছে সজ্ঞাত্মক স্নায়ুবিজ্ঞানৰ বিজ্ঞানী। কম্পিউটাৰাইজড ট’ম’গ্ৰাফী আৰু মেগনেটিক ৰেজোনেন্স ইমেজিং ব্যৱহাৰ কৰি তেওঁ মানুহৰ মগজুৰ গঠন অনুসন্ধানৰ পদ্ধতি উদ্ভাৱন কৰিছে আৰু ক্ষত পদ্ধতি আৰু কাৰ্য্যকৰী নিউৰ’ইমেজিং দুয়োটা ব্যৱহাৰ কৰি ভাষা, স্মৃতিশক্তি আৰু আৱেগৰ দৰে কাৰ্য্যসমূহৰ বিষয়ে…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

হান্না ডামাচিঅ’ হৈছে সজ্ঞাত্মক স্নায়ুবিজ্ঞানৰ বিজ্ঞানী। কম্পিউটাৰাইজড ট’ম’গ্ৰাফী আৰু মেগনেটিক ৰেজোনেন্স ইমেজিং ব্যৱহাৰ কৰি তেওঁ মানুহৰ মগজুৰ গঠন অনুসন্ধানৰ পদ্ধতি উদ্ভাৱন কৰিছে আৰু ক্ষত পদ্ধতি আৰু কাৰ্য্যকৰী নিউৰ’ইমেজিং দুয়োটা ব্যৱহাৰ কৰি ভাষা, স্মৃতিশক্তি আৰু আৱেগৰ দৰে কাৰ্য্যসমূহৰ বিষয়ে অধ্যয়ন কৰিছে। বৰ্তমান তেওঁ ডানা ডৰ্নচাইফ স্নায়ুবিজ্ঞানৰ অধ্যাপিকা আৰু দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ডানা আৰু ডেভিদ ডৰ্নচাইফ কগনিটিভ স্নায়ুবিজ্ঞান ইমেজিং চেণ্টাৰৰ সঞ্চালিকা।১

কেৰিয়াৰ আৰু গৱেষণা

১৯৬৯ চনত লিছবন বিশ্ববিদ্যালয়ৰপৰা চিকিৎসা বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডামাচিঅ’ই ১৯৭৬ চনত আইঅ’ৱা বিশ্ববিদ্যালয়ৰ স্নায়ুবিজ্ঞান বিভাগৰ প্ৰশিক্ষক হিচাপে শৈক্ষিক ক্ষেত্ৰখনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। দ্ৰুতগতিত শৈক্ষিক জখলা বগাই ১৯৮৫ চনত স্নায়ুবিজ্ঞান বিভাগৰ অধ্যাপিকা হয়। শৈক্ষিক নিযুক্তিৰ উপৰি ডামাচিঅ’ই ১৯৮২ চনৰপৰা ২০০৪ চনলৈকে আইঅ’ৱা বিশ্ববিদ্যালয়ৰ লেবৰেটৰী ফৰ নিউৰ’ইমেজিং এণ্ড হিউমেন নিউৰ’এনাটমীৰ সঞ্চালক হিচাপেও নিযুক্তি লাভ কৰিছিল। আইঅ’ৱা বিশ্ববিদ্যালয়ৰ এগৰাকী বিশিষ্ট এডজাণ্ট প্ৰফেচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। বৰ্তমান ডামাচিঅ' ডানা ডৰ্নচিফে স্নায়ুবিজ্ঞানৰ অধ্যাপক আৰু দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ডানা আৰু ডেভিদ ডৰ্নছিফে কগনিটিভ স্নায়ুবিজ্ঞান ইমেজিং চেণ্টাৰৰ সঞ্চালক।১

ডামাচিঅ’ই মগজুৰ প্ৰতিচ্ছবি পদ্ধতি, যেনে কম্পিউটাৰাইজড ট’ম’গ্ৰাফী আৰু নিউক্লিয়াৰ মেগনেটিক ৰেজোনেন্স ব্যৱহাৰ কৰি মগজুক প্ৰভাবিত কৰা ৰোগৰ নিদান প্ৰট’কল বৃদ্ধি কৰে।১ তেওঁৰ বৰ্তমানৰ প্ৰকল্পসমূহৰ ভিতৰত আছে: চুম্বকীয় অনুনাদ ব্যৱহাৰ কৰি মগজুৰ গঠন ইন ভিভ’ত অনুসন্ধান কৰিবলৈ নতুন কৌশল বিকশিত কৰা, পজিট্ৰন নিৰ্গমন ট’ম’গ্ৰাফী (PET)ত পৰীক্ষামূলক ফলাফলৰ মূল্যায়নৰ বাবে নতুন কৌশল বিকশিত কৰা, আৰু ক্ষত পদ্ধতি ব্যৱহাৰ কৰি ভাষা, স্মৃতিশক্তি, আৱেগ আৰু সিদ্ধান্ত গ্ৰহণৰ স্নায়ুশৰীৰ ছাবষ্ট্ৰেটৰ অনুসন্ধান কৰা।২ তেওঁৰ কামৰ ফলত অসংখ্য বৈজ্ঞানিক প্ৰবন্ধ প্ৰকাশ পাইছে যিবোৰ আগশাৰীৰ আলোচনীত প্ৰকাশ পাইছে। ১৯৮৯ চনত তেওঁ লেজন এনালাইছিছ ইন নিউৰ’চাইক’লজি (অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ) নামৰ এখন ক্লাছিক পাঠ্যপুথি প্ৰকাশ কৰে, যাৰ বাবে তেওঁ এছ’চিয়েশ্যন অৱ আমেৰিকান পাব্লিচাৰ্ছৰপৰা বায়’ এণ্ড মেডিকেল ছায়েন্সৰ বছৰৰ অসাধাৰণ কিতাপৰ বঁটা লাভ কৰে। মানৱ স্নায়ু শৰীৰবিজ্ঞানৰ প্ৰতি তেওঁৰ অবিৰত আগ্ৰহৰ ফলত তেওঁ কম্পিউটাৰ ট’ম’গ্ৰাফী ছবিৰ ওপৰত ভিত্তি কৰি মানৱ মগজুৰ প্ৰথমটো এটলাছ প্ৰস্তুত কৰে: "কম্পিউটাৰাইজড ইমেজত মানৱ মগজুৰ শৰীৰবিজ্ঞান", যিটো অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছেও প্ৰকাশ কৰে। গ্ৰন্থখন এতিয়া দ্বিতীয় সংস্কৰণত স্বীকৃতিপ্ৰাপ্ত উল্লেখ।১৩৪

তথ্যসূত্ৰ

  1. ↑ (2015). USCDornsife College of Letters, Arts and Sciences
  2. ↑ Damasio, Hanna. (2015). Curriculum Vitae
  3. ↑ Damasio, Hanna. (2005). Human Brain Anatomy in Computerized Images. Oxford University Press. ISBN 978-0195165616
  4. ↑ Damasio, Hanna; Damasio, Antonio. (1989). Lesion Analysis in Neuropsychology. Oxford University Press. ISBN 978-0195039191

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হান্না ডামাচিঅ’” প্ৰবন্ধৰ সংশোধন ৬৩১১৯৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।