সত্ৰীয়া ওজাপালি বুলি ক'লে আমি সত্ৰসমূহত প্ৰচলিত ওজাপালিকে বুজো, এই ওজাপালিৰ উৎস ব্যাহ বা ব্যাস ওজাপালি | ব্যাস ওজাপালি ৰ যি সত্ৰীয়া সংস্কৰণ সেইয়াই হৈছে সত্ৰীয়া ওজাপালি,নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত শংকৰদেৱে এই ওজাপালিৰ সহায় লৈছিল,চৰিত পুথি সমূহত এই সন্দৰ্ভত উল্লেখ আছে |
ব্যাসদেৱৰ বিষয়বস্তু বা কাহিনী লৈ সত্ৰৰ ওজাপালিয়ে নৃত্যাভিনয় কৰে,প্ৰাচীন ব্যাস ওজাপালি ৰ লগত প্ৰায়ে সকলো ক্ষেত্ৰতে ইয়াৰ মিল আছে,সেইবাবে কোৱা হয় যে সত্ৰীয়া ওজাপালিৰ জন্ম প্ৰাচীন ওজাপালিতে হয় |
সত্ৰত প্ৰচলিত এই ওজাপালি সমূহ কিছুমান স্বকীয় বৈশিষ্ট্য ৰে পৰম্পৰাগত ভাৱে প্ৰচলিত, শংকৰী আৰু দামোদৰী উভয় সত্ৰতে সাংগীতিক ক্ষেত্ৰত পাৰ্থক্য দেখা যায়, উদাহৰণস্বৰূপে শংকৰী সত্ৰত বিশেষকৈ মাজুলী ৰ কমলাবাৰী সত্ৰৰ ওজাপালি সমূহৰ সাংগীতিক শৈলীৰ স্তৰ (ক) আলাপ (খ) শ্লোক (গ)গীত (ঘ) দিহা( ঙ)থিয়পাতন( চ) ৰাগমালিতা( ছ) চৰণ (জ)বাদ্যখিয়ালী( ঝ) ধুৰা( ঞ) বানা ( ট) উপদেশ |
বৰপেটা সত্ৰৰ ওজাপালি ক্ষেত্ৰত সাংগীতিক শৈলী ক (ক) ৰাগ প্ৰকাশন (খ)নান্দীশ্লোক আবৃত্তি( গ) বৰগীত (ঘ) পালা প্ৰদৰ্শন আৰু (ঙ) সামৰণি,এই কেইটা স্তৰতহে ভাগ কৰা হয় |
কমলাবাৰী আদি সত্ৰৰ ওজাপালি ৰাগদিয়া বা আলাপৰ জৰিয়তে সংগীতৰ সূচনা কৰা হয়, শ্লোকৰ ক্ষেত্ৰত ওজাই সংস্কৃত শ্লোক আবৃত্তি কৰে, গীতৰ ক্ষেত্ৰত ওজাই হস্তসহ বন্ধা ৰাগত বৰগীত লগাই আৰু পালি সকলে খুটিতাল বজায় জুৰাফাকি আবৃত্তি কৰে,গীতৰ শেষত ওজা আৰু পালি উভয়ে দিহা গায়,থিয় পাতন স্তৰত ৰামায়ণ,মহাভাৰত বা ভাগৱতৰ পৰা 'একোপাল ' অৰ্থাৎ কেইটিমান পদ গায় |
বৰপেটা সত্ৰৰ সাংগীতিক বৈশিষ্ট্য বুলি ক'লে প্ৰথমে ৰাগ প্ৰকাশন ৰ কথা ক'ব পাৰি ৰাগ প্ৰকাশনত স্বৰ সাধনা বা সুৰ সাধনা বা আলাপৰ সমগোত্ৰীয় ওজাই ৰাগ উপস্থাপন কৰে আৰু পালি য়ে ৰাগটো দোহাৰে,এই স্তৰ টিক পাতনি গীত বোলা হয় |
আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হ'ল বৰপেটা সত্ৰৰওজাপালিয়ে কেদাৰ,কোমোদ,সুহাই,সিন্ধুৰা আদি ৰাগত গীত পদ গায়,এইবিধ ওজাপালিৰ ওজা আৰু পালি সকলে গীতপদৰ ভাব অনুসৰি নৃত্য ভংগী প্ৰদৰ্শন কৰে |
প্ৰসংগ পুথি:" ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ্য কলা "
ড° নবীন চন্দ্ৰ শৰ্মা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্ৰীয়া ওজাপালি” প্ৰবন্ধৰ সংশোধন ৩১৪১১৬ (১৪ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।