লিংগভিত্তিক অধ্যয়ন
৮ প্ৰবন্ধ
-
লিংগ বৈষম্য
লিংগৰ ভিত্তিত মানুহক সম-ব্যৱহাৰ নকৰা সামাজিক পৰিঘটনাটোৱেই হৈছে লিংগ বৈষম্য (Gender inequality)। জীৱবিজ্ঞান, মনোবিজ্ঞান বা সমাজত প্ৰচলিত সাংস্কৃতিক নীতি-নিয়মৰ সম্পৰ্কীয় পাৰ্থক্যৰ পৰাই এই বৈষম্যৰ নিৰ্মূল হ’ব পাৰে।
-
লিংগ-সমতা বিৰোধাভাস
লিংগ-সমতা বিৰোধাভাস বা লিংগ-সমতাৰ বিৰোধ (Gender-equality paradox) হৈছে লিংগ সমতা অধিক প্ৰচলিত থকা দেশসমূহত ব্যক্তিত্ব আৰু বৃত্তিৰ পছন্দৰ ওপৰত ভিত্তি কৰি পৰিলক্ষিত হোৱা বৃহৎ লিংগীক পাৰ্থক্যৰ সন্ধান।
-
লিংগ অনুসৰি মজুৰিৰ ব্যৱধান
লিংগ অনুসৰি দৰমহাৰ ব্যৱধান বা লিংগ অনুসৰি মজুৰিৰ ব্যৱধান (Gender pay gap) হ’ল কাম কৰা পুৰুষ আৰু মহিলাৰ পাৰিতোষিকৰ মাজৰ গড় পাৰ্থক্য। সাধাৰণতে মহিলাসকলক পুৰুষতকৈ কম দৰমহা পোৱা দেখা যায়। দৰমহাৰ ব্যৱধানৰ সন্দৰ্ভত দুটা সুকীয়া সংখ্যা আছে: অ-নিয়মিত (Non adjusted) বনাম নিয়মিত মজুৰিৰ (adjusted) ব্যৱধান।
-
লিংগ সমতা
লিংগ সমতা (Gender equality) বুলিলে কোনো এজন ব্যক্তিয়ে লিংগ (নাবালক ল’ৰা বা ছোৱালী আৰু সাবালক পুৰুষ বা মহিলা) নিৰ্বিশেষে জীৱনৰ সকলো ক্ষেত্ৰতে সম্পদ, সুযোগ আৰু সুৰক্ষা লাভ কৰা, অৰ্থনৈতিক কাম-কাজত অংশগ্ৰহণ আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰ সম অধিকাৰক বুজায়।
-
লিংগ তৰলতা
লিংগ তৰলতা (Gender Fluidity) হৈছে সময়ৰ লগে লগে বা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সালসলনি হোৱা এটা অনিৰ্দিষ্ট লিংগ পৰিচয়। এই তাৰতম্য লিংগ পৰিচয় বা লিংগ প্ৰকাশৰ স্তৰত ঘটিব পাৰে।
-
চাইকেল চালনা আৰু নাৰীবাদ
বহুকেইটা ক্ষেত্ৰতে বাইচাইকেলে নাৰীৰ জীৱনধাৰাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে৷ ১৮৯০ৰ দশকত আমেৰিকান আৰু ইউৰোপিয়ান সমাজক প্ৰভাৱান্বিত কৰি যোৱা বাইচাইকেলৰ উন্মাদনাৰ সময়তে নাৰীৰ সামাজিক ভূমিকাইও গুৰুত্বপূৰ্ণ প্ৰসংগ হিচাপে ঠাই পাইছে৷ এইখিনি সময়তে এই বাইচাইকেলবোৰে মহিলাক চলন-ফুৰণৰ বাবে যথেষ্ট সুবিধা প্ৰদান…
-
লিংগ পৃথকীকৰণ
লিংগ পৃথকীকৰণ ( Sex segregation) হ'ল মানুহৰ জৈৱিক লিংগ অনুসৰি শাৰীৰিক, আইনী আৰু সাংস্কৃতিক বিচ্ছেদ। লিংগ পৃথকীকৰণে বৈষম্যৰ কোনো দিশ নোহোৱাকৈ কেৱল লিংগৰ দ্বাৰা আক্ষৰিক শাৰীৰিক আৰু স্থানীয় পৃথকীকৰণক বুজায়৷ বহু পৰিস্থিতিত যৌন বিচ্ছেদ বিতৰ্কিত বিষয় হ’ব পাৰে।
-
লিংগভিত্তিক ডিজিটেল বিভাজন
লিংগভিত্তিক ডিজিটেল বিভাজন (Gender digital divide) হৈছে প্ৰযুক্তিগত পণ্য, কাৰিকৰী খণ্ড আৰু ডিজিটেল দক্ষতাৰ শিক্ষাৰ প্ৰতি সৃষ্টি হোৱা একধৰণৰ লিংগভিত্তিক পক্ষপাতিতা।