অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

যোগ (গণিত)

যোগ (Addition) (যাক প্ৰায়েই ক্ৰছ চিহ্ন "+" দ্বাৰা সূচিত কৰা হয়) হ'ল দুটা বা ততোধিক সংখ্যা লগ লগাই এটা কৰা প্ৰক্ৰিয়াৰ গাণিতিক প্ৰক্ৰিয়া। পাটিগণিতৰ চাৰিটা মৌলিক প্ৰক্ৰিয়াৰ ভিতৰত যোগ প্ৰক্তিয়া অন্যতম, আন মৌলিক প্ৰক্ৰিয়া তিনিটা হৈছে বিয়োগ, পূৰণ আৰু হৰণ। উদাহৰণ স্বৰূপে, ২ আৰু ৩ যোগ কৰিলে ৫ হয়।

হালনাগাদ: ২৫ জুন ২০২৬ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

যোগ (Addition) (যাক প্ৰায়েই ক্ৰছ চিহ্ন "+" দ্বাৰা সূচিত কৰা হয়) হ'ল দুটা বা ততোধিক সংখ্যা লগ লগাই এটা কৰা প্ৰক্ৰিয়াৰ গাণিতিক প্ৰক্ৰিয়া। পাটিগণিতৰ চাৰিটা মৌলিক প্ৰক্ৰিয়াৰ ভিতৰত যোগ প্ৰক্তিয়া অন্যতম, আন মৌলিক প্ৰক্ৰিয়া তিনিটা হৈছে বিয়োগ, পূৰণ আৰু হৰণ (গণিত)। উদাহৰণ স্বৰূপে, ২ আৰু ৩ যোগ কৰিলে ৫ হয়। অৰ্থাৎ ২টা বস্তু আৰু ৩টা বস্তু মিলি মুঠ ৫টা বস্তু হয়।

যোগ চিহ্নৰ ব্যৱহাৰ

যোগ চিহ্ন দুই বা ততোধিক সংখ্যা যোগ কৰাত ব্যৱহৃত হয়; যেনে: ২+১=৩। এয়াত ২ এক সংখ্যা আৰু যোগ চিহ্নৰ (+) সৈতে আন এটা সংখ্যা ১ যোগ কৰা হৈছে আৰু সমান চিহ্নৰ (=) দ্বাৰা তাৰ যোগফল ৩ লিখা হৈছে।

যোগ নেওতা

অসমীয়া ভাষাৰ যোগ নেওতা সমূহ বিদ্যায়তনিক ভাৱে পঢ়াৰ বা মুখস্থ কৰাৰ এক বিশেষ পদ্ধতি আছে। যেনে ১ + ১ = ২ শাৰীটো অসমীয়ত 'একে একে দুই' বুলি পঢ়া হয় বা মুখস্থ কৰা হয়। তলত অসমীয়া যোগ নেওতা লিখাৰ ধৰণটো দেখুওৱা হ'ল।

অসমীয়া যোগ নেওতা ১ আৰু ২.png
ছবি: নিপন নিয়ৰ শেনছোৱা · CC BY-SA 4.0
অসমীয়া যোগ নেওতা ৩ আৰু ৪.png
ছবি: নিপন নিয়ৰ শেনছোৱা · CC BY-SA 4.0
অসমীয়া যোগ নেওতা ৫ আৰু ৬.png
ছবি: নিপন নিয়ৰ শেনছোৱা · CC BY-SA 4.0
অসমীয়া যোগ নেওতা ৭ আৰু ৮.png
ছবি: নিপন নিয়ৰ শেনছোৱা · CC BY-SA 4.0
অসমীয়া যোগ নেওতা ৯ আৰু ১০.png
ছবি: নিপন নিয়ৰ শেনছোৱা · CC BY-SA 4.0

ধৰ্ম

  • ⟨a + b = b + a⟩
  • ⟨(a + b) + c = a + (b + c)⟩
  • ⟨a + 0 = 0 + a = a⟩ অৰ্থাৎ ০ হল যোগ প্ৰক্ৰিয়াৰ Identity element।

ব্ৰহ্মগুপ্তই তেওঁৰ ব্ৰহ্মস্ফুটসিদ্ধান্ত গ্ৰন্থত প্ৰথমে এই সূত্ৰটো লিপিবদ্ধ কৰিছিল।

সম্পৰ্কিত শ্ৰেণী

গণিত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগ (গণিত)” প্ৰবন্ধৰ সংশোধন ৬১৪৪০৩ (২৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।