অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

মিমেটাইট

মিমেটাইট হৈছে সীহৰ আৰ্চেনেট ক্লৰাইড খনিজ (Pb₅(AsO₄)₃Cl), যি সাধাৰণতে গেলেনা আৰু আৰ্চেন'পাইৰাইটৰ অক্সিডেচনৰ ফলত সীহৰ জমাত গৌণ খনিজ হিচাপে গঠন হয়। এই নামটো গ্ৰীক Μιμητής (mimetes) ৰ পৰা আহিছে, যাৰ অৰ্থ "অনুকৰণকাৰী" আৰু ই মিমেটাইটৰ খনিজ পাইৰ'মৰ্ফাইটৰ সৈতে সাদৃশ্যক বুজায়।

হালনাগাদ: ২২ মে’ ২০২৫ ২২২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মিমেটাইট হৈছে সীহৰ আৰ্চেনেট ক্লৰাইড খনিজ (Pb₅(AsO₄)₃Cl), যি সাধাৰণতে গেলেনা আৰু আৰ্চেন'পাইৰাইটৰ অক্সিডেচনৰ ফলত সীহৰ জমাত গৌণ খনিজ হিচাপে গঠন হয়। এই নামটো গ্ৰীক Μιμητής (mimetes) ৰ পৰা আহিছে, যাৰ অৰ্থ "অনুকৰণকাৰী" আৰু ই মিমেটাইটৰ খনিজ পাইৰ'মৰ্ফাইটৰ সৈতে সাদৃশ্যক বুজায়। এই সাদৃশ্য কাকতলীয়া নহয়, কাৰণ মিমেটাইটে পাইৰ'মৰ্ফাইট (Pb₅(PO₄)₃Cl) আৰু ভেনাডিনাইট (Pb₅(VO₄)₃Cl)ৰ সৈতে এটা খনিজ শৃংখলা গঠন কৰে। মাপিমি (ডুৰাংগো, মেক্সিকো) আৰু চুমেব (নামিবিয়া) আদি অঞ্চলত মিমেমাইট পোৱা যায়।১২

গঠন আৰু গুণ

নামিবিয়াত পোৱা মিমেটাইট
নামিবিয়াত পোৱা মিমেটাইটছবি: Vassil · Public domain

মিমেটাইটৰ ৰাসায়নিক সূত্ৰ Pb₅(AsO₄)₃Cl। ই সাধাৰণতে সৰু ষড়ভুজ স্ফটিক ৰূপত পোৱা যায়, যিবোৰ সোণালী হালধীয়া, বাদামী, কমলা ৰঙৰ হয়। ইয়াৰ Mohs কঠিনতা ৩.৫–৪ আৰু নিৰ্দিষ্ট মাধ্যাকৰ্ষণ ৭.১–৭.২৪। ই স্বচ্ছৰ পৰা অৰ্ধস্বচ্ছ, ৰেজিনজাত বা এডামেণ্টাইন লুষ্টাৰৰ। নাইট্ৰিক এচিডত দ্ৰৱণশীল।১২

মিমেটাইটে পাইৰ'মৰ্ফাইটৰ সৈতে সম্পূৰ্ণ কঠিন দ্ৰৱৰ শৃংখলা গঠন কৰে, য'ত ফচফেট (PO₄³⁻) আৰু আৰ্চেনেট (AsO₄³⁻) একে গঠনত স্থান সলনি কৰে। এই দুই খনিজৰ গুণ একেধৰণৰ, পৰীক্ষাগাৰৰ বাহিৰে সহজে পৃথক কৰিব নোৱাৰি। অধিকাংশ স্থানত পাইৰ'মৰ্ফাইট বেছি সাধাৰণ।১

"কেম্পাইলাইট" নামটো বক্ৰ অৰ্ধগোলাকাৰ মিমেটাইট বা পাইৰ'মৰ্ফাইট স্ফটিকৰ বাবে ব্যৱহৃত। "বেলাইট" হৈছে সম্ভৱতঃ ক্ৰ'ক'ইট, মিমেটাইট আৰু কোৱাৰ্টছৰ মিশ্ৰণৰ নাম, যি কমলা ৰঙৰ স্ফটিক ৰূপত পোৱা যায়, কিন্তু এক স্বতন্ত্ৰ খনিজ স্বীকৃত নহয়।১

সংঘটন

মিমেটাইট সাধাৰণতে সীসা আৰু আৰ্ছেনিকযুক্ত খনিজবোৰৰ সৈতে পোৱা যায়, যেনে পাইৰ'মৰ্ফাইট, চেৰুচাইট, হেমিমৰ্ফাইট, স্মিথছ'নাইট, ভেনাডিনাইট, এংগেলচাইট, পাইৰাইট, মট্ৰামাইট, উইলেমাইট আৰু উলফেনাইট। উল্লেখযোগ্য স্থানসমূহঃ

  • গিলা কাউণ্টি, এৰিজোনা, আমেৰিকা
  • ওজোকালিয়েণ্টে, জাকাটেকাছ, মেক্সিকো
  • কাম্বাৰলেণ্ড, ইংলেণ্ড
  • জোহানজেঅৰ্গেনষ্টাড, চেক্সনি, জাৰ্মানী
  • চুমেব, নামিবিয়া
  • ব্ৰকেন হিল, অষ্ট্ৰেলিয়া১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Mindat.org – Mimetite
  2. ↑ Handbook of Mineralogy

সম্পৰ্কিত শ্ৰেণী

বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিমেটাইট” প্ৰবন্ধৰ সংশোধন ৫১১৩১০ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।