অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মা ফেই ৱা

মা ফেই ৱা (বাৰ্মীজ: မဖဲဝါ, মা ফেই ৱাৰ বুলিও লিখা হয়; অৰ্থ: হালধীয়া ফিতা পৰিধান কৰা মহিলা) ম্যানমাৰৰ এক নাট (আত্মা)। তেওঁ ম্যানমাৰৰ শ্মশান আৰু সমাধিক্ষেত্ৰসমূহৰ ৰক্ষাকাৰী আত্মা হিচাপে জনা যায়। মা ফেই ৱাই শ্মশানত বাস কৰে, কিন্তু মাজনিশা তেওঁ এখন কফিন কঁকালত লৈ দীঘল চুলিৰে গাঁও-চহৰ ঘূৰি ফুৰে।

হালনাগাদ: ১ এপ্ৰিল ২০২৬ ৪০৩ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মা ফেই ৱা (বাৰ্মীজ: မဖဲဝါ, মা ফেই ৱাৰ বুলিও লিখা হয়; অৰ্থ: হালধীয়া ফিতা পৰিধান কৰা মহিলা) ম্যানমাৰৰ এক নাট (আত্মা)। তেওঁ ম্যানমাৰৰ শ্মশান আৰু সমাধিক্ষেত্ৰসমূহৰ ৰক্ষাকাৰী আত্মা হিচাপে জনা যায়।১

মা ফেই ৱাই শ্মশানত বাস কৰে, কিন্তু মাজনিশা তেওঁ এখন কফিন কঁকালত লৈ দীঘল চুলিৰে গাঁও-চহৰ ঘূৰি ফুৰে। যি ঘৰমুখত তেওঁ কফিনখন ৰাখে, সেই পৰিয়ালৰ কোনো এজন, সাধাৰণতে এটা শিশু, শীঘ্ৰেই অসুস্থ হৈ মৃত্যুমুখত পৰে বুলি বিশ্বাস কৰা হয়।

কিংবদন্তি

কোনবাউং ৰাজবংশৰ বাগ্যিদাউ ৰজাৰ শাসনকালত মা ফেই ৱাৰ আগৰ নাম মা থে উ আছিল বুলি কোৱা হয়। তেওঁ পিয়ে অঞ্চলৰ বাসিন্দা আছিল। তেওঁৰ এজন ডাঙৰ ভাই আছিল, নাম মাউং কিয়ান ছিট। তেওঁ পিয়েৰ ডিউকৰ ওচৰত লিপিকাৰ হিচাপে কৰ্মৰত আছিল। তেওঁৰ উপাধি আছিল মিন য়ে দিব্বা।২

অভিভাৱকৰ মৃত্যুৰ পাছত তেওঁ ভায়েকৰ সৈতে থাকি তেওঁৰ ওপৰত নিৰ্ভৰশীল হৈছিল। এদিন মাউং কিয়ান ছিটে পিয়েৰ ডিউকৰ বিৰুদ্ধে বিদ্ৰোহ কৰি ইৰাৱতী নদীৰ কাষেদি পলাই যায়। তেওঁলোকে বহু হ্ৰদ থকা এটা জনবসতিহীন অঞ্চলত উপস্থিত হয়। তাত তেওঁলোকে গোপনে বাস কৰিবলৈ ধৰে। মা থে উয়ে নিজৰ নাম সলনি কৰি মা ফেই ৱা ৰাখে আৰু মাউং কিয়ান ছিটে নিজৰ নাম মাউং চান হ্মে কৰে। মাছ ধৰি সিহঁতে সচ্ছল জীৱন যাপন কৰিবলৈ সক্ষম হয়।২

এটা বৰ্ষণমুখৰ ৰাতি ভায়েক তিনিদিন ধৰি ঘূৰি ফুৰি উভতি নহাত মা ফেই ৱা চিন্তিত হৈ হ্ৰদলৈ যায়। মাউং চান হ্মে মদ্যপ অৱস্থাত আছিল আৰু ভ্ৰমত নিজৰ ভনীয়েকক এটা দৈত্য বুলি ভাবি হত্যা কৰে। পাছত তেওঁ অত্যন্ত দুখিত হৈ অধিক মদ্যপান কৰিবলৈ ধৰে। তেওঁৰ সঙ্গীয়ে তেওঁক শ্বেডাগন পেগোডালৈ লৈ যায়, কিন্তু ডাঙৰ পাপৰ বাবে তেওঁ পেগোডাৰ প্ৰতিচ্ছবি দেখা নাপায়। লজ্জিত হৈ তেওঁ গাঁৱলৈ উভতি যায়।২

পিছলৈ তেওঁ ৰাগতে হ্ৰদলৈ উভতি আহি শ্বেডাগন পেগোডালৈ উৎসৰ্গ কৰাৰ বাবে লৈ যোৱা সোণৰ পাত হ্ৰদৰ খুঁটাত এৰি দিয়ে। মা ফেই ৱা এক নাট হৈ বাসস্থান নাপাই সপোনত গাঁও মঠৰ অধ্যক্ষৰ সহায় বিচাৰে। অধ্যক্ষই তেওঁক গাঁৱৰ শ্মশানত থাকিবলৈ অনুমতি দিয়ে। তেতিয়াৰ পৰা তেওঁ হালধীয়া বস্ত্ৰ পৰিধান কৰি শ্মশানৰ ৰক্ষাকাৰী আত্মা হিচাপে পৰিচিত হয়। পাছত মাউং চান হ্মেও মদ্যপানৰ ফলত মৃত্যুবৰণ কৰি নাট হয়। তেওঁ “তা-প্বে-সা মাউং চান হ্মে” নামে জনা যায় আৰু মৎস্যজীৱীয়ে পূজা কৰে।২

থাৰাৱাড্ডী মিন ৰজাই নিজৰ শাসনকালত মা ফেই ৱাক শ্মশানসমূহৰ ৰক্ষাকাৰী আত্মা হিচাপে ৰাজআদেশে স্বীকৃতি দিয়ে।২

সপোন

১৯৯০ দশকৰ শেষৰ ফালে কায়িন ৰাজ্যৰ এজন প্ৰখ্যাত বৌদ্ধ ভিক্ষু টাইন তায়াৰ ছয়াদৱাৰ সপোনত মা ফেই ৱা দেখা দিয়ে। তেওঁ কেঁচুৱাৰ মাংস খাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল বুলি কোৱা হয়। ছয়াদৱাই তেওঁক কুকুৰৰ মাংস খাবলৈ পৰামৰ্শ দিয়ে। তাৰ পিছত সন্তানোচিত সুৰক্ষাৰ বাবে বহু অভিভাৱকে নিজৰ ঘৰৰ সন্মুখত “শিশুৰ মাংস তিতা, কুকুৰৰ মাংস মিঠা” বুলি ফলক আঁৰিবলৈ আৰম্ভ কৰে।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Douglas Long. (30 October 2015). The Ghost Guide: 6 terrifying ghouls of Myanmar. The Myanmar Times
  2. ↑ (2020-04-01). ရောင်ပြန်မဂ္ဂဇင်း အမှတ် (၃၁၃): Yaung Pyan Megazines No.313. InterGlobe Technology

সম্পৰ্কিত শ্ৰেণী

বাৰ্মীজ দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মা ফেই ৱা” প্ৰবন্ধৰ সংশোধন ৫৯৯৫৪২ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।