মাৰিয়া হেলৱিগ (ইংৰাজী: Maria Hellwig; ২২ ফেব্ৰুৱাৰী ১৯২০ – ২৬ নৱেম্বৰ ২০১০) এগৰাকী জাৰ্মান য়’ডলাৰ, আলপাইন লোক-সংগীতৰ (volkstümliche Musik) জনপ্ৰিয় গায়িকা আৰু দূৰদৰ্শন উপস্থাপক।১
জীৱন
১৯২০ চনত জাৰ্মানীৰ বাভাৰিয়াৰ ৰেইট ইম উইংকলত মাৰিয়া নিউমাইয়াৰৰ (হেলৱিগ) জন্ম হয়৷ হাইনৰিখ নিউমাইয়াৰ এজন বিদ্যুত কৰ্মী আৰু তেওঁৰ মাতৃৰ নাম আছিল মাৰিয়া।২ পাঁচ বছৰ বয়সত ৰেইট ইম উইংকলৰ বাউয়াৰ থিয়েটাৰত তেওঁ প্ৰথমবাৰৰ বাবে গীত পৰিবেশন কৰে। বিদ্যালয় এৰাৰ পিছত তেওঁ দোকানৰ সহায়িকা হিচাপে কাম কৰিছিল। আজৰি সময়ত থিয়েটাৰত পৰিবেশন কৰি সংগীত শিকিছিল।
১৯৪১ চনৰ ৫ জুলাইত তেওঁ জোচেফ ফিচাৰক বিয়া কৰায় আৰু ১৯৪১ চনৰ ৫ জুলাইত তেওঁলোকৰ একমাত্ৰ সন্তান মাৰ্গট হেলৱিগৰ জন্ম হয়। তাৰ কিছু বছৰৰ পিছতে দ্বিতীয় বিশ্বযুদ্ধত যুঁজি থকাৰ সময়তে ফিচাৰৰ মৃত্যু হয়।
১৯৮০ আৰু নব্বৈৰ দশকত তেওঁ কেইবাটাও সংগীতৰ দূৰদৰ্শন অনুষ্ঠান আয়োজন কৰিছিল। ১৯৯৬ চনত মাৰিয়া প্ৰায় অন্ধ হৈ পৰে। ২০১০ চনৰ ২৬ নৱেম্বৰত জাৰ্মানীৰ বাভাৰিয়াৰ ৰুহপল্ডিঙত তেওঁৰ মৃত্যু হয়।৩
তথ্যসূত্ৰ
- ↑ Binder, Susanne. (2006). Der Musikantenstadl: alpine Populärkultur im fremden Blick. LIT Verlag Münster. পৃ. 40. ISBN 978-3-8258-9802-1
- ↑ Königlich Bayerisches Amtsgericht: Cast & Crew
- ↑ (27 November 2010). Jodelkönigin Maria Hellwig gestorben. Neue Zürcher Zeitung
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰিয়া হেলৱিগ” প্ৰবন্ধৰ সংশোধন ৪৮৫৪২৯ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।