ছিবেলী বেয়াৰ (ইংৰাজী: Sibylle Baier; জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৪৬) এগৰাকী জাৰ্মান লোক-গায়িকা আৰু অভিনেত্ৰী৷ তেওঁৰ সংগীত প্ৰতিভাই কিছু পলমকৈ স্বীকৃতি লাভ কৰিছিল৷ ১৯৭০ চনৰ আৰম্ভণিতে তেওঁ বাণীবদ্ধ কৰা গীতৰ সংকলন কালাৰ গ্ৰীণ এলবামখন ২০০৬ চনত মুক্তি পোৱাৰ লগে লগে তেওঁ স্বীকৃতি লাভ কৰে।
লিঅ'নাৰ্ড কোহেন আৰু নিক ড্ৰেকৰ ৰচনাৰ সৈতে তেওঁৰ লোক-সংগীত শৈলীক তুলনা কৰা হয়৷ তেওঁৰ সংগীত সৰলতা, আৱেগিক আন্তৰিকতা আৰু লৌকিক জীৱনৰ উল্লেখৰ বাবে পৰিচিত।১
পৃষ্ঠভূমি
সৰুতে গীটাৰ আৰু পিয়ানো বজাই ভাল পোৱা ছিবেলী বেয়াৰে বন্ধুৰ সৈতে আল্পছ পৰ্বতমালা পাৰ হৈ ষ্ট্ৰাছবাৰ্গৰ পৰা জেনোয়ালৈ ভ্ৰমণ কৰাৰ পিছত তেওঁৰ প্ৰথম গীত "ৰিমেম্বাৰ দ্য ডে" লিখিবলৈ অনুপ্ৰাণিত হয়।২
১৯৭৩ চনত উইম ৱেণ্ডাৰছৰ এলিছ ইন দ্য চিটিজ (Alice in the Cities) ছবিত অভিনয় কৰিছিল আৰু জোচেন ৰিখটাৰৰ হাগছ এণ্ড অদাৰ থিংছ (১৯৭৫, Hugs and Other Things) আৰু ৱেণ্ডাৰছৰ পালেৰ্মো শ্বুটিং (২০০৮, Palermo Shooting) নামৰ ছবিত তেওঁৰ সংগীত ব্যৱহাৰ কৰা হৈছে। পৰবৰ্তী সময়ত বেয়াৰে অভিনয় বা গায়কী কেৰিয়াৰ সমাপ্ত সিদ্ধান্ত লয় আৰু শেষত আমেৰিকালৈ গুচি যায় আৰু পৰিয়ালৰ ভৰণ-পোষণ কৰাত মনোনিৱেশ কৰে।
তেখেতৰ এলবাম কালাৰ গ্ৰীণৰ গীতসমূহ আছিল ১৯৭০ চনৰ পৰা ১৯৭৩ চনৰ ভিতৰত জাৰ্মানীত বায়াৰে নিৰ্মাণ কৰা ঘৰুৱা ৰিল-টু-ৰিল টেপ ৰেকৰ্ডিং।৩ প্ৰায় ৩০ বছৰৰ পিছত তেওঁৰ পুত্ৰ ৰবিয়ে এই ৰেকৰ্ডিংসমূহৰ পৰা এখন চিডি সংকলন কৰি ২০০৬ চনত তেওঁৰ ৬০ বছৰীয়া জন্মদিনৰ উপহাৰ হিচাপে পৰিয়ালৰ সদস্যসকলক উপহাৰ হিচাপে দিয়ে।৪ তেওঁ ডাইনোছৰ জুনিয়ৰৰ জে মেচিছকো ইয়াৰ এটা কপি দিছিল, যিয়ে পাছলৈ অৰেঞ্জ টুইন লেবেললৈ প্ৰেৰণ কৰিছিল। ২০০৬ চনৰ ফেব্ৰুৱাৰী মাহত অৰেঞ্জ টুইনে এই এলবামটো মুকলি কৰে।
জৌষ্টেন লৰেঞ্জ আৰু লুলুকৰ দৰে সমসাময়িক গায়িকা গীতিকাৰসকলৰ বাবে ছিবেলী বেয়াৰক এক প্ৰধান প্ৰভাৱ হিচাপে উল্লেখ কৰা হৈছে। ২০০৮ চনৰ এপ্ৰিল মাহত তেওঁৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে প্ৰকাশ পাইছিল যে বেয়াৰে এটা ৰেকৰ্ডিং ষ্টুডিঅ'ত সোমাইছে আৰু দুটা নতুন গীত লিখিছে। ইয়াৰে এটা গীত "লেট আছ ন'" ২০০৮ চনৰ ছেপ্টেম্বৰ মাহত পালেৰ্মো শ্বুটিং ছবিৰ বাবে মুক্তি পাইছিল।
তথ্যসূত্ৰ
- ↑ (17 February 2012). Sibylle Baier's Colour Green: An Accidental Classic
- ↑ Orange twin. Orangetwin.com
- ↑ (17 December 2006). Sibylle Baier, "Colour Green". The Boston Globe. পৃ. N 7
- ↑ (2021-07-01). Sacred Self. The Big Ponder
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিবেলী বেয়াৰ” প্ৰবন্ধৰ সংশোধন ৪৯১২০৯ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।