জাৰ্মানীৰ কণ্ঠশিল্পী
৯ প্ৰবন্ধ
-
মাৰিয়া হেলৱিগ
মাৰিয়া হেলৱিগ (ইংৰাজী: Maria Hellwig; ২২ ফেব্ৰুৱাৰী ১৯২০ – ২৬ নৱেম্বৰ ২০১০) এগৰাকী জাৰ্মান য়’ডলাৰ, আলপাইন লোক-সংগীতৰ (volkstümliche Musik) জনপ্ৰিয় গায়িকা আৰু দূৰদৰ্শন উপস্থাপক।
-
মাৰ্গট হেলৱিগ
মাৰ্গট হেলৱিগ (ইংৰাজী: Margot Hellwig; জন্ম: ৫ জুলাই ১৯৪১) এগৰাকী জাৰ্মান লোক-সংগীতৰ গায়িকা। ১৯৬৩ চনৰ পৰা ২০১০ চনত মাতৃ মাৰিয়া হেলৱিগৰ মৃত্যুৰ আগলৈকে সক্ৰিয় হৈ থকা জাৰ্মান মাতৃ আৰু কন্যা লোক-সংগীতৰ যুটিটোক মাৰিয়া এণ্ড মাৰ্গট হেলৱিগ (Maria & Margot Hellwig) নামেৰে বেছিকৈ পৰিচিত আছিল।
-
উটা ব্ৰেছান
উটা ব্ৰেছান (ইংৰাজী: Uta Bresan; জন্ম: ৯ মাৰ্চ ১৯৬৫) এজন জাৰ্মান লোক-গায়িকা আৰু দূৰদৰ্শনৰ উপস্থাপক। দুয়োখন কৰ্মক্ষেত্ৰত তেওঁৰ স্থায়ী বহুমুখী প্ৰতিভাক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
-
ছিবেলী বেয়াৰ
ছিবেলী বেয়াৰ (ইংৰাজী: Sibylle Baier; জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৪৬) এগৰাকী জাৰ্মান লোক-গায়িকা আৰু অভিনেত্ৰী৷ তেওঁৰ সংগীত প্ৰতিভাই কিছু পলমকৈ স্বীকৃতি লাভ কৰিছিল৷ ১৯৭০ চনৰ আৰম্ভণিতে তেওঁ বাণীবদ্ধ কৰা গীতৰ সংকলন কালাৰ গ্ৰীণ এলবামখন ২০০৬ চনত মুক্তি পোৱাৰ লগে লগে তেওঁ স্বীকৃতি লাভ কৰে।
-
ফাছিয়া জান্সেন
ফাছিয়া জান্সেন (ইংৰাজী: Fasia Jansen; ৬ জুন ১৯২৯ - ২৯ ডিচেম্বৰ ১৯৯৭) এগৰাকী জাৰ্মান ৰাজনৈতিক গায়ক-গীতিকাৰ আৰু শান্তি কৰ্মী আছিল।
-
বালি প্ৰেল
বালি প্ৰেল (ইংৰাজী: Bally Prell; ১৪ ছেপ্টেম্বৰ ১৯২২ – ২০ মাৰ্চ ১৯৮২) এগৰাকী জাৰ্মান পৰিবেশক, হাস্যৰসময়ী গায়িকা আৰু লোক-গায়িকা৷ তেওঁ প্ৰধানকৈ বাভাৰিয়ান ভাষাত কণ্ঠদান কৰিছিল।
-
মেনুৱেলা (গায়িকা)
ড'ৰিছ ইংগে ৱেগেনাৰ (জাৰ্মান উচ্চাৰণ: [ˈdoːʁɪs ˈɪŋə ˈʋeːɡənɐ]; ১৮ আগষ্ট ১৯৪৩ – ১৩ ফেব্ৰুৱাৰী ২০০১) এগৰাকী জাৰ্মান গায়িকা আছিল। তেওঁ মঞ্চ নাম আছিল মেনুৱেলা (Manuela)৷ এইটো নামেৰে মানুহে তেওঁক বেছিকৈ চিনি পায়৷
-
লেনা মেয়াৰ-লেণ্ডৰুট
লেনা জোহানা থেৰেজ মেয়াৰ-লেণ্ডৰুট (জন্ম ২৩ মে' ১৯৯১) এগৰাকী জাৰ্মান গায়িকা। ২০১০ চনত অস্লোত অনুষ্ঠিত হোৱা ইউৰোভিছন গীত প্ৰতিযোগিতাত জাৰ্মানীক প্ৰতিনিধিত্ব কৰাৰ পাছত তেওঁ খ্যাতি লাভ কৰে আৰু চেটেলাইট গীতটোৰে এই অনুষ্ঠানত জয়লাভ কৰে।
-
ষ্টেফানী হাৰ্টেল
ষ্টেফানী আংকে হাৰ্টেল (ইংৰাজী: Stefanie Anke Hertel; জন্ম: ২৫ জুলাই ১৯৭৯) এগৰাকী জাৰ্মান জনপ্ৰিয় সংগীত, লোক-সংগীত আৰু স্কালগাৰ সংগীতৰ গায়িকা দূৰদৰ্শনৰ উপস্থাপক আৰু প্ৰাক্তন য়’ডলাৰ।