অৰ্থনৈতিক আৰ্হি
৫ প্ৰবন্ধ
-
চ'ল'-স্বান আৰ্হি (অৰ্থনীতি)
সমষ্টিবাদী অৰ্থনীতিত চ'ল'-স্বান আৰ্হি হ'ল দীৰ্ঘকালীন অৰ্থনৈতিক বিকাশৰ এক গাণিতিক আৰ্হি। ই বিকাশ অৰ্থনীতিৰ আতাইতকৈ জনপ্ৰিয় আৰু প্ৰভাৱশালী আৰ্হিৰ অন্যতম। ১৯৫৬ চনত, অৰ্থনীতিবিদ ৰবাৰ্ট চ'ল' আৰু ট্ৰেভৰ স্বানে স্বাধীনভাৱে এই আৰ্হি আগবঢ়াইছিল।
-
গতিশীল প্ৰসম্ভাব্য সাধাৰণ সাম্যাৱস্থা আৰ্হি
গতিশীল প্ৰসম্ভাব্য সাধাৰণ সাম্যাৱস্থা আৰ্হি বা Dynamic Stochastic General Equilibrium Model সমষ্টিবাদী অৰ্থনীতিৰ এনে গাণিতিক আৰ্হি য'ত অৰ্থনৈতিক বৃদ্ধি, ব্যৱসায় চক্ৰ আৰু অৰ্থনৈতিক নীতিৰ প্ৰভাৱ আদিক সাধাৰণ সাম্যাৱস্থা তত্ত্ব আৰু ব্যষ্টিবাদী অৰ্থনীতিৰ আধাৰত বুজাবলৈ চেষ্টা কৰা হয়।
-
কবৱেব আৰ্হি
অৰ্থনীতিত কবৱেব আৰ্হিয়ে এনে বজাৰৰ পৰিস্থিতি ব্যাখ্যা কৰে য'ত উৎপাদকে পূৰ্বৰ মূল্যৰ আধাৰত বৰ্তমানৰ মূল্য নিৰ্ধাৰণ কৰিবলগীয়া হয়, সম্ভৱতঃ এই কাৰণে যে বৰ্তমানৰ চাহিদাৰ সঠিক জ্ঞান উৎপাদকৰ ওচৰত নাই। বিভিন্ন কবৱেব আৰ্হি ৰনাল্ড ক'চ, ৱাচিলি লিয়ণ্টিয়েফ আৰু নিকলাছ কালডৰৰ দৰে অৰ্থনীতিবিদে অধ্যয়ন কৰিছিল।
-
মাণ্ডেল- ফ্লেমিং আৰ্হি
সমষ্টিবাদী অৰ্থনীতিত মাণ্ডেল- ফ্লেমিং আৰ্হি (Mundell- Fleming Model), আই এছ- এল এম- বি অ' পি আৰ্হি (IS-LM-BoP Model) বা আই এছ- এল এম- বি পি (IS-LM-BP Model) আগৰ আই এছ- এল এম আৰ্হিৰ এক বিস্তৃত ৰূপ। এই আৰ্হি ৰবাৰ্ট মাণ্ডেল আৰু মাৰ্কাছ ফ্লেমিঙে তৈয়াৰ কৰিছিল।
-
ৰামচে- কাছ- কুপমান্স আৰ্হি
বিকাশ অৰ্থনীতিত ৰামচে- কাছ- কুপমান্স আৰ্হি (Ramsey- Cass- Koopmans Model) এক সৰলীকৃত আৰ্হি যি চ'ল'- স্বান আৰ্হিৰ এক অধিক জটিল ৰূপ। এই আৰ্হি অৰ্থনীতিবিদ ৰামচেই ১৯২৮ত, কাছে ১৯৬৫ত আৰু কুপমান্সে ১৯৬৫ত বিকশিত কৰিছিল। আৰ্হিটোৰ উদ্দেশ্য হ'ল দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশৰ কাৰণ আৰু গুণাগুণ ব্যাখ্যা কৰা।