

বৰ্তনী ছেদক (circuit breaker) হৈছে স্বয়ংক্ৰিয়ভাৱে ক্ৰিয়াশীল হৈ উঠা এটা বৈদ্যুতিক ছুইছ। শ্বৰ্ট ছাৰ্কিট বা অত্যধিক লোদে বৰ্তনী এটাইদি অতি-প্ৰৱাহ চালিত কৰে। সেই প্ৰৱাহে যাতে বৈদ্যুতিক যন্ত্ৰটো বা প্ৰণালীটো ক্ষতিগ্ৰস্ত নকৰে, তাৰ বাবে বৰ্তনী ছেদক ব্যৱহাৰ কৰা হয়। ইয়াৰ মূল কাম হৈছে বৈদ্যুতিক ত্ৰুটি এটা ধৰা পৰাৰ পাছত বৈদ্যুতিক প্ৰৱাহ প্ৰতিহত কৰা। এটা বৈদ্যুতিক ফিউজ এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰাই তাক ব্যৱহাৰ কৰিব নোৱাৰি। কিন্তু বৰ্তনী ছেদক এটাক স্বয়ংক্ৰিয়ভাৱে আৰু অস্বয়ংক্ৰিয়ভাৱে (manually) প্ৰণালীটোত পুন:স্থাপিত কৰি সাধাৰণ ক্ৰিয়া অব্যাহত ৰাখিব পাৰি।১
বৰ্তনী ছেদক এটা বিভিন্ন আকাৰ আৰু ৰেটিঙত উপলব্ধ। ঘৰুৱা ব্যৱহাৰযোগ্য নিম্ন বিভৱসম্পন্ন বৰ্তনীৰ পৰা আৰম্ভ কৰি এখন বৃহৎ চহৰত পোহৰযোগানৰ দায়িত্বত থকা উচ্চ বিভৱসম্পন্ন বৰ্তনীলৈকে বৰ্তনী ছেদক ব্যৱহাৰ হয়।
প্ৰকাৰ

নিম্ন বিভৱৰ
১০০০ ভল্টতকৈ কম ৰেটিঙৰ বৰ্তনী ছেদক সাধাৰণতে ঘৰুৱা, উদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়:
- ক্ষুদ্ৰাকৃতিৰ বৰ্তনী ছেদক (MCB)—১২৫ এম্পিয়েৰলৈকে উপলব্ধ। ট্ৰিপ হোৱাৰ বৈশিষ্ট্যসমূহ মিলাব নোৱাৰি। তাপীয় বা তাপ-চুম্বকীয় কাৰ্যপ্ৰণালী।২
- Molded Case Circuit Breaker (MCCB)—১৬০০ এম্পিয়েৰলৈকে উপলব্ধ। তাপীয় বা তাম-চুম্বকীয় কাৰ্যপ্ৰণালী। ট্ৰিপ কাৰেণ্ট মিলাব পাৰি।
নিম্ন বিভৱৰ ছেদকৰ বৈশিষ্ট্যসমূহ সাধাৰণে IEC947 ৰ দৰে আন্তৰাষ্ট্ৰীয় মানে নিৰ্ধাৰণ কৰে।
নিম্ন বিভৱৰ বৃহদাকাৰ ছেদকসমূহত বৈদ্যুতিক মটৰ থাকিব পাৰে যাৰ সহায়ত ৰিম'ট কণ্ট্ৰল পদ্ধতিৰে সেইবোৰ খোলা-মেলা কৰিব পাৰে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্তনী ছেদক” প্ৰবন্ধৰ সংশোধন ২৮০৬৪৫ (৬ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।