বেদ
৬ প্ৰবন্ধ
-
ঋকবেদ
ঋকবেদ হিন্দু ধৰ্মশাস্ত্ৰৰ চাৰিখন বেদৰ ভিতৰত প্ৰথমখন বেদ। ঋকবেদ বৈদিক সাহিত্যৰ সৰ্বপ্ৰাচীন আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ গ্ৰন্থ। বেদমন্ত্ৰসমূহৰ ভিতৰত যিবোৰ মন্ত্ৰ ছন্দোবদ্ধ আৰু একো একোটি পূৰ্ণ অৰ্থৰ প্ৰকাশক, সেই মন্ত্ৰবোৰকে ঋক বুলি জনা যায়। ঋকবেদ বা ঋকবেদ সংহিতা হ’ল এনে ঋকৰ সংকলন।
-
বেদ
বেদ (वेद) হৈছে হিন্দুধৰ্মৰ সৱাতোতকৈ পুৰণি ধৰ্ম গ্ৰন্থ। বেদ শব্দৰ অৰ্থ হৈছে জ্ঞান, ভাৰতীয় বিশ্বাস অনুযায়ী বেদসমূহ অপৌৰুষেয়, ইয়াৰ কোনো ৰচক নাই। পৰম্পৰা অনুসৰি ব্যাস মুনি হৈছে বেদৰ সংকলক, তেখেতে চাৰিপ্ৰকাৰৰ মন্ত্ৰক একেলগ কৰি বেদ সংকলন কৰিছিল।
-
অথৰ্ববেদ
অথৰ্ববেদ হিন্দু ধৰ্মশাস্ত্ৰৰ চাৰিখন বেদৰ ভিতৰত শেষৰখন বেদ। ইয়াৰ আদি নাম আছিল অথৰ্বাংগিৰস বেদ। অথৰ্ববেদক ব্ৰহ্মবেদ বুলিও জনা যায়। এই বেদত মুঠতে ২০ টা কাণ্ড, ৩৮ টা প্ৰপাঠক, ৯০ টা অনুবাক, ৭৩০ টা সুক্ত আৰু ৬০০০ মন্ত্ৰ আছে।
-
যজুৰ্বেদ
যজুৰবেদ হিন্দুধৰ্মৰ প্ৰধান শাস্ত্ৰ চাৰিখন বেদৰ অন্যতম এখন বেদ। বৈদিক যুগৰ সভ্যতা আৰু সংস্কৃতি অধ্যয়নৰ ক্ষেত্ৰত যজুৰবেদ অপৰিহাৰ্য। প্ৰতিলোম, অনুলোম, চাৰিবৰ্ণ, জাতিভেদ, অনাৰ্য জাতিৰ নাম, জীৱিকা, কুটীৰ শিল্প, আদিবাসী সকলৰ ধৰ্ম আদি বহু গুৰুত্বপূৰ্ণ তথ্য যজুৰবেদত উপলব্ধ।
-
সামবেদ
সামবেদ হিন্দুধৰ্মৰ প্ৰধান শাস্ত্ৰ চাৰিখন বেদৰ অন্যতম। সামবেদ ঋকবেদৰ প্ৰায় সমসাময়িকভাৱে ৰচিত। ৭৫ টা মানৰ বাহিৰে সামবেদৰ প্ৰায় সকলোবোৰ শ্লোক বা মন্ত্ৰই ঋকবেদত আছে। পাৰ্থক্য ইমানেই যে সামবেদত সেই সকলোবোৰ শ্লোক গীতসহিত আছে। অন্য অৰ্থত যিবোৰ মন্ত্ৰক সুৰেৰে গোৱা হয় সেইবোৰকে সাম বুলি জনা যায়।
-
বৈদিক পৰিষদ
বৈদিক পৰিষদ বা পৰিষদ (সংস্কৃত: परिषद) প্ৰাচীন ভাৰতৰ বিদ্বান ব্ৰাহ্মণ আৰু পণ্ডিতসকলৰ এখন পৰিষদ আছিল। ইয়াক ব্ৰহ্মাসভা বুলিও জনা যায়। বৈদিক পৰিষদৰ নেতৃত্বত আছিল এজন মুখ্য ন্যায়াধীশ, যাক ধৰ্মাধিকাৰিণ বুলি কোৱা হৈছিল। বৈদিক আৰু ব্ৰাহ্মণ্য যুগত ই প্ৰায়ে এক ধৰ্মীয় দৰবাৰ ৰূপে কাৰ্য্য কৰিছিল।