নিহন শ্ব'কি (日本書紀, "জাপানৰ ইতিবৃত্ত") জাপানী ইতিহাসৰ দ্বিতীয় আটাইতকৈ পুৰণি গ্ৰন্থ। এই গ্ৰন্থক নিহংগি (日本紀, "জাপানী ইতিবৃত্ত") নামেৰেও জনা যায়। এই গ্ৰন্থ কজিকিতকৈ দীঘল। ইতিহাসবিদ আৰু প্ৰত্নতত্ত্ববিদৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এক গ্ৰন্থ, যিহেতু ই জাপানৰ ইতিহাসৰ আতাইতকৈ বিস্তৃত আৰু সম্পূৰ্ণ বিৱৰণ দাঙি ধৰে। নিহন শ্ব'কিৰ লেখন ৭২০ খ্ৰীষ্টাব্দত সমাপ্ত হৈছিল। এই গ্ৰন্থ ৰাজকুমাৰ ট'নেৰিৰ তত্ত্বাৱধানত আৰু অ ন' য়াচুমাৰ'ৰ সহায়ত লিখা হৈছিল। গ্ৰন্থখন সম্ৰাজ্ঞী গেঞ্চ'ক অৰ্পণ কৰা হৈছিল।১
নিহন শ্ব'কিৰ আৰম্ভণিতে এক জাপানী সৃষ্টিৰ কাহিনী পোৱা যায়। বিশ্বৰ সৃষ্টি আৰু প্ৰথম ৭ প্ৰজন্মৰ এই কাহিনী আৰম্ভ হয় কুনিন'ট'কাটাচি নামৰ দিব্য পুৰুষৰ পৰা। ৰ্ক'জিকিৰ দৰেই তাৰ পাছত কেইবাটাও কাহিনী গ্ৰন্থখনত পোৱা যায়, কিন্তু তাৰ পাছত ইয়াত অষ্ঠ শতিকেলৈকে জাপানৰ ইতিহাসৰ বৰ্ণনা কৰা হয়। এই গ্ৰন্থত সম্ৰাট টেঞ্জি, সম্ৰাট টেনমু আৰু সম্ৰাজ্ঞী জিটৰ শাসনৰ সঠিক বৰ্ণনা প্ৰদান কৰা হৈছে বুলি বিশ্বাস কৰা হয়। নিহন শ্ব'কিত ভাল শাসকৰ সুকৰ্ম আৰু বেয়া শাসকৰ কুকৰ্মৰ বিষয়ে বিশেষ ধ্যান দিয়া হৈছে। গ্ৰন্থখনত কাল্পনিক কাল আৰু আন দেশৰ সৈতে কূটনৈতিক সম্বন্ধৰ বিষয়েও উল্লেখ আছে। নিহন শ্ব'কি ধ্ৰুপদী চীনা ভাষাত লিখা হৈছিল, যিহেতু সেই সময়ত জাপান দেশত এই ভাষাতেই প্ৰায় আনুষ্ঠানিক কাম-কাজ কৰা হৈছিল। তাৰ বিপৰীতে, ক'জিকি ধ্ৰুপদী চীনা ভাষাৰ লগতে, কিছু কিছু টাইত জাপানী ভাষাতো লিখা হৈছিল। জাপানী ভাষাৰ প্ৰয়োগ পিচে প্ৰায় নাম আদিৰ উচ্চাৰণৰ ক্ষেত্ৰত অসুবিধা নহ'বলৈহে কৰা হৈছিল। ক'জিকিৰ বিপৰীতে নিহন শ্ব'কিৰ কেইবাটাও অংশত
তথ্যসূত্ৰ
- ↑ Aston, William George. (July 2005). Nihongi: Chronicles of Japan from the Earliest Times to AD 697. Tuttle Publishing. পৃ. xv. ISBN 978-0-8048-3674-6, from the original Chinese and Japanese
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিহন শ্ব'কি” প্ৰবন্ধৰ সংশোধন ৩০৭৪১৭ (২৪ নৱেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।