অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

নিতম্ব-সন্ধি প্ৰতিস্থাপন

নিতম্ব-সন্ধি প্ৰতিষ্ঠাপন হৈছে এক শল্যচিকিৎসা প্ৰণালী য'ত নিতম্ব বা শ্ৰোণীৰ বিসংগতিযুক্ত যোৰা কৃত্ৰিম প্ৰত্যাৰোপকৰ (implant) দ্বাৰা প্ৰতিষ্ঠাপন কৰা হয়। ইয়াত যোৰাটো আংশিক বা সম্পূৰ্ণৰূপে প্ৰতিষ্ঠাপন কৰা হ'ব পাৰে। বাতৰ বিষ নিৰাময় বা হাড় ভগা নিৰাময়ৰ বাবে এনে চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২১ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

নিতম্ব-সন্ধি প্ৰতিষ্ঠাপন হৈছে এক শল্যচিকিৎসা প্ৰণালী য'ত নিতম্ব বা শ্ৰোণীৰ বিসংগতিযুক্ত যোৰা কৃত্ৰিম প্ৰত্যাৰোপকৰ (implant) দ্বাৰা প্ৰতিষ্ঠাপন কৰা হয়। ইয়াত যোৰাটো আংশিক বা সম্পূৰ্ণৰূপে প্ৰতিষ্ঠাপন কৰা হ'ব পাৰে। বাতৰ বিষ নিৰাময় বা হাড় ভগা নিৰাময়ৰ বাবে এনে চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে। সম্পূৰ্ণ প্ৰতিষ্ঠাপনৰ ক্ষেত্ৰত কঁকালৰ "এচিটাবুলাম" (acetabulum) নামৰ হাড়ডাল আৰু উৰ্বস্থিৰ (femor) ওপৰাংশ - দুয়োটাৰে আৰু আংশিক প্ৰতিষ্ঠাপনত অকল উৰ্বস্থিৰ ওপৰাংশ প্ৰতিষ্ঠাপন কৰা হয়।

প্ৰয়োজনীয়তা

নিতম্ব-সন্ধি প্ৰতিষ্ঠাপনৰ সকলোতকৈ সাধাৰণ কাৰণটো হৈছে অষ্টিঅ'আৰ্থৰাইটিছ (osteoarthritis)। ইয়াৰ উপৰিও ৰিউমেটইড আৰ্থাৰাইটিছ (rheumatoid arthritis), ট্ৰমেটিক আৰ্থাৰাইটিছ

(traumatic arthritis), হাড় ভগা, হাড়ৰ টিউমাৰ হাড়ৰ পেগেটছ ডিজিজ (Paget's disease), এংক্লীয়'ছিং স্পণ্ডিলাইটিছ (ankylosing spondylitis) আৰু জুভেনাইল ৰিউমেটইড আৰ্থাৰাইটিছ (juvenile rheumatoid arthritis) আদিৰ বাবেও ইয়াৰ প্ৰয়োজন হ'ব পাৰে। সাধাৰণতে ইয়াক বিষ নিৰাময়ৰ শেষ প্ৰচেষ্টা হিচাবে ব্যৱহাৰ কৰা হয়।

আশংকাসমূহ (Risks)

সকলো অস্থি প্ৰতিষ্ঠাপনৰ পৰা হ'ব পৰা জটিলতা - হাড়ৰ বিস্থাপন, সন্ধি ঢিলা হোৱা, খুন্দা খোৱা,সংক্ৰমণ, অষ্টিঅ'লাইছিছ, ধাতু সংবেদনশীলতা, নাৰভ পালছি, যন্ত্ৰণা আৰু মৃত্যু - আদি নিতম্ব সন্ধি প্ৰতিষ্ঠাপনৰ ক্ষেত্ৰতো প্ৰযোজ্য।

সম্পৰ্কিত শ্ৰেণী

চিকিৎসা পদ্ধতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিতম্ব-সন্ধি প্ৰতিস্থাপন” প্ৰবন্ধৰ সংশোধন ৩০১৫৮৬ (২৮ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।