দুৰ্বল আন্তঃক্ৰিয়া বা দুৰ্বল নিউক্লীয় বল হৈছে 'নিউক্লীয় পদাৰ্থবিজ্ঞান' আৰু 'কণিকা পদাৰ্থবিজ্ঞান'ৰ চাৰিটা পৰিচিত মৌলিক আন্তঃক্ৰিয়াৰ ভিতৰৰ এটা; বাকী তিনিটা হ’ল বিদ্যুতচুম্বকত্ব, প্ৰবল আন্তঃক্ৰিয়া আৰু মাধ্যাকৰ্ষণ। এইটো হৈছে উপ পৰমাণু কণিকাৰ মাজত সংঘটিত হোৱা এক ক্ৰিয়া, যিয়ে ৰেডিঅ’এক্টিভ ক্ষয়ৰ বাবে দায়ী: দুৰ্বল আন্তঃক্ৰিয়া নিউক্লীয় বিভাজন আৰু নিউক্লীয় সংযুক্তিকৰণত অংশ গ্ৰহণ কৰে। এই ক্ৰিয়াটোৰ আচৰণ আৰু প্ৰভাৱ বৰ্ণনা কৰা তত্ত্বক কেতিয়াবা কুৱাণ্টাম ফ্লেভাৰ-ডাইনামিক্স (QFD) বুলি কোৱা হয়; যদিও এই শব্দটো কম ব্যৱহৃত হয়, কাৰণ দুৰ্বল বলক অধিক সঠিকভাৱে ইলেক্ট্ৰ'উইক আন্তঃক্ৰিয়া (EWT)-ৰ দ্বাৰা বুজা হয়।১
দুৰ্বল বলৰ প্ৰভাৱৰ পৰিসৰ খুবেই কম — এইটো প্ৰ'টনৰ ব্যাসতকৈও কম।২
তথ্যসূত্ৰ
- ↑ Griffiths, David. (2009). Introduction to Elementary Particles. Wiley. পৃ. 59–60. ISBN 978-3-527-40601-2
- ↑ Schwinger, Julian. (1957-11-01). A theory of the fundamental interactions. Annals of Physics. পৃ. 407–434
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুৰ্বল আন্তঃক্ৰিয়া” প্ৰবন্ধৰ সংশোধন ৫১৩৯৯৩ (৩১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।