অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

দীৰ্ঘম্যাদী ক'ভিড

দীৰ্ঘদিনীয়া ক’ভিড বা দীৰ্ঘম্যাদী ক’ভিড হৈছে ক’ভিড-১৯ সংক্ৰমণৰ প্ৰাৰম্ভিক সময়ৰ পিছতো স্থায়ী বা বিকশিত হোৱা স্বাস্থ্যজনিত সমস্যাৰ এটা গোট। লক্ষণসমূহ সপ্তাহ, মাহ বা বছৰ ধৰি থাকিব পাৰে আৰু প্ৰায়ে ভুক্তভোগীক দুৰ্বল কৰি তোলে।

হালনাগাদ: ২৮ জুন ২০২৫ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

দীৰ্ঘদিনীয়া ক’ভিড বা দীৰ্ঘম্যাদী ক’ভিড হৈছে কৰ'নাভাইৰাছ ৰোগ ২০১৯ সংক্ৰমণৰ প্ৰাৰম্ভিক সময়ৰ পিছতো স্থায়ী বা বিকশিত হোৱা স্বাস্থ্যজনিত সমস্যাৰ এটা গোট। লক্ষণসমূহ সপ্তাহ, মাহ বা বছৰ ধৰি থাকিব পাৰে আৰু প্ৰায়ে ভুক্তভোগীক দুৰ্বল কৰি তোলে। বিশ্ব স্বাস্থ্য সংস্থাই দীঘলীয়া ক’ভিডক প্ৰাথমিক ক’ভিড-১৯ সংক্ৰমণৰ তিনিমাহৰ পিছত আৰম্ভ হোৱা বুলি সংজ্ঞায়িত কৰিছে যদিও আন সংস্থাসমূহে প্ৰাৰম্ভিক সংক্ৰমণৰ চাৰি সপ্তাহৰ পিছত আৰম্ভ হোৱা বুলি সংজ্ঞায়িত কৰিছে

এক বৃহৎ সংখ্যক লক্ষণ দীৰ্ঘম্যাদী ক’ভিডৰ বৈশিষ্ট্য যিবোৰ কেতিয়াবা নোহোৱা হৈ যায় আৰু তাৰ পিছত পুনৰ দেখা দিয়ে। মূল লক্ষণসমূহ হ’ল ক্লান্তি, স্মৃতিশক্তিৰ সমস্যা, উশাহ লোৱাত কষ্ট পোৱা, আৰু টোপনিৰ বিকাৰ।১২৩ মূৰৰ বিষ, মানসিক স্বাস্থ্যজনিত সমস্যা, প্ৰাৰম্ভিক গোন্ধ বা সোৱাদ হেৰুৱা, পেশীৰ দুৰ্বলতা, জ্বৰ, আৰু জ্ঞানমূলক অক্ষমতা আদিও দেখা দিব পাৰে।১৩ মানসিক বা শাৰীৰিক কষ্টৰ পিছত লক্ষণসমূহ প্ৰায়ে বেছি বেয়া হয়, যিটো প্ৰক্ৰিয়াক 'ব্যায়ামৰ পিছৰ অসুস্থতা' (post-exertional malaise) বোলা হয়।১ ইয়াৰ লক্ষণসমূহ মায়েল্‌জিক এন্‌চেফেল'মাইলাইটিছ/ক্ৰনিক ফেটিগ্‌‌ ছিনড্ৰম (ME/CFS)ৰ লক্ষণসমূহৰ লগত প্ৰায় একে।

দীৰ্ঘদিনীয়া ক’ভিডৰ কাৰণসমূহ এতিয়াও সম্পূৰ্ণৰূপে বুজা হোৱা নাই। অংগ আৰু ৰক্তবাহী নলীৰ স্থায়ী ক্ষতি, তেজ গোট মৰাৰ সমস্যা, স্নায়ুজনিত বিসংগতি, স্থায়ী ভাইৰাছ বা সুপ্ত ভাইৰাছৰ পুনৰ সক্ৰিয়কৰণ আৰু স্ব-অসংক্ৰাম্যতাক কাৰক হিচাপে প্ৰস্তাৱ কৰা হৈছে। সন্দেহজনক বা নিশ্চিত ক’ভিড-১৯ সংক্ৰমণ বা লক্ষণৰ ওপৰত ভিত্তি কৰি আৰু বিকল্প ৰোগ বাদ দি দীৰ্ঘদিনীয়া ক’ভিডৰ ৰোগনিৰ্ণয় কৰা হয়।৪৫

২০২৪ চনলৈকে দীৰ্ঘদিনীয়া ক’ভিডৰ প্ৰাদুৰ্ভাৱ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত প্ৰায় ৬–৭%, আৰু শিশুৰ ক্ষেত্ৰত প্ৰায় ১% বুলি অনুমান কৰা হৈছে।৬ ক'ভিড-১৯ টিকাকৰণৰ পিছত ইয়াৰ প্ৰাদুৰ্ভাৱ কম হয়।৭ অধিক বয়স, মহিলা, হাঁপানী ৰোগ থাকিলে, আৰু প্ৰাৰম্ভিকভাৱে অধিক ভয়াৱহ ক’ভিড-১৯ সংক্ৰমণ হ'লে ইয়াৰ আশংকা বেছি।২ ২০২৩ চনৰ তথ্য অনুসৰি ইয়াৰ কোনো বৈধ ফলপ্ৰসূ চিকিৎসা নাই।১ দীৰ্ঘদিনীয়া ক’ভিডৰ ব্যৱস্থাপনা লক্ষণৰ ওপৰত নিৰ্ভৰ কৰে। ক্লান্তিৰ বাবে জিৰণি লোৱা আৰু ব্যায়ামৰ পিছৰ অসুস্থতাৰ বাবে পেচিং কৰাটো বাঞ্ছনীয়। গুৰুতৰ লক্ষণ থকা লোক বা ICU ত থকা লোকক বিশেষজ্ঞৰ দলৰ যত্নৰ প্ৰয়োজন হ’ব পাৰে।৮ ৪ সপ্তাহত লক্ষণ দেখা পোৱা বেছিভাগ লোকেই ১২ সপ্তাহৰ ভিতৰত সুস্থ হৈ উঠে। ১২ সপ্তাহতো অসুস্থ থৈ থাকিলে আৰোগ্য লেহেমীয়া হয়।৮ ME/CFSৰ মাপকাঠী পূৰণ কৰা লোকৰ বাবে লক্ষণসমূহ আজীৱন থাকিব পাৰে।

বিশ্বজুৰি ৪০ কোটিৰো অধিক লোকে দীৰ্ঘম্যাদী ক’ভিডত ভুগিছে। বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ ১% ক্ষতিৰ বাবে দীৰ্ঘম্যাদী ক’ভিড দায়ী হ’ব পাৰে।৬

অতিৰিক্ত পঠন

সাধাৰণ

গ্ৰন্থ

বৈজ্ঞানিক প্ৰবন্ধ

  • (October 2020). Long COVID: let patients help define long-lasting COVID symptoms. Nature. পৃ. 170
  • (August 2020). Track COVID-19 sickness, not just positive tests and deaths. Nature. পৃ. 170
  • (December 2020). Finding the 'right' GP: a qualitative study of the experiences of people with long-COVID. BJGP Open. Royal College of General Practitioners. পৃ. bjgpopen20X101143
  • (June 2020). Helen Salisbury: When will we be well again?. BMJ. পৃ. m2490
  • (12 May 2022). Researching long COVID: addressing a new global health challenge. NIHR Evidence
  • The Lancet Infectious Diseases. (August 2023). Where are the long COVID trials?. The Lancet. Infectious Diseases. পৃ. 879

তথ্যসূত্ৰ

  1. ↑ (20 July 2023). Long COVID or post-COVID conditions. Centers for Disease Control and Prevention, US Department of Health and Human Services
  2. ↑ (November 2022). Global Prevalence of Post-Coronavirus Disease 2019 (COVID-19) Condition or Long COVID: A Meta-Analysis and Systematic Review. The Journal of Infectious Diseases. পৃ. 1593–1607
  3. ↑ (May 2022). Prevalence of post-acute COVID-19 syndrome symptoms at different follow-up periods: a systematic review and meta-analysis. Clinical Microbiology and Infection. পৃ. 657–666
  4. ↑ (16 December 2022). Post-COVID Conditions: Information for Healthcare Providers. Centers for Disease Control and Prevention
  5. ↑ (September 2023). Identification and diagnosis of long COVID-19: A scoping review. Progress in Biophysics and Molecular Biology. পৃ. 1–7
  6. ↑ (August 2024). Long COVID science, research and policy. Nature Medicine. পৃ. 2148–2164
  7. ↑ (2023). Effect of covid-19 vaccination on long covid: systematic review. BMJ Medicine. পৃ. e000385
  8. ↑ (September 2022). Long covid-an update for primary care. BMJ. পৃ. e072117

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীৰ্ঘম্যাদী ক'ভিড” প্ৰবন্ধৰ সংশোধন ৫২১২৬৩ (২৮ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।