অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টেড্ৰ'ছ আথানাম গাব্ৰেয়েছুছ

টেড্ৰ'ছ আথানাম গাব্ৰেয়েছুছ ( ইংৰাজী: Tedros Athanam Gabreyesus জন্ম ৩ মাৰ্চ ১৯৬৫ ) এজন ইথিওপিয়ান স্বাস্থ্যবিদ আৰু জনগৱেষক। ২০১৭ চনৰ পৰা তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। টেড্ৰছ হৈছে এই পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকান ইউনিয়নে স্বীকৃতি লাভ কৰিছে।

হালনাগাদ: ২৬ জুলাই ২০২৫ ২১৬ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

টেড্ৰ'ছ আথানাম গাব্ৰেয়েছুছ ( ইংৰাজী: Tedros Athanam Gabreyesus জন্ম ৩ মাৰ্চ ১৯৬৫ ) এজন ইথিওপিয়ান স্বাস্থ্যবিদ আৰু জনগৱেষক। ২০১৭ চনৰ পৰা তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। টেড্ৰছ হৈছে এই পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকান ইউনিয়নে স্বীকৃতি লাভ কৰিছে। প্ৰধান সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পূৰ্বে তেওঁ ইথিওপিয়া চৰকাৰৰ দুটা উচ্চ পদবীত আছিল। ২০০৫ চনৰ পৰা ২০১২ চনলৈ স্বাস্থ্য মন্ত্ৰী আৰু ২০১২ চনৰ পৰা ২০১৬ চনলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী।

শৈশৱ জীৱন আৰু শিক্ষা

ইথিওপিয়াৰ আছমাৰাত (বৰ্তমান ইৰিত্ৰিয়াত) টেড্ৰছৰ জন্ম হৈছিল আধানম গেব্ৰেইছাছ আৰু মেলাছু ৱেল্ডেগাবিৰৰ ঘৰত। তেওঁৰ পৰিয়ালৰ উৎপত্তি তিগ্ৰেৰ এণ্ডেৰটা আৱৰাজ্জাৰ পৰা। টেড্ৰছে মনত পেলাইছিল যে সৰুতে তেওঁ মেলেৰিয়াৰ ফলত হোৱা দুখ-কষ্ট আৰু মৃত্যুৰ বিষয়ে অতি সচেতন আছিল। তেওঁৰ সৰু ভাতৃৰ মৃত্যু হৈছিল তিনি-চাৰি বছৰ বয়সত, সম্ভৱতঃ মিজিলছৰ দৰে প্ৰতিৰোধযোগ্য ৰোগত, যিটো টেড্ৰছে প্ৰায়ে বিশ্ব স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত এক সংজ্ঞায়িত ব্যক্তিগত অভিজ্ঞতা হিচাপে আলোচনা কৰে। ১৯৮৬ চনত টেড্ৰছে আছমাৰা বিশ্ববিদ্যালয়ৰ পৰা জীৱবিজ্ঞানত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিনত অধ্যয়ন কৰি ১৯৯২ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা সংক্ৰামক ৰোগৰ ইমিউন’লজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০০০ চনত নটিংহাম বিশ্ববিদ্যালয়ৰ পৰা কমিউনিটি হেল্থত দৰ্শনত ডক্টৰেট ডিগ্ৰী লাভ কৰে টিগ্ৰে অঞ্চলত মেলেৰিয়া সংক্ৰমণৰ ওপৰত বান্ধৰ প্ৰভাৱৰ ওপৰত গৱেষণা।

তথ্য উৎস

১. বিশ্ব স্বাস্থ্য সংস্থা, World Health Organization ৱেবছাইটৰ পৰা আহৰণ কৰা হৈছে:

২. Biography World health organization World leader Colombia/ Biography/ Dr. Tedros পৰা আহৰণ কৰা:

সম্পৰ্কিত শ্ৰেণী

ইথিঅ'পিয়াৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেড্ৰ'ছ আথানাম গাব্ৰেয়েছুছ” প্ৰবন্ধৰ সংশোধন ৫২৭৫৭৩ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।