অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জৰ্জ ছান্তায়ানা

জৰ্জ ছান্তায়ানা (George Santayana) বিশ্ব সাহিত্য আৰু দৰ্শন শাস্ত্ৰত এক পৰম বিষ্ময়।

হালনাগাদ: ২৭ ছেপ্তেম্বৰ ২০২১ ৩১০ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জৰ্জ ছান্তায়ানা (George Santayana) বিশ্ব সাহিত্য আৰু দৰ্শন শাস্ত্ৰত এক পৰম বিষ্ময়।

জন্ম আৰু বংশ পৰিচয়

এক স্পনিচ পৰিয়ালত ১৮৬৩ চনৰ ডিচেম্বৰ মাহত মাদ্ৰিদ চহৰৰ জৰ্জ ছান্তায়ানাৰ জন্ম হয়। জন্মত আছিল তেওঁ কেথুলিক আৰু স্পেনিচ। শিক্ষাত আছিল সংস্কাৰ বাদী আৰু আমেৰিকান। এজন আধা আমেৰিকান বুলি খ্যাত ছান্তায়ানাই কিন্তু জীৱনৰ শেষ দিনলৈ স্পেইন দেশীয় নাগৰিকত্বৰ চিনাকি কঢ়িয়াই লৈ ফুৰিছিল। প্ৰকৃততে আমেৰিকাৰ সৈতে তেওঁৰ দুই ফালৰ পৰা তেজৰ সম্বন্ধ আছিল। তেওঁৰ সতিয়া ভাই ভনী বোৰেই কেৱল আমেৰিকান নাছিল। মাকৰ ফালৰ ককাক স্পেইন পৰা ক্ৰমশ স্কটলেণ্ড হৈ আহি আমেৰিকাৰ ভাৰ্জিনিয়াত নিগাজিকৈ থাকিবলৈ লৈছিল। ভাৰ্জিনিয়াতে মাকৰ শৈশৱ কাল পাৰ হৈছিল। দুটা বিভক্ত পৰিয়ালৰ কৰুণ স্মৃতিৰে জৰ্জৰ শৈশৱকাল বিজড়িত।১

শিক্ষা

জৰ্জে বোষ্টেনতে প্ৰথমে বোষ্টেন লেটিন স্কুলত তেওঁ ইংলিছ ভাষাবেছ আয়ত্ত কৰিলে আৰু উচ্চ নম্বৰ লৈ হাভাৰ্ডত ভৰ্তি হয়। কিন্তু বুষ্টেন চহৰে তেওঁক খুব ভয় খুৱাইছিল, অকলশৰীয়া কৰি তুলিছিল আৰু নিৰাপত্তহীনতাত ভোগাইছিল, অভিজাত মানুহখিনিৰ মাজত নিজক কিবা এক ভুচুং পহু বুলি অনুভৱ কৰিব ধৰিলে। এই অবিমিশ্ৰ প্ৰতিক্ৰিয়াশীল তেওঁৰ লিখনিত ধৰা দিলে- ধৰ্মীয় সংস্কাৰ বাদৰ,উদাৰতাৰ আৰু বাণিজ্য বাদ,ভদ্ৰ ঐতিহ্যবাদ আৰু নৈতিকতা বাদ বিৰুদ্ধে সুতীব্ৰ প্ৰগতিবাদী ওকালতি হিচাপে।২

সাহিত্যৰাজি

১৮৮০ চনৰ হাৰ্ভাদৰ বৌদ্ধিক পৰিমণ্ডলত এক আন্দোলিত হিল্লোল তোলা বিষয়বস্তু আছিল " পিউৰিটানিজম' বা শুচিবায়ুগ্ৰস্ত ধৰ্মীয় সংস্কাৰ বাদৰ বিপৰীতে এক উদৰ আৰু বৈজ্ঞানিক "প্ৰগেমেটিজম" সৃষ্টি কৰা। তাৰেই ফল হল ছান্তায়ানাৰ মনোৰম উপন্যাস "দ্য লাষ্ট পিউৰিটান।" ১৮৯৯ চনত হাৰ্ভাদৰ পৰা তেওঁ দৰ্শনত ডক্তৰেট উপাধি লয় আৰু এজন শিক্ষক হিচাপে তাত থাকিবলৈ লয়। শেষলৈ তেওঁ এজন অধ্যাপকলৈ পদোন্নতি হয়। ইয়াৰ আগতে তেওঁ চাৰ্লচ আগষ্টাছ ষ্টঙৰ সৈতে যুটীয়াভাৱে "ৱাকৰ বৃত্তি" লাভ কৰিবলৈ সক্ষম হয়। ১৯৩৬ চনত তেওঁৰ উপন্যাস "দ্য লাষ্ট পিউৰিটান " প্ৰকাশিত হয়। ১৯৪৪ ৰ পৰা ১৯৫৩ লৈ প্ৰকাশিত হয় তিনিটা খণ্ডত লিখিত আত্মজীৱনী " পাছ্নছ এণ্ড প্লে চেজ।" ১৯০৩ ৰ পৰা ১৯০৬ লৈ প্ৰকাশিত হয় " লাইফ অৱ ৰিজন।" ১৯২৭ ৰ পৰা ১৯৪০ ৰ ভিতৰত প্ৰকাশিত হয় " ৰিলমচ অৱ বিং।" জীৱন কালত তেওঁ সৰু বৰ প্ৰায় পঁচিশখন গন্থ প্ৰণয়ন কৰিছিল।৩

মৃত্যু

১৯৫২ চনত জীৱনৰ শেষ আশ্ৰয়থল ৰোম - নগৰীত জৰ্জ ছান্তায়ানাৰ জীৱন নাটৰ শেষ যৱনিকা পৰে। ৪

তথ্যসূত্ৰ

  1. ↑ বিশ্ব সাহিত্যত বৰেণ্য প্ৰতিভা: অনন্য সৃষ্টি জৰ্জ ছান্তায়ানা -(বিনন্দি ৰাম দাস)- প্ৰথম প্ৰকাশ: নৱেম্বৰ, ২০০২
  2. ↑ বিশ্বসাহিত্যত বৰেণ্য প্ৰতিভা: অনন্য সৃষ্টি জৰ্জ ছান্তায়ানা -(বিনন্দি ৰাম দাস)- প্ৰথম প্ৰকাশ: নৱেম্বৰ, ২০০২
  3. ↑ বিশ্ব সাহিত্যত বৰেণ্য প্ৰতিভা: অনন্য সৃষ্টি জৰ্জ ছান্তায়ানা -(বিনন্দি ৰাম দাস)- প্ৰথম প্ৰকাশ: নৱেম্বৰ, ২০০২
  4. ↑ বিশ্বসাহিত্যত বৰেণ্য প্ৰতিভা: অনন্য সৃষ্টি জৰ্জ ছান্তায়ানা -(বিনন্দি ৰাম দাস)- প্ৰথম প্ৰকাশ: নৱেম্বৰ, ২০০২

সম্পৰ্কিত শ্ৰেণী

স্পেইনৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৰ্জ ছান্তায়ানা” প্ৰবন্ধৰ সংশোধন ৩০১২১৫ (২৭ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।