জুলিয়ানা (জুলি) ওমনুকপন ওমোইফো অক (Juliana (Julie) Omonukpon Omoifo Okoh, জন্ম-উবিয়াজা, ৫ আগষ্ট ১৯৪৭) এগৰাকী নাইজেৰিয়ান নাট্যকাৰ, শিক্ষাবিদ আৰু নাৰীবাদী কৰ্মী যি ২০০৪ চনৰ পৰা ২০১৭ চনলৈকে প'ৰ্ট হাৰক'ৰ্ট বিশ্ববিদ্যালয়ৰ নাট্য তত্ত্বৰ অধ্যাপিকা আছিল৷ সমাজৰ নাৰী সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰা তেওঁৰ নাটসমূহৰ ভিতৰত আছে-দ্য মেনেকিনছ (১৯৯৭), এডৱেড (২০০০) আৰু ক্ল’জড ড’ৰ্ছ (২০০৭)।১ ২ ৩ফুলব্ৰাইটৰ পণ্ডিত আৰু ২০১১ চনত ছ'চাইটি অৱ নাইজেৰিয়ান থিয়েটাৰ আৰ্টিষ্ট (SONTA)ৰ পৰা তেওঁ জীৱনজোৰা কৃতিত্ব বঁটা লাভ কৰে।
জীৱনী
নাইজেৰিয়াৰ দক্ষিণৰ ইডো ৰাজ্যৰ উবিয়াজাত জন্মগ্ৰহণ কৰা জুলিয়ানা ওমোনুকপন ওমোইফো অগাস্টিন আজামুওইছা ওম’ইফো, এগৰাকী শিক্ষক আৰু আদালতৰ কেৰাণী৷ তেওঁৰ মাক এগৰাকী চিলাইকাৰী আৰু ষ্ট’ৰ মেনেজাৰ। সামান্য ঘৰত ডাঙৰ-দীঘল হোৱা জুলি আঠটা সন্তানৰ পৰিয়ালত পঞ্চমজনী আছিল। তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই সাংস্কৃতিকভাৱে সক্ৰিয় আছিল৷ তেওঁৰ পিতৃয়ে সংগীত ভাল পাইছিল আৰু গীটাৰ বজাইছিল৷ আনহাতে মাক এগৰাকী পৰম্পৰাগত গল্পকাৰ আছিল যিয়ে ইখিঅ' নৃত্য-নাটকত অংশগ্ৰহণ কৰিছিল।৪৫ প'ৰ্ট হাৰক'ৰ্ট বিশ্ববিদ্যালয়ৰ শিক্ষাৰ বিশেষজ্ঞ অধ্যাপক জোচেফ ড'নাটাছ অক' (জন্ম ১৯৪১)ৰ সৈতে তেওঁৰ বিবাহ হয়।৬ তেওঁলোকৰ চাৰিটা সন্তান আছে।৪
তথ্যসূত্ৰ
- ↑ Ohoh, Julie (Prof). Directory of Nigerian Female Authors
- ↑ Imo, Edward Egbo. (2018). The "Chauvinistic" Men of Julie Ohoh: Victins of Feminist Bias. Journal of Gender and Power, Vol. 10, No. 2
- ↑ Fasoranti, Abiola Olubunmi, Abiola. (2011). A Study of Julie Okoh as a Nigerian Female Playwright-Director. The Performer, Vol. 13. পৃ. 58–66
- ↑ Ekeikhomen Ejeke, Philomena. (30 October 2012). Citation on Professor Juliana Omonukpon Omoifo Okoh in Towards Feminist Theatre in Nigeria. University of Port Harcourt. পৃ. 95-
- ↑ (Jr.), Kevin J. Wetmore. (2019). Representing Africa in the Motherland and the Diaspora: Essays on Theatre, Dance, Music and Cinema. Cambridge Scholars Publishing. পৃ. 53–. ISBN 978-1-5275-2606-8
- ↑ Celebrating our teacher & mentor @ 70: essays in honour of Professor Joseph Donatus Okoh. WorldCat
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুলি অক'” প্ৰবন্ধৰ সংশোধন ৪৯১২৬২ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।