অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

গৰুগাড়ী

গৰুগাড়ী হ'ল বলদ গৰুৰ দ্বাৰা চালিত দুটা বা চাৰিটা চকাৰ বাহন। ই হৈছে প্ৰাচীন কালৰে পৰা বিশ্বৰ বহু অংশত ব্যৱহৃত পৰিবহণৰ মাধ্যম। য'ত আধুনিক বাহনসমূহ অতি ব্যয়বহুল বা আন্তঃগাঁথনি গৰুগাড়ীৰ বাবে সুবিধাজনক তেনে ঠাইত বৰ্তমানেও ইয়াক ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ১০ মে’ ২০২৬ ৩৯১ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

গৰুগাড়ী হ'ল বলদ গৰুৰ দ্বাৰা চালিত দুটা বা চাৰিটা চকাৰ বাহন। ই হৈছে প্ৰাচীন কালৰে পৰা বিশ্বৰ বহু অংশত ব্যৱহৃত পৰিবহণৰ মাধ্যম। য'ত আধুনিক বাহনসমূহ অতি ব্যয়বহুল বা আন্তঃগাঁথনি গৰুগাড়ীৰ বাবে সুবিধাজনক তেনে ঠাইত বৰ্তমানেও ইয়াক ব্যৱহাৰ কৰা হয়।

গৰুগাড়ী বিশেষকৈ সামগ্ৰী পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ই এটা বা একাধিক গৰুৰ দ্বাৰা চালিত হয়। গাড়ীখন এটা বা একাধিক গৰুৰ দেহত সংযোজিত কৰা হয়। চালক আৰু আন কোনো যাত্ৰীয়ে গৰুগাড়ীখনৰ সন্মুখত বহে আৰু পিছৰ অংশটোত মাল আদি বোজাই কৰা হয়। পৰম্পৰাগতভাৱে, এই বোজাইসমূহ আছিল সাধাৰণতে কৃষিজাত সামগ্ৰী আৰু কাঠ।

ইতিহাস

বাহন ব্যৱহাৰৰ প্ৰথম সংকেত প্ৰায় ৪৪০০ খ্ৰীষ্টপূৰ্বৰ। পৰিবহণৰ বাবে ব্যৱহাৰ কৰিব পৰা আটাইতকৈ পুৰণি কাঠৰ চকা পোৱা খ্ৰীষ্টপূৰ্ব ৩৩২৫±১২৫-ত দক্ষিণ ৰাছিয়াত পোৱা গৈছে।১ উত্তৰ সাগৰ আৰু মেছোপটেমিয়াৰ মাজত খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দৰ মাজভাগৰ পৰা চকাত চলাচল কৰা বাহনৰ প্ৰমাণ পোৱা যায়। সম্ভৱতঃ প্ৰাচীনতম বাহনসমূহ হৈছে গৰুগাড়ী।২ ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত অতীজৰে পৰা গৰুগাড়ী ব্যৱহাৰৰ প্ৰমাণ পোৱা যায়।

অষ্ট্ৰেলিয়া

ইংলেণ্ডত ৰাফেল টক এণ্ড ছনছৰ দ্বাৰা ছপা কৰা এক ৰঙীন পোষ্টকাৰ্ডত গৰুগাড়ী
ইংলেণ্ডত ৰাফেল টক এণ্ড ছনছৰ দ্বাৰা ছপা কৰা এক ৰঙীন পোষ্টকাৰ্ডত গৰুগাড়ীছবি: Oilette · Public domain

অষ্ট্ৰেলিয়াত গৰুগাড়ীসমূহক বুলক ড্ৰাই বুলি কোৱা হৈছিল। ইয়াৰ চাৰিটা চকা আছিল আৰু ইয়াক সাধাৰণতে বহু পৰিমাণৰ বোজা বহন কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। ২০ বা তাতকৈ অধিক গৰু/বলদৰ দ্বাৰা ইয়াক টনা হৈছিল।

এইসমূহ গ্ৰামাঞ্চলৰ পৰা প্ৰধান চহৰ আৰু বন্দৰসমূহলৈ উৎপাদিত সামগ্ৰী পৰিবহণৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল। অষ্ট্ৰেলিয়াৰ আকাৰৰ বাবে এই যাত্ৰাবোৰত প্ৰায়েই বহু দিন আৰু কেতিয়াবা কেইবা সপ্তাহো লয়।

কোষ্টা ৰিকা

কোষ্টা ৰিকাত গৰুগাড়ী আছিল দৈনন্দিন জীৱন আৰু বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ দিশ আছিল। বিশেষকৈ ১৮৫০ আৰু ১৯৩৫ চনৰ মাজৰ সময়ছোৱাত ই এক অনন্য নিৰ্মাণ আৰু সাজ-সজ্জাৰ পৰম্পৰা আছিল।৩ কোষ্টা ৰিকাৰ শোভাযাত্ৰা আৰু পৰম্পৰাগত উদযাপন পৰম্পৰাগত গৰুগাড়ীৰ অবিহনে সম্পূৰ্ণ নহয়।

১৯৮৮ চনত, পৰম্পৰাগত গৰুগাড়ীক কোষ্টা ৰিকাৰ চৰকাৰৰ দ্বাৰা ৰাষ্ট্ৰীয় কৰ্মৰ প্ৰতীক হিচাপে ঘোষণা কৰা হয়।

২০০৫ চনত, "কোষ্টা ৰিকাৰ গোপালন আৰু গৰুগাড়ীৰ পৰম্পৰা" ইউনেস্ক'ৰ মানৱ জাতিৰ অস্পৰ্শনীয় সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিনিধিত্বমূলক তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।

ইণ্ডোনেছিয়া

ইণ্ডোনেছিয়াৰ গ্ৰাম্য অঞ্চলত সামগ্ৰী আৰু লোক পৰিবহণৰ বাবে গৰুগাড়ী ব্যৱহাৰ কৰা হয়, কিন্তু ইণ্ডোনেছিয়াত গৰুগাড়ীৰ সলনি হৰিছকাৰ ব্যৱহাৰক প্ৰাধান্য দিয়া হয়। ইণ্ডোনেছিয়াত এটা গৰুগাড়ীৰ চালকক ড্ৰাইভাৰক বেজিঙান বুলি কোৱা হয়।

মালয়েছিয়া

মটৰগাড়ী প্ৰৱৰ্তন হোৱাৰ আগতে মালয়েছিয়াত গৰুগাড়ীৰ ব্যাপক প্ৰচলন আছিল আৰু বৰ্তমানেও ইয়াক বহুল পৰিমাণে ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত যাত্ৰীবাহী গৰুগাড়ীও আছিল আৰু এইসমূহ বৰ্তমান সময়ত বিশেষকৈ পৰ্যটকৰ বাবে ব্যৱহাৰ কৰা হয়।৪ যাত্ৰীবাহী গাড়ীসমূহ সাধাৰণতে ৰ'দ আৰু বৰষুণৰ পৰা সুৰক্ষিত হ'বলৈ চালিৰে সৈতে সাজু কৰা হয় আৰু সততে সুন্দৰভাৱে সজোৱা হয়।৫৬

উত্তৰ কোৰিয়া

উত্তৰ কোৰিয়াত গৰুগাড়ীক ডালগুজি বুলি কোৱা হয়। ইন্ধনৰ অভাৱৰ বাবে উত্তৰ কোৰিয়াত এতিয়াও ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয়। সম্ভৱতঃ কৃষি আৰু সামৰিক উভয়তে দৈনন্দিন পৰিবহণৰ বাবে ব্যৱহাৰ কৰা ইয়েই হৈছে অন্তিমখন দেশ।

তথ্যসূত্ৰ

  1. ↑ Holm, Hans J. J. G. (2019): The Earliest Wheel Finds, their Archaeology and Indo-European Terminology in Time and Space, and Early Migrations around the Caucasus. Series Minor 43. Budapest: ARCHAEOLINGUA ALAPÍTVÁNY
  2. ↑ David W. Anthony, The Horse, the Wheel, and Language: How Bronze-Age Riders from the Eurasian Steppes Shaped the Modern World. Princeton University Press, 2010 p461
  3. ↑ www.guiascostarica.com/cr13.htm{{Dead link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }} La carreta típica
  4. ↑ Melacca government Portal - Menaiki Kereta Lembu.
  5. ↑ Passenger bullock cart outside Malaysia Museum.
  6. ↑ Historical picture of bullock cart in Malaysia.

সম্পৰ্কিত শ্ৰেণী

পৰিবহণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৰুগাড়ী” প্ৰবন্ধৰ সংশোধন ৬০৫৭৩৬ (১০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।