অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

গ্ৰুপ ৮ (ছুইডেন)

গ্ৰুপ ৮ (ছুইডিছ: Grupp 8) আছিল ছুইডেনৰ এটা প্ৰভাৱশালী নাৰীবাদী সংগঠন, যিটো ১৯৬৮ চনত ষ্টকহোমত আঠগৰাকী মহিলাই প্ৰতিষ্ঠা কৰিছিল। সংগঠনটোৱে বিভিন্ন নাৰীবাদী দাবী আৰু বিষয়ত কণ্ঠস্বৰ প্ৰকাশ কৰিছিল, যেনে—ডে কেয়াৰ চেণ্টাৰ (কিণ্ডাৰগাৰ্টেন) সম্প্ৰসাৰণ, ছয় ঘণ্টাৰ কৰ্মদিন, সমান কামৰ বাবে সমান দৰমহা আৰু…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

গ্ৰুপ ৮ (ছুইডিছ: Grupp 8) আছিল ছুইডেনৰ এটা প্ৰভাৱশালী নাৰীবাদী সংগঠন, যিটো ১৯৬৮ চনত ষ্টকহোমত আঠগৰাকী মহিলাই প্ৰতিষ্ঠা কৰিছিল। সংগঠনটোৱে বিভিন্ন নাৰীবাদী দাবী আৰু বিষয়ত কণ্ঠস্বৰ প্ৰকাশ কৰিছিল, যেনে—ডে কেয়াৰ চেণ্টাৰ (কিণ্ডাৰগাৰ্টেন) সম্প্ৰসাৰণ, ছয় ঘণ্টাৰ কৰ্মদিন, সমান কামৰ বাবে সমান দৰমহা আৰু পৰ্ণগ্ৰাফীৰ বিৰোধিতা। প্ৰথম অৱস্থাত ষ্টকহোমত ভিত্তি কৰি আৰম্ভ হ’লেও পিছলৈ সমগ্ৰ ছুইডেনতে ইয়াৰ স্থানীয় শাখা গঢ় লৈ উঠে। যদিও ২০০০-ৰ দশকৰ আৰম্ভণিতে গ্ৰুপ ৮ ভংগ হয়, তথাপি ছুইডেনৰ-নাৰীবাদী আন্দোলনত ইয়াৰ প্ৰভাৱ আজিও অনুভৱ কৰা যায়।১

উৎপত্তি

১৯৬৮ চনত বাৰ্ব্ৰো বেক বাৰ্গাৰ, বিৰ্গিটা বলিণ্ডাৰ, গানেল গ্ৰেনলিড, বিৰ্গিটা শ্বানেবাৰ্গ, গ্ৰেটা ছ’ৰলিন, উল্লা থৰ্প, অনিতা থিয়ৰেল আৰু আছা আকাৰষ্টেডে মিলি গ্ৰুপ ৮ প্ৰতিষ্ঠা কৰে। ইয়াৰ পূৰ্বে ১৯৬৭ চনৰ আশে-পাশে উপছালা বিশ্ববিদ্যালয়ৰ মহিলা সাহিত্য প্ৰকল্পৰ সৈতে জড়িত সাহিত্য পণ্ডিত কেৰিন ৱেষ্টমেন বাৰ্গে লিংগ সমতা বিষয়ক এখন সন্মিলনৰ আয়োজন কৰিছিল, য’তেই এই আঠগৰাকী মহিলাই প্ৰথমবাৰৰ বাবে লগ পাইছিল।

১৯৭০ চনলৈ সংগঠনটোৰ সদস্য সংখ্যা ১৬ জনলৈ বৃদ্ধি পায়। তেওঁলোকে “ব্যক্তিগতেই ৰাজনৈতিক” (The personal is political) শ্লোগানৰ অধীনত কাম আৰম্ভ কৰে, যাৰ লক্ষ্য আছিল নাৰীৰ ব্যক্তিগত অভিজ্ঞতাক সামাজিক আৰু ৰাজনৈতিক বিষয় হিচাপে স্বীকৃতি দিয়া।২ ষ্টকহোমত আত্মপ্ৰকাশৰ চাৰি বছৰৰ ভিতৰতে সমগ্ৰ দেশতে প্ৰায় ৪৩টা সৰু সৰু গোট গঢ় লৈ উঠে, প্ৰতিটো গোটত প্ৰায় ১০ জনকৈ সদস্য আছিল। মালমোত প্ৰায় ৩৫ জন সদস্যৰে এটা বৃহৎ শাখাও গঠন কৰা হৈছিল।২

নাৰীবাদী সমতাৰ তুলনামূলক চিত্ৰ

১৯৬০ আৰু ১৯৭০-ৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ অন্যান্য দেশত নাৰীবাদী আন্দোলনৰ ধাৰা একে নহয়। আমেৰিকাত নাৰীবাদী আন্দোলনে প্ৰধানকৈ কৰ্মক্ষেত্ৰৰ বৈষম্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। সেই সময়ত মাত্ৰ ৩৮% মহিলাই কৰ্মসংস্থাপন লাভ কৰিছিল আৰু অধিকাংশই শিক্ষকতা, নাৰ্ছিং বা সচিবালয়ৰ কামত নিয়োজিত আছিল। এই লিংগ বৈষম্যৰ বিৰুদ্ধে বেটি ফ্ৰাইডানকে ধৰি কেইগৰাকীমান মহিলাই ‘National Organization for Women’ (NOW) প্ৰতিষ্ঠা কৰে।

ব্ৰিটেইনত নাৰীবাদ প্ৰথমে সামাজিক পৰিসৰত সীমাবদ্ধ আছিল যদিও ১৯৭০-ৰ দশকত ই আমূল পৰিৱৰ্তনকামী নাৰীবাদৰ দিশে আগবাঢ়ে। পেনি ৱেলচৰ মতে সমাজবাদী নাৰীবাদীসকল পুঁজিবাদ আৰু পুৰুষ আধিপত্য—দুয়োটাকেই প্ৰত্যাহ্বান জনাবলৈ সচেতন আছিল।৩

এই দুয়োখন দেশৰ তুলনাত ছুইডেনৰ-নাৰীবাদীসকলে শক্তিশালী গণ আন্দোলন অবিহনেও বহু নীতি-ভিত্তিক সাফল্য লাভ কৰে। ১৯৮৪ চনত ছুইডেনক বিশ্বৰ আটাইতকৈ সফল সমতাভিত্তিক দেশ হিচাপে আখ্যা দিয়া হৈছিল।২

প্ৰভাৱ

১৯৭১ চনত গ্ৰুপ ৮-এ পুনৰ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উদ্‌যাপন আৰম্ভ কৰে আৰু নিজৰ আলোচনী Kvinnobulletinen প্ৰকাশ কৰে। ১৯৭২ চনৰ ৮ এপ্ৰিলত ষ্টকহোমৰ Moderna Museetত “নাৰী” শীৰ্ষক এখন প্ৰদৰ্শনীৰ আয়োজন কৰে। সেই বছৰেই বিত্তমন্ত্ৰী গানাৰ ষ্ট্ৰেঙে গ্ৰহণ কৰা এখন নীতিগত সিদ্ধান্ত সলনি কৰাত গ্ৰুপ ৮-ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।৪

১৯৭৩ চনত ‘শ্ৰেণী সংগ্ৰাম’-ক অধিক গুৰুত্ব দিব লাগে বুলি ভবা সদস্যসকল পৃথক হৈ Arbetets kvinnor (শ্ৰমিক মহিলা) নামৰ সংগঠন গঠন কৰে। ১৯৭০-ৰ দশকৰ শেষলৈ গ্ৰুপ ৮-ৰ প্ৰভাৱ কিছু পৰিমাণে হ্ৰাস পায় যদিও আজিৰ ফেমিনিষ্ট ইনিচিয়েটিভ আৰু ROKS-ক ইয়াৰ আদৰ্শগত উত্তৰাধিকাৰী বুলি ধৰা হয়।৫

তথ্যসূত্ৰ

  1. ↑ (9 April 2015). Feminist Initiative shakes up politics in Sweden and Norway. BBC News. BBC
  2. ↑ Gelb, Joyce. (1989). Feminism and Politics: A Comparative Perspective. University of California Press
  3. ↑ Strands of Feminist Theory. University of Wolverhampton
  4. ↑ (1986). Unfinished Democracy: Women in Nordic Politics. University of Illinois Press
  5. ↑ ROKS সম্পৰ্কে. roks.se

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদী সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰুপ ৮ (ছুইডেন)” প্ৰবন্ধৰ সংশোধন ৬৩১৫২৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।