ক্ৰ'ৱেচিয়াৰ নাৰীসকল (Women in Croatia) মুঠ জনসংখ্যাৰ আধা অংশৰ প্ৰতিনিধি আৰু তেওঁলোকে আধুনিক ক্ৰ'ৱেচিয়ান সংস্কৃতিত বহুলাংশে পুৰুষৰ সমান।
২০১১ চনৰ ক্ৰ'ৱেচিয়াৰ লোকপিয়ল অনুসৰি ক্ৰ'ৱেচিয়াত মুঠ জনসংখ্যাৰ ৪,২৮৪,৮৮৯গৰাকীৰ ভিতৰত ২,২১৮,৫৫৪ গৰাকী মহিলা।১
জন্মৰ সময়ত ক্ৰ'য়েচিয়াত লিংগ অনুপাত প্ৰতি ১.০৬ জন পুৰুষৰ বিপৰীতে ১গৰাকী মহিলা৷ এই পৰিসংখ্যা চৌধ্য বছৰ বয়সলৈকে প্ৰযোজ্য৷ আনহাতে ১৫বছৰৰ পৰা ৬৪ বছৰৰ মাজৰ বয়সক্ৰমৰ ক্ষেত্ৰত লিংগ অনুপাত হৈছে প্ৰতি ১ গৰাকী মহিলাৰ বিপৰীতে ০.৯৯ পুৰুষ।কিন্তু ৬৪ বছৰৰ ঊৰ্ধৰ বয়সত এই অনুপাত প্ৰতি ১ গৰাকী মহিলাৰ বিপৰীতে ০.৬৪ পুৰুষ। মুঠ জনসংখ্যাৰ ক্ষেত্ৰত লিংগৰ অনুপাত প্ৰতি ১ গৰাকী মহিলাৰ বিপৰীতে ০.৯৩ পুৰুষ।২ক্ৰ’ৱেচিয়াত মহিলাৰ প্ৰত্যাশিত আয়ুস হৈছে ৮০.১ বছৰ (২০১২)।
২০০৯ চনত ক্ৰ’ৱেচিয়াত ৪৪,৫৭৭ টা শিশু জীৱিত অৱস্থাত জন্ম হৈছিল, য’ত ২২,৮৭৭ জন ল'ৰা আৰু ২১,৭০০ টা কন্যা শিশু আছিল। এই সকলোবোৰেই চিকিৎসালয়ত সম্পন্ন কৰা হৈছিল৷ অন্যান্য ঠাইত মাত্ৰ ৩৪টা শিশুহে জন্ম হৈছিল। মুঠ সংখ্যাৰ ভিতৰত ৩৮,৮০৯টা সন্তান বিবাহত বা বিবাহৰ ৩০০ দিনৰ ভিতৰত জন্ম হৈছিল৷ প্ৰথম সন্তান জন্মৰ সময়ত মাতৃসকলৰ গড় বয়স আছিল ২৭ বছৰ ৫ মাহ। ১৫–৪৯ বছৰ বয়সৰ ক্ষেত্ৰত সাধাৰণতে দেশখনত প্ৰজননৰ হাৰ অৰ্থাৎ প্ৰতি ১০০০গৰাকী মহিলাই জন্ম দিয়া শিশুৰ সংখ্যা ৪২.৯৷ ৩
২০১৪ চনত দেশখনত মুঠতে ১৩.৪২ মিলিয়ন কৰ্মত নিয়োজিত ব্যক্তি আছিল৷ তাৰে ভিতৰত ৪৬% মহিলাৰ লগত জড়িত।৪
২০১৩ চনত ক্ৰ’ৱেচিয়াত মহিলাৰ মৃত্যুৰ প্ৰধান কাৰণ আছিল ৰক্তসঞ্চালন তন্ত্ৰৰ ৰোগ য'ত আক্ৰান্ত হোৱা মহিলাৰ সংখ্যা আছিল ৫৪.৩%৷ দ্বিতীয়তে দেখা গৈছিল টিউমাৰ, য'ত আক্ৰান্ত হোৱা মহিলাৰ সংখ্যা আছিল ২৩.৬%। মৃত্যুৰ আন উল্লেখযোগ্য কাৰণসমূহ হ’ল: (ক) আঘাত, বিষক্ৰিয়া আৰু অন্যান্য বাহ্যিক কাৰণ (৪.৩%), (খ) শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ ৰোগ (৩.৫%),(গ) পাচনতন্ত্ৰৰ ৰোগ (৩.৩%), আৰু (ঘ) অন্তঃস্ৰাৱী, পুষ্টি আৰু বিপাকীয় ৰোগ (২.৮%) ৷৫
ক্ৰ’ৱেচিয়াৰ ইতিহাসত কেইবাগৰাকীও উল্লেখযোগ্য ক্ৰ’ৱেচিয়ান মহিলাৰ বিষয়ে লিপিবদ্ধ কৰা হৈছে।
জেলেনা নেলিপচিচ আছিল ব'ছনিয়াৰ ৰাণী। বিট্ৰিকা ফ্ৰেংকোপান আছিল সম্ভ্ৰান্ত মহিলা আৰু বিবাহৰ জৰিয়তে তেখেত হুনিয়াড দুৰ্গৰ উত্তৰাধিকাৰী। ফ্ৰেংকোপান পৰিয়ালৰ আনা কাটাৰিনা জৰিনস্কাও আছিল এগৰাকী সম্ভ্ৰান্ত মহিলা৷ তেওঁক কলাৰ পৃষ্ঠপোষক, লেখিকা আৰু দেশপ্ৰেমিক হিচাপে স্মৰণ কৰা হয়। তেওঁৰ কন্যা জেলেনা জিৰিনস্কিক জাতীয় নায়িকা হিচাপে গণ্য কৰা হয়। ক্ৰ'ৱেচিয়াৰ ৰাজনৈতিক ইতিহাসৰ আন এগৰাকী উল্লেখযোগ্য নাৰী হৈছে সাভকা ডাবচেভিচ-কুচাৰ, যি কমিউনিষ্টৰ যুগত ক্ৰ'ৱেচিয়াৰ অন্যতম প্ৰভাৱশালী মহিলা ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈছিল আৰু ক্ৰ'ৱেচিয়াৰ পঞ্চম প্ৰধানমন্ত্ৰী তথা ক্ৰ'ৱেচিয়াৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীৰ আসনত বহিছিল৷
তথ্যসূত্ৰ
- ↑ Croatian Census 2011|S|accessdate=18 November 2013
- ↑ World Factbook. Central Intelligence Agency
- ↑ World Factbook. Central Intelligence Agency
- ↑ Croatia Yearbook 2015|page=148
- ↑ Croatia Yearbook 2015|page=124
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰ'য়েচিয়াৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৫৮৩৮৭৮ (২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।