ক্ৰিটিক অৱ দ্য গ'থা প্ৰগ্ৰাম (জাৰ্মান ভাষাত: Kritik des Gothaer Programms) কাৰ্ল মাৰ্ক্সে চ'চিয়েল ডেম'ক্ৰেটিক ৱৰ্কাৰ্ছ পাৰ্টি অৱ জাৰ্মানীলৈ লিখা এখন চিঠিৰ ওপৰত আধাৰিত এক সমল।১
বিৱৰণ
এই লিখনি কাৰ্ল মাৰ্ক্সৰ বিপ্লৱী কৌশলৰ ওপৰত আতাইতকৈ বহলাই লিখা লিখনিৰ অন্যতম। এই লিখনিত সৰ্বহাৰাৰ একনায়কত্ববাদ, পুজিবাদৰ পৰা সাম্যবাদলৈ ৰূপান্তৰৰ কাল, সৰ্বহাৰাৰ আন্তৰ্জাতীয়তাবাদ আৰু শ্ৰমিক শ্ৰেণীৰ দলৰ কথা বিৱৰোৱা হৈছে কাৰ্ল মাৰ্ক্সৰ দ্বাৰা।
এই লিখনিত তলৰ খাপৰ সাম্যবাদী সমাজত সকলোৱে সমাজলৈ যিমান দিছে সিমান ঘূৰাই পোৱাৰ কথা কোৱা হৈছিল। ধনৰ সলনি লেবাৰ ভাউচাৰৰ ব্যৱহাৰৰ কথাও কোৱা হৈছিল।
এই চিঠি গথা চহৰত পাৰ্টিটোৱে জেনেৰেল জাৰ্মান ৱৰ্কাৰ্ছ এচ'চিয়েচন্ৰ সৈতে একেলগ হোৱাৰ আগত লিখা হৈছিল যিহেতু কাৰ্ল মাৰ্ক্সে লেচেলেই বিপ্লৱবিৰোধী অৱস্থান লোৱাৰ সম্ভাৱনা সন্দেহ কৰিছিল।
গথা প্ৰগ্ৰামত এক কম ঊগ্ৰ উপায় বিচাৰিছিল সমাজবাদৰ বাবে। পিচে আন মাৰ্ক্সবাদীয়ে বিপ্লৱীপথৰ পোষকতা কৰিছিল। .২
তথ্যসূত্ৰ
- ↑ Marx, Karl. Critique of the Gotha Program'
- ↑ The Gotha and Erfurt Programs. Hanover Historical Texts Project
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰিটিক অৱ দ্য গ'থা প্ৰগ্ৰাম” প্ৰবন্ধৰ সংশোধন ২৩৭৬৪৬ (১১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।