কেজেকেপাট ৰুক্মিণী মেনন ( ইংৰাজী: Cazhekepat Rukmini Menon; ৬ ছেপ্টেম্বৰ ১৯২২ – ২৩ ডিচেম্বৰ ২০০৯) এগৰাকী ভাৰতীয় কূটনীতিবিদ, আৰু ভাৰতীয় বৈদেশিক সেৱাৰ কেৰিয়াৰ কূটনীতিবিদ হিচাপে কাম কৰা দ্বিতীয়গৰাকী মহিলা। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ত নামভৰ্তি কৰা প্ৰথমগৰাকী মহিলা বিষয়া।
কেৰিয়াৰ
মেননৰ জন্ম কেৰালাত হৈছিল, আৰু বেংগালুৰুত অধ্যয়ন কৰিছিল। তেওঁ চেন্নাইৰ প্ৰেচিডেন্সি কলেজ আৰু লণ্ডন স্কুল অৱ ইকনমিক্সত স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰে। তেওঁ আছিল ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ত নামভৰ্তি কৰা প্ৰথমগৰাকী মহিলা বিষয়া, আৰু ভাৰতত কেৰিয়াৰ কূটনীতিবিদ হিচাপে দ্বিতীয়গৰাকী মহিলা, চি বি মুথাম্মাৰ পিছত।১২ ১৯৪৯ চনত লণ্ডনত ভাৰত উচ্চায়ুক্তত কাম কৰিবলৈ আৰম্ভ কৰে, আৰু ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে, আৰু অষ্ট্ৰেলিয়া, কানাডা, ইটালী, ডেনমাৰ্ক, নাইজেৰিয়াকে ধৰি কেইবাখনো দেশত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰে।৩২ বিদেশ সেৱাৰ পৰা অৱসৰ লোৱাৰ পিছত ভাৰতত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ বাছনি ব’ৰ্ডৰ সদস্য আছিল। তেওঁৰ স্বামী আছিল সংগীতবিদ আৰু সমালোচক ৰাঘৱ মেনন।৩ ২০০৯ চনৰ ২৩ ডিচেম্বৰত বেংগালুৰুত তেওঁৰ মৃত্যু হয়।১
কৰ্মজীৱনৰ সময়ছোৱাত মেননে ভাৰতীয় ইতিহাস আৰু বৈদেশিক সম্পৰ্কৰ সৈতে জড়িত বিষয়সমূহৰ একাডেমিক আলোচনীত অৰিহণা যোগাইছিল।৪৫৬
তথ্যসূত্ৰ
- ↑ National brief - Indian Express. archive.indianexpress.com
- ↑ (2009-12-30). https://www.thehindu.com/news/national/Demise-of-pioneer-woman-diplomat-Rukmini-Menon-condoled/article16856166.ece
- ↑ (2009-12-31). IFSA mourns Rukmini. Deccan Herald
- ↑ MENON. (1993). Only Option for India and Pakistan. World Affairs: The Journal of International Issues. পৃ. 20–23
- ↑ Menon. (1965). The China India Border. The Australian Quarterly. পৃ. 101–106
- ↑ Menon. (1965). How National Was The Indian National Congress?. Australian Journal of Politics & History. পৃ. 70–81
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেজেকেপ্ট ৰুক্মিণী মেনন” প্ৰবন্ধৰ সংশোধন ৪৮৩৯৪৭ (২৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।