অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলিজাবেথ হাৰ্টলেণ্ড

এলিজাবেথ এল হাৰ্টলেণ্ড নামেৰে প্ৰকাশ কৰা এলিজাবেথ লুইজ হাৰ্টলেণ্ড এ এম এগৰাকী অণুজীৱবিজ্ঞানী আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাবিদ আৰু ইউৰেকা বঁটাৰ বিচাৰক। ২০২৪ চনত তেওঁক অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়াৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়, "চিকিৎসা গৱেষণা, বিশেষকৈ অণুজীৱবিজ্ঞান আৰু তৃতীয় পৰ্যায়ৰ শিক্ষা"ৰ সেৱাৰ বাবে।

হালনাগাদ: ২২ এপ্ৰিল ২০২৬ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

এলিজাবেথ এল হাৰ্টলেণ্ড নামেৰে প্ৰকাশ কৰা এলিজাবেথ লুইজ হাৰ্টলেণ্ড এ এম এগৰাকী অণুজীৱবিজ্ঞানী আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাবিদ আৰু ইউৰেকা বঁটাৰ বিচাৰক।১ ২০২৪ চনত তেওঁক অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়াৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়,২ "চিকিৎসা গৱেষণা, বিশেষকৈ অণুজীৱবিজ্ঞান আৰু তৃতীয় পৰ্যায়ৰ শিক্ষা"ৰ সেৱাৰ বাবে।৩ তেওঁ মনাছ বিশ্ববিদ্যালয়ৰ ভিতৰৰ হাডছন ইনষ্টিটিউট অৱ মেডিকেল ৰিচাৰ্চৰ চিইঅ' আৰু সঞ্চালিকা।৪

শিক্ষা

হাৰ্টলেণ্ডে ১৯৯০ চনত মাইক্ৰ'বায়'লজী আৰু ইমিউন'লজীত পি এইচ ডি ডিগ্ৰী লাভ কৰে, তেওঁৰ থিছিছ "ইয়াৰচিনিয়া এণ্টেৰ'ক'লিটিকাত ভাইৰুলেন্সৰ জেনেটিক ভিত্তি।"৫ ইয়াৰ পিছত ১৯৯৭ চনত মেলবৰ্ণ বিশ্ববিদ্যালয়ৰপৰা কলা শাখাত স্নাতক আৰু ২০০৪ চনত মনাছ বিশ্ববিদ্যালয়ৰপৰা উচ্চ শিক্ষাত স্নাতক প্ৰমাণ-পত্ৰ লাভ কৰে।৬

কেৰিয়াৰ

হাৰ্টলেণ্ডে লণ্ডনত থকা ইম্পেৰিয়েল কলেজৰ জৈৱ ৰসায়ন বিভাগত কাম কৰিছিল, ১৯৫৫ চনত। ৰয়েল ছ’চাইটি/এনএইচএমচিআৰ হাৱাৰ্ড ফ্ল’ৰী ফেল’শ্বিপৰ সৈতে। মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ প্ৰথম এ আৰ চি ফিউচাৰ ফেলোসকলৰ ভিতৰত অন্যতম আছিল ছানী হাৰ্টলেণ্ড মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ মাইক্ৰ’বায়’লজী আৰু ইমিউন’লজী বিভাগৰ মুৰব্বী আছিল। তাৰ পিছত ড’হাৰ্টি ইনষ্টিটিউটৰ উপ-সঞ্চালিকা হিচাপে নিযুক্তি লাভ কৰে। হাৰ্টলেণ্ড এছ'চিয়েচন অৱ অষ্ট্ৰেলিয়ান মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউটছ (AAMRI)ৰ সভাপতিও আছিল।৭ ২০২৪ চনৰ হিচাপত হাৰ্টলেণ্ড হাডছন ইনষ্টিটিউট অৱ মেডিকেল ৰিচাৰ্চৰ সঞ্চালক।৮

হাৰ্টলেণ্ডৰ গৱেষণামূলক আগ্ৰহৰ ভিতৰত ৰোগজন্ম আৰু সংক্ৰমণ যিবোৰ গ্ৰাম-ঋণাত্মক ৰোগকাৰক জীৱাণুৰ সৈতে জড়িত। ইমিউন এভেচন আৰু বেক্টেৰিয়াৰ উপনিৱেশিকৰণৰ ক্ষেত্ৰতো তেওঁৰ গৱেষণামূলক আগ্ৰহ আছে। তেওঁৰ বিশেষজ্ঞতাৰ মূল ক্ষেত্ৰসমূহ হ'ল কোষৰ অন্তৰ্নিহিত প্ৰতিৰোধ ক্ষমতা, অন্ত্ৰৰ বেক্টেৰিয়াৰ ৰোগ সৃষ্টিকাৰী জীৱাণু আৰু মানুহৰ মাইক্ৰ'বায়'টা আৰু প্ৰতিৰোধ ক্ষমতাৰ প্ৰতিক্ৰিয়া।৯

হাৰ্টলেণ্ডে তেওঁৰ নামেৰে নামকৰণ কৰা ভিক্টোৰিয়ান ইনফেকচন এণ্ড ইমিউনিটি নেটৱৰ্কত বক্তৃতা প্ৰদান কৰে, য'ত বিজয়ীয়ে পুৰস্কাৰৰ ধন লাভ কৰে আৰু লৰ্ণ সন্মিলনত ভাষণ দিয়ে।১০ তেওঁ ভিক্টোৰিয়ান প্ৰিমিয়াৰ বঁটাৰ অধ্যক্ষও, স্বাস্থ্য আৰু চিকিৎসা গৱেষণাৰ নিৰ্বাচন পেনেলৰ বাবে।১১

তথ্যসূত্ৰ

  1. ↑ Eureka prize. Eureka Prizes Judges. The Australian Museum
  2. ↑ (9 June 2024). Hudson CEO honoured for services to medical research. Hudson Institute of Medical Research
  3. ↑ AAMRI news
  4. ↑ NHMRC
  5. ↑ Hartland. The genetic basis of virulence in Yersinia enterocolitica
  6. ↑ ORCID. orcid.org
  7. ↑ Smith, Paul N.; Gill, David R.J.; McAuliffe, Michael J. (2023-10-01). Mortality Following Primary Hip and Knee Arthroplasty Supplementary Report. Australian Orthopaedic Association
  8. ↑ Mirage News, Mirage. Professor Elizabeth Hartland new Chair of VicAAMRI. Mirage News
  9. ↑ Elizabeth Hartland. Monash University
  10. ↑ The Hartland Oration 2023 · News · VIIN. Victorian Infection and Immunity Network
  11. ↑ Sirsidynix

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিজাবেথ হাৰ্টলেণ্ড” প্ৰবন্ধৰ সংশোধন ৬০২০১৪ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।