এছ.পি.এছ.এছ.(SPSS) পৰিসংখ্যা হৈছে ডাটা ব্যৱস্থাপনা আৰু উন্নত বিশ্লেষণৰ বাবে আই.বি.এম.ৰ দ্বাৰা বিকশিত এক পৰিসাংখ্যিক ছফ্টৱেৰ চুইট। এছ.পি.এছ.এছ. ইনক. ২০০৯ চনত আই.বি.এম.এ অধিগ্ৰহণ কৰিছিল। ২০১৫ চনৰ পৰা মুকলি কৰা ছফ্টৱেৰৰ সংস্কৰণবোৰত আইবিএম এছপিএছএছ পৰিসংখ্যা ব্ৰেণ্ড নাম দিয়া হয়।১ এই ছফ্টৱেৰৰ নামটো মূলতে “ষ্টেটিষ্টিকেল পেকেজ ফৰ দা চ’চিয়েল চাইন্স’’(SPSS)২ আছিল যদিও পিছলৈ "ষ্টেটিষ্টিকেল প্ৰডাক্ট এণ্ড চাৰভিছ চলিউচন"লৈ সলনি হয়।৩৪ নৰমান এইচ. নি, ডেল এইচ. বেণ্ট, আৰু চি. হাডলাই হাল৫ৰ দ্বাৰা বিকশিত হোৱা ১৯৬৮ চনত “ষ্টেটিষ্টিকেল পেকেজ ফৰ দা চ’চিয়েল চাইন্স’’ হিচাপে এছ.পি.এছ.এছ.ৰ প্ৰথম সংস্কৰণ মুকলি কৰা হৈছিল। এছ.পি.এছ.এছ. পৰিসংখ্যাৰ প্ৰাৰম্ভিক সংস্কৰণবোৰ ফৰট্ৰান কম্পিউটাৰ ভাষাত লিখা হৈছিল আৰু মেইনফ্ৰেমত বেচ প্ৰচেছিঙৰ বাবে সজা হৈছিল।
অৱলোকন
এছ.পি.এছ.এছ. হৈছে সামাজিক বিজ্ঞানত পৰিসাংখ্যিক বিশ্লেষণৰ বাবে এক বহুলভাৱে ব্যৱহৃত ছফ্টৱেৰ প্ৰগ্ৰাম।৬ ইয়াক বজাৰ গৱেষক, স্বাস্থ্য গৱেষক, জৰীপ কোম্পানী, চৰকাৰ, শিক্ষা গৱেষক, বিপণন সংগঠন, ডাটা মাইনাৰ,৭ আৰু অন্যান্যসকলেও ব্যৱহাৰ কৰে। গৱেষকসকলক তেওঁলোকৰ নিজা পৰিসাংখ্যিক বিশ্লেষণ কৰিবলৈ সহায়িকা হিচাপে মূল এছ.পি.এছ.এছ. মেনুৱেলক (নি, বেণ্ট আৰু হাল, ১৯৭০)৮ "সমাজ বিজ্ঞানৰ আটাইতকৈ প্ৰভাৱশালী" কিতাপ বা মেনুৱেল বুলি বিবেচনা কৰা হয়।৯ পৰিসাংখ্যিক বিশ্লেষণৰ উপৰিও, ডাটা ব্যৱস্থাপনা (কেছ বাছনি, ফাইল পুনৰ আকাৰ দিয়া আৰু প্ৰাপ্ত তথ্য সৃষ্টি কৰা) আৰু ডাটা ডকুমেণ্টেচন (মেটাডাটা অভিধান ডাটা ফাইলত সংৰক্ষণ কৰা) হৈছে এই ছফ্টৱেৰৰ বিশেষত্ব। এছ.পি.এছ.এছ. পৰিসংখ্যাৰ বৈশিষ্টসমূহ পুল-ডাউন মেনুৰ জৰিয়তে উপলব্ধ বা এক স্বত্বাধিকাৰী ৪জিএল কমাণ্ড চিনটেক্স (আদেশ বাক্যবিন্যাস) ভাষাৰে প্ৰগ্ৰাম কৰিব পাৰি। কমাণ্ড চিনটেক্স প্ৰ’গ্ৰামিঙৰ সুবিধা হৈছে পুনৰুত্পাদনযোগ্য আউটপুট, পুনৰাবৃত্তিমূলক কামবোৰ সৰল কৰা, আৰু জটিল ডাটা মেনিপুলেচন আৰু বিশ্লেষণ নিয়ন্ত্ৰণ কৰা। ইয়াৰ উপৰিও, কিছুমান জটিল এপ্লিকেচন কেৱল কমাণ্ড চিনটেক্সতহে প্ৰগ্ৰাম কৰিব পাৰি, মেনু গাঁথনিৰ জৰিয়তে সকলোখিনি উপলব্ধ নহয়। পুল-ডাউন মেনু ইণ্টাৰফেচে কমাণ্ড চিনটেক্সো সৃষ্টি কৰে: ইয়াক আউটপুটত প্ৰদৰ্শন কৰিব পাৰি, অৱশ্যে ব্যৱহাৰকাৰীৰ বাবে চিনটেক্স দৃশ্যমান কৰিবলৈ ডিফল্ট ছেটিংছ সলনি কৰিব লাগিব। প্ৰতিটো মেনুত থকা "পেষ্ট" বুটাম ব্যৱহাৰ কৰি সেইবোৰ কন্টেক্স ফাইল এটাত পেষ্ট কৰিব পাৰি।
সংস্কৰণ আৰু মালিকীস্বত্বৰ ইতিহাস
- এছ.পি.এছ.এছ. ১ - ১৯৬৮
- এছ.পি.এছ.এছ. ২ - ১৯৮৩
- এছ.পি.এছ.এছ. ৫ - ১৯৯৩
- এছ.পি.এছ.এছ. ৬.১ - ১৯৯৫
- এছ.পি.এছ.এছ. ৭.৫ - ১৯৯৭
- এছ.পি.এছ.এছ. ৮ - ১৯৯৮
- এছ.পি.এছ.এছ. ৯ - ১৯৯৯
- এছ.পি.এছ.এছ. ১০ - ১৯৯৯
- এছ.পি.এছ.এছ. ১১ - ২০০২
- এছ.পি.এছ.এছ. ১২ - ২০০৪
- এছ.পি.এছ.এছ. ১৩ - ২০০৫
- এছ.পি.এছ.এছ. ১৪ - ২০০৬
- এছ.পি.এছ.এছ. ১৫ - ২০০৬
- এছ.পি.এছ.এছ. ১৬ - ২০০৭
- এছ.পি.এছ.এছ. ১৭ - ২০০৮
- পিএএচডব্লিউ ১৭ - ২০০৯
- পিএএচডব্লিউ ১৮ - ২০০৯
- এছ.পি.এছ.এছ. ১৯ - ২০১০
- এছ.পি.এছ.এছ. ২০ - ২০১১
- এছ.পি.এছ.এছ. ২১ - ২০১২
- এছ.পি.এছ.এছ. ২২ - ২০১৩
- এছ.পি.এছ.এছ. ২৩ - ২০১৫
- এছ.পি.এছ.এছ. ২৪ - ২০১৬, মাৰ্চ১০
- এছ.পি.এছ.এছ. ২৫ - ২০১৭, জুলাই১১
- এছ.পি.এছ.এছ. ২৬ - ২০১৮
- এছ.পি.এছ.এছ. ২৭ - ২০১৯, জুন১২ (আৰু নৱেম্বৰ, ২০২০ ত ২৭.০.১১৩)
- এছ.পি.এছ.এছ. ২৮ - ২০২১, মে১৪
- এছ.পি.এছ.এছ. ২৯ - ২০২২, ছেপ্টেম্বৰ
লগতে চাওক
- পৰিসাংখ্যিক পেকেজৰ তুলনা
- জে এ এছ পি আৰু জামোভি, মুক্ত-উৎস আৰু বিনামূলীয়া দুয়োটা বিকল্প, সঘনাই আৰু বেয়িচিয়ান মডেল প্ৰদান কৰে
- পি এচ পি পি, জি এন ইউ প্ৰকল্পৰ পৰা এটা বিনামূলীয়া এছ পি এছ এছ প্ৰতিস্থাপন।
- এছ.পি.এছ.এছ. মডেলাৰ
তথ্যসূত্ৰ
- ↑ www.informationweek.com/it-sectors/ibm-to-acquir
- ↑ Quintero, Dino. (30 September 2016). Workload Optimized Systems: Tuning POWER7 for Analytics. Abstract
- ↑ Statistical Product and Service Solutions (SPSS) Statistics. www.oit.va.gov
- ↑ Hejase, A.J., & Hejase, H.J. (2013). Research Methods, A Practical Approach for Business Students (2nd edn.). Philadelphia, PA, USA: Masadir Inc., p. 58
- ↑ Nie, N. H., Bent, D. H., & Hull, C. H. (1975). Spss. New York: McGraw-Hill
- ↑ Gunarto, Hary. (2019). Parametric & Nonparametric Data Analysis for Social Research: IBM SPSS. LAP Academic Publishing. ISBN 978-6200118721
- ↑ (May 2013). KDnuggets Annual Software Poll: Analytics/Data mining software used?. KDnuggets
- ↑ Nie, Norman H; Bent, Dale H; Hadlai Hull, C. (1970). SPSS: Statistical package for the social sciences. McGraw-Hill. ISBN 9780070465305
- ↑ (1998). Wellman. পৃ. 71–78
- ↑ SPSS Statistics - IBM Data Science Community. community.ibm.com
- ↑ SPSS Statistics - IBM Data Science Community. community.ibm.com
- ↑ SPSS Statistics 27 - What's New · New Features, Functionality and Packaging overview. community.ibm.com
- ↑ SPSS Statistics - IBM Data Science Community. community.ibm.com
- ↑ SPSS Statistics - IBM Data Science Community. community.ibm.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছ.পি.এছ.এছ.” প্ৰবন্ধৰ সংশোধন ৩৯৮৫২০ (২৩ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।