অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

এক্ৰ'ফ'বিয়া

এক্ৰ’ফ’বিয়া (Acrophobia) হৈছে উচ্চতাৰ প্ৰতি এক চৰম বা অযুক্তিকৰ ভয় বা ফ’বিয়া। এক্ৰ’ফ’বিয়াক এক নিৰ্দিষ্ট ফ’বিয়া হিচাপে সংজ্ঞায়িত কৰা হয় য’ত পেনিক এটেকৰ লক্ষণ দেখা দিয়ে যাৰ ফলত মানসিক আৰু/বা সামাজিক অক্ষমতা দেখা দিব পাৰে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২২৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

এক্ৰ’ফ’বিয়া (Acrophobia) হৈছে উচ্চতাৰ প্ৰতি এক চৰম বা অযুক্তিকৰ ভয় বা ফ’বিয়া। এক্ৰ’ফ’বিয়াক এক নিৰ্দিষ্ট ফ’বিয়া হিচাপে সংজ্ঞায়িত কৰা হয় য’ত পেনিক এটেকৰ লক্ষণ দেখা দিয়ে যাৰ ফলত মানসিক আৰু/বা সামাজিক অক্ষমতা দেখা দিব পাৰে।১ এক্ৰ’ফ’বিয়া ৰোগীয়ে ওখ ঠাইৰ পৰা নিজকে নিৰাপদে তললৈ নমাই আনিবলৈ অত্যন্ত উত্তেজিত হৈ পৰিব পাৰে। সাধাৰণ জনসংখ্যাৰ প্ৰায় ২–৫% লোকৰ এক্ৰ'ফ'বিয়া হয়, পুৰুষতকৈ দুগুণ বেছি মহিলাই এই ৰোগত আক্ৰান্ত হয়।২

ৰোগৰ কাৰণ

পৰম্পৰাগতভাৱে আন ফ’বিয়াৰ দৰেই এক্ৰ’ফ’বিয়াৰ কাৰণো কণ্ডিচনিং বা কোনো আঘাতজনক অভিজ্ঞতা বুলি কোৱা হৈছিল। শেহতীয়া অধ্যয়নসমূহে এই ব্যাখ্যাৰ ওপৰত সন্দেহৰ সৃষ্টি কৰিছে।৩৪ কিয়নো এক্ৰ’ফ’বিয়া থকা ব্যক্তিসকলৰ আঘাতজনক অভিজ্ঞতা নাথাকিলেও এই ফ’বিয়া দেখা যায়। সময়ৰ লগে লগে মানুহৰ স্মৃতিশক্তি ম্লান হৈ পৰে, তেতিয়া অভিজ্ঞতাবোৰ মনত পেলাব নোৱাৰিলেও এক্ৰ’ফ’বিয়া হয়। ৫ অধিক অধ্যয়নে এক্ৰ’ফ’বিয়াৰ এটা সম্ভাৱ্য ব্যাখ্যা দিছে যে ই আঘাত নোহোৱা অভিজ্ঞতাবোৰৰ সঞ্চয়ৰ জৰিয়তে উদয় হʼব পাৰে যিবোৰ স্মৰণীয় নহয় কিন্তু ভৱিষ্যতে আচৰণক প্ৰভাৱিত কৰিব পাৰে। লগতে শিশুকাল বা কেঁচুৱা অৱস্থাত খোজ কাঢ়িবলৈ বা বগাবলৈ শিকোঁতে উচ্চতাৰ ভয়তো হ’ব পাৰে। যেতিয়া তেওঁলোক বগাবলৈ যাওঁতে পৰি যায় তেতিয়া তেওঁলোকে পৃষ্ঠ, ভংগীমা, ভাৰসাম্য, গতি আদিৰ ধাৰণাবোৰ শিকে, আৰু তেনে ক্ষেত্ৰত কেতিয়াবা এক্ৰ'ফ'বিয়াৰ সৃষ্টি হʼব পাৰে।৪ মানসিক কাৰকেও এক্ৰ’ফ’বিয়াৰ বিকাশত অৰিহণা যোগাব পাৰে।

উপচাৰ

ফ’বিয়াৰ পৰম্পৰাগত চিকিৎসা আজিও ব্যৱহৃত হৈ আছে। ইয়াৰ অন্তৰ্নিহিত তত্ত্বই কয় যে ফ’বিক উদ্বেগ এটা চৰ্তযুক্ত উদ্দীপকৰ দ্বাৰা (conditional stimulus) উদ্ভৱ হয়। ফ’বিক পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ মানসিক উদ্বেগ কমি যায়। কিন্তু ঋণাত্মক শক্তিবৰ্ধনৰ জৰিয়তে পৰিহাৰ আচৰণ (avoidance behanvior) শক্তিশালী হৈ পৰে। পৰিহাৰ আচৰণ হৈছে নেতিবাচক বা প্ৰতিকূল ফলাফল পোৱা ঘটনাবোৰ এৰাই চলা।৪৬গৱেষণাই দেখুৱাইছে যে এক্ৰ’ফ’বিয়া চিকিৎসাত থেৰাপিষ্টসকলে এক অপৰিহাৰ্য ভূমিকা পালন কৰে।৭ শক্তিশালী অনুশীলন আৰু আত্ম-কাৰ্যক্ষমতাসম্পন্ন চিকিৎসাৰ দৰে চিকিৎসাৰো আৱিৰ্ভাৱ হোৱা দেখা গৈছে। উচ্চতাৰ ভয়ৰ দৰে ফ’বিয়াৰ চিকিৎসাত বহুতো ভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়, য’ত আছে পৰম্পৰাগত এন্টি-এঙজাইটি ঔষধ যেনে বেনজ’ডাইজেপিন, আৰু নতুন বিকল্প যেনে এন্টিডিপ্ৰেছন আৰু বেটা-ব্লকাৰ।৮

তথ্যসূত্ৰ

  1. ↑ Brandt T, Kugler G, Schniepp R, Wuehr M, Huppert D (2015) Acrophobia impairs visual exploration and balance during standing and walking. Ann NY Acad Sci 1343:37–48
  2. ↑ Juan, M. C.; et al. (2005). "An Augmented Reality system for the treatment of acrophobia" (PDF). Presence. 15 (4): 315–318. doi:10.1162/pres.15.4.393. S2CID 797073. Retrieved 2015-09-12
  3. ↑ Menzies, RG; Clarke, JC. (1995). The etiology of acrophobia and its relationship to severity and individual response patterns. Behaviour Research and Therapy. পৃ. 499–501
  4. ↑ Coelho, Carlos M.; Waters, Allison M.; Hine, Trevor J. (2009). The use of virtual reality in acrophobia research and treatment. Journal of Anxiety Disorders. পৃ. 563–574
  5. ↑ Loftus, Elizabeth F. (2016). Memories of Things Unseen. Current Directions in Psychological Science. পৃ. 145–147
  6. ↑ APA PsycNet. psycnet.apa.org
  7. ↑ Williams, S. Lloyd; Dooseman, Grace; Kleifield, Erin. (1984). Comparative effectiveness of guided mastery and exposure treatments for intractable phobias.. Journal of Consulting and Clinical Psychology. পৃ. 505–518
  8. ↑ (2010). A Dictionary of Biomedicine. ISBN 9780199549351

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এক্ৰ'ফ'বিয়া” প্ৰবন্ধৰ সংশোধন ৬২৪২৪৭ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।