ইজৰাইলত শিশুৰ মৃত্যুৰ হাৰ কম। ইজৰাইলৰ জীৱন প্ৰত্যাশা ৮২.১ বছৰ। দীৰ্ঘদিনীয়া ৰোগৰ ভাল ব্যৱস্থাপনা আৰু উৎকৃষ্ট প্ৰাথমিক চিকিৎসা ইজৰাইলত আছে। স্বাস্থ্যসেৱাৰ বাবে ব্যয় মুঠ ঘৰুৱা উৎপাদনৰ ৭.২%, যিটো অ’ইচিডিত (Organisation for Economic Co-operation and Development, অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়নৰ বাবে সংস্থা) গড়ে ৯.২%।
২০০৩ চনত ইজৰাইলত ছালৰ কৰ্কট ৰোগৰ হাৰ বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক আছিল।১কিন্তু তেতিয়াৰ পৰাই জনস্বাস্থ্য অভিযানে দিনৰ আটাইতকৈ গৰম সময় এৰাই চলিবলৈ পৰামৰ্শ দিছিল, ৰ'দত গা ধোৱাটো নিৰুৎসাহিত কৰিছিল আৰু ৰ'দত সুৰক্ষা প্ৰদান কৰা, যেনে: অধিক কাপোৰৰ আৱৰণ আৰু ছানস্ক্ৰীণ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছিল।২
বংশগত স্তন, ডিম্বাশয় আৰু মেলানোমা কৰ্কট ৰোগৰ হাৰ ইজৰাইলৰ আচকেনাজী ইহুদী জনসমষ্টিত বিশেষভাৱে তীব্ৰ৩(ইজৰাইলী ইহুদীৰ ৩১.৮%)৷ ইয়াৰ কাৰণ আচকেনাজী ইহুদী জনসংখ্যাত আংশিকভাৱে দৃষ্টিগোচৰ হোৱা বিআৰচিএ আৰু বিআৰচিএ২ৰ উৎপৰিৱৰ্তনৰ অধিক প্ৰাদুৰ্ভাৱ (৪০ জনৰ ভিতৰত ১ বনাম বিশ্বৰ বেছিভাগ জনসংখ্যাত ৪০০ জনৰ ভিতৰত ১),৪ যিয়ে বংশগত কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।
অতিৰিক্ত ওজন আৰু মেদবহুলতা
২০১৩-২০১৫ চনত ইজৰাইলত প্ৰাপ্তবয়স্কৰ অতিৰিক্ত ওজন আৰু মেদবহুলতাৰ হাৰ ক্ৰমে ৩৬.৭% আৰু ১৭.৮% আছিল।৫বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত অতিৰিক্ত ওজন আৰু মেদবহুলতাৰ শতাংশত প্ৰভাৱ পেলোৱা এটা কাৰক আছিল আৰ্থ-সামাজিক অৱস্থা। উচ্চ শ্ৰেণীৰ মহিলাতকৈ নিম্ন শ্ৰেণীৰ মহিলা অতিৰিক্ত ওজনবিশিষ্ট বা মেদবহুল হোৱাৰ সম্ভাৱনা চাৰিগুণ বেছি। সমগ্ৰ জনসংখ্যাৰ মাত্ৰ ২০.২% লোকেহে সপ্তাহত বিশ মিনিট বা তাতকৈ অধিক সময় ব্যায়াম কৰে বুলি জনাইছে।৬
ইহুদী ইজৰাইলী জনসংখ্যাৰ মাজত ব্যায়ামৰ হাৰ আৰব জনসংখ্যাতকৈ দুগুণ বেছি আছিল। ইহুদী পুৰুষ আৰু মহিলাতকৈ আৰব বংশৰ পুৰুষ আৰু মহিলাৰ ওজন অস্বাস্থ্যকৰ হোৱাৰ সম্ভাৱনা বেছি।৬ধৰ্মনিৰপেক্ষ ইহুদীতকৈ হাৰেদি ইহুদীসকলৰ মাজতো মেদবহুলতা বহু বেছি।৭
ধূম্ৰপান
১৯৯৪–২০০৪ চনত পুৰুষৰ মাজত ধূম্ৰপানৰ প্ৰাদুৰ্ভাৱ ৩০% তুলনামূলকভাৱে স্থিৰ হৈ আছিল।৮ মহিলাৰ মাজত ইয়াৰ প্ৰাদুৰ্ভাৱ ১৯৯৮ চনত ২৫%ৰ পৰা ২০০৩ চনত ১৮%লৈ সামান্য হ্ৰাস পায়।৮ ২০০১ চনৰ এক প্ৰতিবেদন মতে, ইজৰাইলৰ ১৪% যুৱক-যুৱতীয়ে সপ্তাহত অন্ততঃ এবাৰ ধূম্ৰপান কৰিছিল।৯
২০০৫ চনত ইজৰাইলৰ যুৱক-যুৱতীসকলে ধঁপাত সেৱনৰ বিকল্প পদ্ধতি হিচাপে বিড়ি আৰু হুকা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।৮ ১৯৯০ চনত ইজৰাইলত ধূম্ৰপানৰ ফলত প্ৰায় ১৮০০ পুৰুষৰ মৃত্যু হৈছিল যিটো সকলো পুৰুষৰ মৃত্যুৰ প্ৰায় ১২% আছিল।১০ইজৰাইলী মহিলাসকলৰ মাজত ধূম্ৰপান মৃত্যুৰ বিশেষ কাৰণ হিচাপে বিবেচিত হোৱা নাই।৮
ইজৰাইলত ধঁপাত সেৱন বিৰোধী কেইবাখনো আইন প্ৰযোজ্য। উদাহৰণস্বৰূপে: যুৱমুখী প্ৰকাশন, টেলিভিছন আৰু ৰেডিঅ'ত ধঁপাতৰ বিজ্ঞাপন নিষিদ্ধ।১০ ধঁপাতৰ কৰ যথেষ্ট পৰিমাণে বৃদ্ধি কৰা হৈছে যদিও ইউৰোপৰ বাকীবোৰ দেশৰ তুলনাত ইয়াৰ মূল্য এতিয়াও আটাইতকৈ কম।১০২০০৪ চনলৈকে ইজৰাইলত ধঁপাতজাতীয় সামগ্ৰী ক্ৰয়ৰ বাবে নূন্যতম বয়সৰ কোনো প্ৰয়োজনীয়তা নাছিল,১১অৱশ্যে ২০০৪ চনৰ পৰা কাৰ্যকৰী হোৱা ধঁপাত বিপণন আৰু বিজ্ঞাপন আইনখনৰ সংশোধনে ১৮ বছৰৰ ঊৰ্ধৰ লোকৰ মাজত ধঁপাত বিক্ৰী সীমিত কৰি ৰাখিছে। ১২
ইজৰাইল কেন্দ্ৰীয় পৰিসংখ্যা সংস্থাৰ মতে ২০০৯ চনত ইজৰাইলৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ মাজত ধূমপানৰ হাৰ আছিল ২০.৯%, যিটো ২০০০ চনত আছিল ৩৪%।১৩ ২০১১ চনত স্বাস্থ্য মন্ত্ৰালয়ে দেশজুৰি সম্পন্ন কৰা এক সমীক্ষাত দেখা গৈছে যে ২১ বছৰ আৰু তাতকৈ অধিক বয়সৰ ২০.৬% জনসংখ্যা ধূম্ৰপায়ী।১৪
তথ্যসূত্ৰ
- ↑ Britnell, Mark. (2015). In Search of the Perfect Health System. Palgrave. পৃ. 69. ISBN 978-1-137-49661-4
- ↑ Foundation, Richard David Kann Melanoma. (2019-07-19). Why Israel's skin cancer rates are dropping · RDK Melanoma Foundation. melanomafoundation.com
- ↑ (2017-04-26). The 3 cancers Jews need to worry about most - and how to reduce the risks. Jewish Telegraphic Agency
- ↑ (2021-09-27). Jewish Women and BRCA Gene Mutations · Bring Your Brave · CDC. www.cdc.gov
- ↑ www.health.gov.il/PublicationsFiles/INHIS_3.pdf
- ↑ Kaluski, D. Nitzan; Berry, E. M. (2005). Prevalence of Obesity in Israel. Obesity Reviews. পৃ. 115–116
- ↑ Galahar, Ari. (2011-01-09). 'Haredi sector suffers from obesity'. Ynetnews
- ↑ Baron-Epel O. Haviv-Messika A. Tamir D. Nitzan-Kaluski D. Green M. Multiethnic differences in smoking in Israel: pooled analysis from three national surveys. European Journal of Public Health. 14(4):384-9, 2004 Dec
- ↑ Meijer B. Branski D. Kerem E. Ethnic differences in cigarette smoking among adolescents: a comparison of Jews and Arabs in Jerusalem. Israel Medical Association Journal: Imaj. 3(7):504-7, 2001 Jul
- ↑ Tobacco or Health: A Global Status Report, Centers for Disease Control and Prevention (CDC), accessed July 13, 2005 (site now down)
- ↑ WHO European Country Profiles on Tobacco Control 2003, বিশ্ব স্বাস্থ্য সংস্থা, accessed November 24, 2005
- ↑ Israeli Ministry of Commerce and Industry
- ↑ (20 July 2010). Israeli smoking rate for 2009 down to 20.9%
- ↑ (31 May 2012). A Record Number of Non-Smokers. Walla
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইজৰাইলৰ স্বাস্থ্য” প্ৰবন্ধৰ সংশোধন ৬৩১৯৩৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।