অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আহোই অষ্টমী

আহোই অষ্টমী( Ahoi Ashtami) উত্তৰ ভাৰতৰ হিন্দু ধৰ্মাৱলম্বী লোকে ঠায়ে ঠায়ে পালন কৰা এক উৎসৱ৷ দীপাৱলীৰ আগৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিৰ দিনা এই উৎৱস পালন কৰা হয়।

হালনাগাদ: ২৪ মাৰ্চ ২০২৪ ৫৯২ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ
আহোই মাতা
আহোই মাতাছবি: AZIMVTH · CC BY-SA 4.0

আহোই অষ্টমী( Ahoi Ashtami) উত্তৰ ভাৰতৰ হিন্দু ধৰ্মাৱলম্বী লোকে ঠায়ে ঠায়ে পালন কৰা এক উৎসৱ৷ দীপাৱলীৰ আগৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিৰ দিনা এই উৎৱস পালন কৰা হয়। উত্তৰ ভাৰতত অনুসৰণ কৰা চান্দ্ৰমাহ পঞ্জিকা অনুসৰি ই কাতি মাহত পৰে আৰু গুজৰাট, মহাৰাষ্ট্ৰ আৰু অন্যান্য দক্ষিণৰ ৰাজ্যবোৰত অনুসৰণ কৰা চান্দ্ৰ পঞ্জিকা অনুসৰি ই আহিন মাহত পৰে। অৱশ্যে মাহৰ নামটো বেলেগ বেলেগ যদিও আহোই অষ্টমীৰ উপবাস একেদিনাই কৰা হয়।

আহোই অষ্টমীৰ উপবাস আৰু পূজা “মাতা আহোই’’ বা “আহোই দেৱী’’ৰ নামত উচৰ্গা কৰা হয়। সন্তানৰ মংগল আৰু দীৰ্ঘায়ুৰ বাবে মাতৃসকলে এই পূজা কৰে। এই দিনটোক “আহোই আথে’’ বুলিও কোৱা হয় কাৰণ আহোই অষ্টমীৰ বাবে উপবাস অষ্টমী তিথিত কৰা হয় যিটো চন্দ্ৰ মাহৰ অষ্টম দিন। আহোই মাতা আন কোনো নহয়, তেওঁ দেৱী লক্ষ্মী।

বিধি

উৎসৱৰ দিনা বা উপবাসৰ দিনা ৰাতিপুৱা স্নান কৰাৰ পিছত মহিলাসকলে সন্তানৰ মংগলৰ বাবে ব্ৰত ৰাখিবলৈ “সংকল্প’’ নামৰ এক পৰ্বৰ দ্বাৰা প্ৰতিজ্ঞা লয়। সংকল্পৰ সময়ত এইখিনি কোৱা হয় যে উপবাসৰ সময়ত কোনো খাদ্য বা পানী নোখোৱাকৈ কৰা হ’ব আৰু তেওঁলোকৰ পাৰিবাৰিক পৰম্পৰা অনুসৰি তৰা বা চন্দ্ৰ দেখাৰ পিছতহে উপবাস ভংগ কৰা হ’ব।

সূৰ্যাস্তৰ আগতে পূজাৰ প্ৰস্তুতি শেষ হৈ যায়। মহিলাসকলে হয় এবিধ বিশেষ মাটি ব্যৱহাৰ কৰি বেৰত আহোই দেৱীৰ প্ৰতিমূৰ্তি আঁকে, নহয় কাপোৰৰ টুকুৰাত এম্ব্ৰয়ডাৰী কৰি দেৱীৰ প্ৰতিকৃতি বেৰত ওলোমাই ৰাখে। পূজাৰ বাবে ব্যৱহাৰ কৰা আহোই মাতাৰ যিকোনো প্ৰতিমূৰ্তিত অষ্টমী তিথিৰ লগত উৎসৱৰ সম্পৰ্ক থকাৰ বাবে “অষ্ট কোষ্টক’’ অৰ্থাৎ আঠটা কোণ থাকিব লাগে। ছবিত প্ৰায়ে দেৱী আহোইৰ সৈতে সৰু ল’ৰা-ছোৱালী আৰু এটা সিংহৰ ছবি অন্তৰ্ভুক্ত কৰা হয়।১

দেৱী স্থাপনা কৰাৰ পিছত পৱিত্ৰ পানীৰে পবিত্ৰ কৰি আল্পনা টানি পূজাৰ স্থান পৱিত্ৰ কৰা হয়। পূজা ঠাইৰ মজিয়াৰ ওপৰত ঘেঁহু মেলি দিয়াৰ পিছত এখন কাঠৰ টুলত পূজাস্থলী মাজত এটা পানীৰে ভৰা “কলহ’’ ৰখা হয়। কলহৰ মুখখন মাটিৰ ঢাকনিৰে আবৃত কৰা থাকে৷

মাটিৰ সৰু পাত্ৰ এটা, যাক কাৰৱা বোলে, সেইটো কলহৰ ওপৰত ৰখা হয়। কাৰৱা পানীৰে ভৰাই তাৰ মুখখন পাত বা শিপাৰে বন্ধ কৰি দিয়া হয়। সাধাৰণতে কাৰৱাৰ মুখত ব্যৱহৃত শিপাবিধক “চৰাই সিংকা’’৷ ই উইলো উদ্ভিদৰ এটা প্ৰকাৰ। এই ঘাঁহৰ সাতটা শিপা আহোই মাতা আৰু সিংহকো অৰ্পণ কৰা হয়। এই উৎসৱৰ সময়ত বিশেষকৈ ভাৰতৰ সৰু সৰু চহৰবোৰত “চৰাই সিংকা’’ নামৰ শিপা বিক্ৰী কৰা হয়। ইয়াৰ অভাৱত কপাহৰ কলি ব্যৱহাৰ কৰিব পাৰি।

পূজাত ব্যৱহাৰ কৰা খাদ্য সামগ্ৰীসমূহৰ ভিতৰত ৮টা পুৰী, ৮টা মালপোৱা আৰু হালুৱা। এই খাদ্যবস্তুবোৰ কিছু টকাৰ লগতে এজন ব্ৰাহ্মণক দান হিচাপে দিয়া হয়।২

উৎপত্তিৰ কাহিনী

এই উৎসৱ পালনৰ লগত জড়িত বহুতো কাহিনী আছে আৰু তাৰে এটা কাহিনী পূজা সম্পন্ন হোৱাৰ ঠিক পিছতেই পালনীয় আচাৰ-অনুষ্ঠানৰ অংশ হিচাপে কোৱা হয়।

“এসময়ত সাতটা পুত্ৰ সন্তান থকা এজন ধনদাতা বাস কৰিছিল। কাতি মাহৰ এদিন, দীপাৱলীৰ উৎসৱৰ মাত্ৰ কেইদিনমান আগেয়ে, ধনদাতাৰ ঘৈণীয়েকে দীপাৱলী উদযাপনৰ বাবে নিজৰ ঘৰখন মেৰামতি কৰি সজাই তোলাৰ সিদ্ধান্ত ল’লে। ঘৰখন সংস্কাৰ কৰিবলৈ তেওঁ অলপ মাটি আনিবলৈ হাবিলৈ যোৱাৰ সিদ্ধান্ত ল’লে। হাবিত মাটি খান্দি থাকোঁতে ভুলতে মাটি খন্দা কুঠাৰেৰে তাই সিংহৰ পোৱালি এটাক হত্যা কৰে। তাৰ পিছত মাতৃ জন্তুটো আহি তেওঁক তেওঁৰো একেধৰণৰ দশা হ’বৰ বাবে অভিশাপ দিয়ে আৰু এবছৰৰ ভিতৰতে তেওঁৰ ৭টা সন্তানৰ আটাইকেইটা সন্তানৰ মৃত্যু হয়।

দুখ সহ্য কৰিব নোৱাৰি দম্পতীহালে জীৱনৰ শেষ তীৰ্থযাত্ৰাৰ বাবে সাজু হয় আৰু যাত্ৰাপথত নিজকে হত্যা কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে পৰালৈকে খোজ কাঢ়ি থাকে আৰু অৱশেষত মাটিত অচেতন হৈ বাগৰি পৰে। ঈশ্বৰে এই ঘটনা দেখি তেওঁলোকৰ প্ৰতি কৃপা কৰে আৰু আকাশবাণী কৰি কয় যে, তেওঁলোক উভতি গৈ পৱিত্ৰ গৰুক পূজা কৰক আৰু লগতে “আহোই দেৱী’’ক পূজা কৰিবলৈ কয়; কাৰণ, তেওঁক সকলোৰে সন্তানৰ জীৱন্ত ৰক্ষক বুলি বিশ্বাস কৰা হৈছিল৷ আকাশবাণী শুনি দম্পতীহালৰ বৰ ভাল লাগিল আৰু ঘৰলৈ উভতি আহিল।

তেওঁলোকে ঐশ্বৰিক আজ্ঞা পালন কৰিবলৈ ধৰিলে। অষ্টমীৰ দিন অহাত পত্নীয়ে সিংহৰ পোৱালিটোৰ মুখখন বেৰত আঁকি ব্ৰত পালন কৰি দেৱী আহোইৰ বাবে উপবাস কৰিলে। তেওঁ কৰা পাপৰ বাবে তেওঁ সঁচাকৈয়ে অনুতাপ কৰিলে। দেৱী আহোই তেওঁৰ ভক্তি আৰু সততাত সন্তুষ্ট হৈ তেওঁৰ সন্মুখত উপস্থিত হৈ তেওঁক উৰ্বৰতাৰ বৰদান দিলে।৩

তথ্যসূত্ৰ

  1. ↑ Ahoi Ashtami drawings
  2. ↑ Pujan Vidhi
  3. ↑ Ahoi Ashtami Legends

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহোই অষ্টমী” প্ৰবন্ধৰ সংশোধন ৪১৩৯৪১ (২৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।