অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আনা আছলান

আনা আছলান ( ১ জানুৱাৰী ১৮৯৭ – ২০ মে' ১৯৮৮), জন্ম নাম, আন্না আচলানিয়ান, আছিল এগৰাকী ৰোমানিয়ান জীৱবিজ্ঞানী আৰু আংশিক আৰ্মেনিয়ান বংশৰ চিকিৎসক। তেওঁ ব্ৰিলাত জন্মগ্ৰহণ কৰে আৰু মৃত্যু হয় বুখাৰেষ্টত।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ৫১৩ শব্দ · ৩ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

আনা আছলান ( ১ জানুৱাৰী ১৮৯৭ – ২০ মে' ১৯৮৮), জন্ম নাম, আন্না আচলানিয়ান, আছিল এগৰাকী ৰোমানিয়ান জীৱবিজ্ঞানী আৰু আংশিক আৰ্মেনিয়ান বংশৰ চিকিৎসক। তেওঁ ব্ৰিলাত জন্মগ্ৰহণ কৰে আৰু মৃত্যু হয় বুখাৰেষ্টত। আছলান জেৰ’ণ্ট’লজীৰ বিশেষজ্ঞ, ১৯৭৪ চনৰপৰা শিক্ষাবিদ আৰু জেৰ’ভিটাল (H3) ঔষধ উদ্ভাৱনৰ বাবে পৰিচিত নেশ্যনেল ইনষ্টিটিউট অৱ জেৰিয়াট্ৰিক্স এণ্ড জেৰ’ণ্ট’লজীৰ পৰিচালক (১৯৫৮–১৯৮৮) আছিল। জেৰ’ণ্ট’লজীৰ গৱেষণাৰ বাবে আচলানে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে।

প্ৰাথমিক জীৱন

ম্কৃটিচ আৰু ছফিয়া আচলানিয়ানছৰ ঘৰত জন্মগ্ৰহণ কৰা চাৰিটা সন্তানৰ ভিতৰত আনা আছিল সৰু। আনা এটি অতি বুদ্ধিমতী শিশু বুলি কোৱা হৈছিল, চাৰি বছৰ বয়সৰ ভিতৰতে ইতিমধ্যে পঢ়িব আৰু লিখিবলৈ শিকিছিল। ১৩ বছৰ বয়সত তেওঁৰ পিতৃৰ মৃত্যু হয় আৰু তাৰ পিছত তেওঁৰ পৰিয়াল ৰোমানিয়াৰ বুখাৰেষ্টলৈ গুচি যায়। বুখাৰেষ্টতেই তেওঁ পঢ়া-শুনা আৰম্ভ কৰিছিল। ১৯১৫ চনত বুখাৰেষ্টৰ চেণ্ট্ৰেল স্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ দেউতাকৰ অকাল মৃত্যুৰ বাবেই তেওঁ চিকিৎসক হ’ব বিচৰাৰ কাৰণ বুলি কোৱা হৈছিল। যদিও চিকিৎসা ক্ষেত্ৰখন মহিলাৰ বাবে প্ৰৱেশৰ বাবে বাঞ্ছনীয় ক্ষেত্ৰ নাছিল, তথাপি আনা আছলানে সিদ্ধান্ত লৈছিল যে তেওঁ সেইটোৱেই হ’ব বিচৰা পথ আৰু ১৯১৫ চনৰপৰা ১৯২২ চনলৈকে চিকিৎসা অনুষদত অধ্যয়ন কৰিছিল। আৰ্থিক হেঁচাত মাকে চিকিৎসক হোৱাৰ এই সিদ্ধান্তক সমৰ্থন কৰা নাছিল, গতিকে মাকে চিকিৎসা কেৰিয়াৰ গ্ৰহণত মান্তি নোহোৱালৈকে আনা আছলানে অনশন কৰিছিল। স্নাতক অধ্যয়নৰ সময়ছোৱাত, প্ৰথম বিশ্বযুদ্ধৰ সময়ত তেওঁ নাৰ্ছ হিচাপে সৈন্যৰ যত্ন লৈছিল।

গৱেষণা

১৯২২ চনত চিকিৎসা অনুষদৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ ডেনিয়েল ডেনিয়েলোপ’লুৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে যিয়ে তেওঁৰ ডক্টৰেট ডিগ্ৰীৰ থিছিছৰ তত্ত্বাৱধান কৰে। ১৯২৪ চনত কাৰ্ডিঅ’ভাস্কুলাৰ ফিজিঅ’লজীত এম.ডি.।তেওঁৰ মনোযোগ আছিল শৰীৰবিজ্ঞান আৰু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াৰ ওপৰত। বাতবিষৰ ওপৰত প্ৰকেইনৰ প্ৰভাৱৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰি থাকোঁতে আচলানে এই ঔষধৰ অন্যান্য উপকাৰী প্ৰভাৱ আৱিষ্কাৰ কৰে। এই আৱিষ্কাৰৰ বাবেই তিনিবছৰীয়া অধ্যয়ন আৰু অৱশেষত তেওঁৰ জেৰ’ভিটাল (H3) নামৰ ঔষধ উদ্ভাৱন কৰা হয়, যিটো তেওঁ বয়স বৃদ্ধিৰ প্ৰভাৱৰ বাবে প্ৰেছক্ৰিপচন কৰিছিল। সহযোগী বিজ্ঞানীসকলৰপৰা দ্বিধাবোধ কৰি যে জেৰ’ভিটাল “যৌৱনৰ ফোয়াৰা” আছিল, আচলানে ফলাফল প্ৰমাণ কৰিবলৈ এক গৱেষণামূলক অধ্যয়ন আৰম্ভ কৰিছিল। দুবছৰৰ ভিতৰত ১৫ হাজাৰ লোকৰ তেজৰ নমুনা লোৱা হৈছিল, ইয়াৰে কিছুমানে জেৰ’ভিটাল আৰু কিছুমানে প্লেচেব’ গ্ৰহণ কৰিছিল। জেৰ’ভিটাল গ্ৰহণ কৰা ৪০% লোকৰ অসুস্থতাৰ ছুটীৰ দিন কম আছিল, আৰু ফ্লু মহামাৰীৰ ফলত হোৱা মৃত্যুৰ হাৰ প্লেচেব’ ৰোগীৰ ১৩% হোৱাৰ বিপৰীতে ঔষধ গ্ৰহণ কৰা ৰোগীৰ মাত্ৰ ২.৭% আছিল। ১৯৭৬ চনত এলেনা প'ল'ভ্ৰেজিয়ানু নামৰ এগৰাকী ফাৰ্মাচিষ্টৰ সৈতে তেওঁলোকে আচলাভিটাল নামৰ আন এটা ঔষধ উদ্ভাৱন কৰে, যিটো গেৰ'ভিটালৰ দৰেই ঔষধ আছিল যাৰ লক্ষ্য আছিল ছালৰ বয়স বৃদ্ধি প্ৰক্ৰিয়াত বিলম্ব।

আনা আছলানে দুটা প্ৰসাধন সামগ্ৰী (হেয়াৰ লোচন আৰু ক্ৰীম জেৰ’ভিটাল এইচ ৩) পেটেণ্ট কৰি তেওঁলোকৰ উৎপাদন ফাৰ্মেক কোম্পানী আৰু মিৰাজৰ ওপৰত ন্যস্ত কৰে। তাৰ পিছত কোম্পানী দুটাই নিজৰ প্ৰসাধন সামগ্ৰীৰ পৰিসৰৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰে আৰু পৰম্পৰাগত প্ৰ'কেইন হাইড্ৰ'ক্লৰাইড এই সূত্ৰৰ পৰা আঁতৰাই পেলোৱা হয়।১

উত্তৰাধিকাৰ

আনা আছলানক সামাজিক চিকিৎসাৰ অগ্ৰণী হিচাপে গণ্য কৰা হৈছিল। বুখাৰেষ্টৰ ইনষ্টিটিউট অৱ এণ্ডক্ৰাইন’লজীৰ শৰীৰবিজ্ঞান বিভাগৰ মুৰব্বী হোৱাৰ বছৰ বছৰ পিছত তেওঁ বুখাৰেষ্টৰ ইনষ্টিটিউট অৱ জেৰিয়াট্ৰিক্স প্ৰতিষ্ঠা কৰে। আনা আছলানে ১৯৫৯ চনত ৰোমানিয়ান ছ'চাইটি অৱ জেৰ'ণ্ট'লজি এণ্ড জেৰিয়াট্ৰিক্স গঠন কৰে।২ ৰোমানিয়ান ছ’চাইটি অৱ জেৰ’ণ্ট’লজীয়ে বিশ্বৰ ভিতৰতে প্ৰথমবাৰৰ বাবে নিজৰ গৱেষণাক ক্লিনিক, পৰীক্ষামূলক আৰু সামাজিক গৱেষণালৈ চেনেল কৰিছিল, বাৰ্ধক্য প্ৰক্ৰিয়া প্ৰতিৰোধৰ বাবে চিকিৎসা কৌশল উদ্ভাৱন কৰিছিল আৰু বাৰ্ধক্য প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য নেটৱৰ্ক গঠন কৰিছিল। তেওঁৰ ড্ৰাগছ জন এফ কেনেডীকে ধৰি বিশ্বৰ বহু বিখ্যাত ৰাজনীতিবিদ আৰু চেলিব্ৰিটিয়ে ব্যৱহাৰ কৰিছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ TV, NatGeo. National Geographic pentru toți oriunde. www.natgeotv.com
  2. ↑ Hertzog, Christopher. (2013). Live Younger, Live Longer!. Booksmango. পৃ. 4. ISBN 978-616-222-207-8

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনা আছলান” প্ৰবন্ধৰ সংশোধন ৫৯৫২৯০ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।