অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আডা বেলো

আডা চি বেলো (৬ নৱেম্বৰ, ১৯৩৩ – ৩১ মাৰ্চ, ২০২৩) আছিল এজন কিউবান-আমেৰিকান এলজিবিটি অধিকাৰ কৰ্মী আৰু পৰ্তুগীজ বংশৰ চিকিৎসা পৰীক্ষাগাৰৰ গৱেষক। ফিলাডেলফিয়া চেপ্টাৰ অৱ ডটাৰ্ছ অৱ বিলাইটিছ আৰু হোমোফাইল একচন লীগৰ প্ৰতিষ্ঠাপক আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আডা চি বেলো (৬ নৱেম্বৰ, ১৯৩৩ – ৩১ মাৰ্চ, ২০২৩) আছিল এজন কিউবান-আমেৰিকান এলজিবিটি অধিকাৰ কৰ্মী আৰু পৰ্তুগীজ বংশৰ চিকিৎসা পৰীক্ষাগাৰৰ গৱেষক। ফিলাডেলফিয়া চেপ্টাৰ অৱ ডটাৰ্ছ অৱ বিলাইটিছ আৰু হোমোফাইল একচন লীগৰ প্ৰতিষ্ঠাপক আছিল। বেলোৱে ১৯৬০ চনৰ শেষৰফালৰপৰা এলজিবিটি সম্প্ৰদায়ৰ বাবে সক্ৰিয়তামূলক প্ৰচেষ্টাৰ নেতৃত্ব দিছিল আৰু এলজিবিটি এলডাৰ ইনিচিয়েটিভৰ ব'ৰ্ডৰ সদস্য হিচাপেকে ধৰি পোষকতাৰ ভূমিকাত কাম কৰিছিল।১২

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৩৩ চনৰ ৬ নৱেম্বৰত কিউবাৰ হাভানাত বেলোৰ জন্ম হৈছিল।১ তেওঁৰ মাক মাদেইৰাৰ এগৰাকী গৃহিণী আৰু দেউতাক আছিল এজন উকীল আৰু ন্যায়াধীশ।৩ অধ্যয়নৰ বাবে হাভানালৈ যোৱাৰ আগতে তেওঁ মাটানজাছত বাস কৰিছিল।৪ ১৯৫৩ চনৰপৰা ১৯৫৬ চনলৈকে ফুলজেনচিঅ' বাটিষ্টাই বিশ্ববিদ্যালয়খন বন্ধ কৰাৰ পাছত বেলোৱে হাভানা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে আৰু তাৰ পিছত তেওঁ লুইজিয়ানা ষ্টেট ইউনিভাৰ্চিটি (এল এছ ইউ)লৈ বদলি হয়।৫ ১৯৬১ চনত এল এছ ইউৰপৰা ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।১৬ ১৯৫৮ চনৰপৰা ১৯৬১ চনলৈকে তেওঁ লুইজিয়ানাৰ বেটন ৰুজত বাস কৰিছিল আৰু তাৰ পিছত এবছৰৰ বাবে মিচিচিপিৰ পিকায়ুনলৈ গুচি যায়।৩

কেৰিয়াৰ

বেলোৱে ১৯৬২ চনৰপৰা ১৯৮০ চনলৈকে পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত চিকিৎসা পৰীক্ষাগাৰৰ সহায়ক হিচাপে কাম কৰিছিল। ১৯৮০ চনত পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ চিকিৎসা পৰীক্ষাগাৰৰ গৱেষক হয় আৰু পিছলৈ খাদ্য আৰু ঔষধ প্ৰশাসনৰ বাবে কাম কৰে।৩

সক্ৰিয়তাবাদ

১৯৬২ চনত বেলোৱে ফিলাডেলফিয়ালৈ গুচি যায় আৰু তাত তেওঁ এলজিবিটিকিউ সামাজিক আৰু ৰাজনৈতিক সংগঠনত অংশগ্ৰহণ কৰে।১ এই নৱজাত কাৰ্য্যসমূহক সমকামী আন্দোলন বুলি জনা গৈছিল।৭

১৯৬৭ চনত বেলো ফিলাডেলফিয়া চেপ্টাৰ অৱ দ্য ডাটাৰ্ছ অৱ বিলাইটিছ (DOB)ৰ প্ৰতিষ্ঠাপক সদস্য হয়। বেলোৱে সহযোগী কৰ্মী কেৰ’ল ফ্ৰাইডমেনৰ সৈতে ডি অ’ বি-ফিলাডেলফিয়াৰ বাতৰি কাকতখন সম্পাদনা কৰিছিল। ১৯৬৮ চনত ডি অ’ বি ভংগ কৰি হোমোফাইল একচন লীগ (এইচ এ এল) গঠন কৰাৰ সিদ্ধান্তত দুয়োজনে প্ৰভাৱ পেলায়। বেলোৱে এইচ এ এল নিউজলেটাৰৰ সম্পাদক হিচাপে কাম কৰিছিল যিয়ে এলজিবিটিকিউ সম্প্ৰদায়ৰ বিৰুদ্ধে আৰক্ষীৰ হাৰাশাস্তিক প্ৰত্যাহ্বান জনাইছিল।৫ তেওঁ আৰু এইচ এ এলৰ অন্যান্য সদস্যসকলে পেনচিলভেনিয়াৰ বিধানসভাৰ সদস্যসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ আৰম্ভ কৰে, যেনে প্ৰাক্তন গৱৰ্ণৰ মিল্টন শ্বেপৰ সৈতে, পেনচিলভেনিয়াৰ আইন অনুসৰি এলজিবিটিকিউ লোকসকলৰ বাবে সম অধিকাৰ আৰু সুৰক্ষাৰ বিষয়ে আলোচনা কৰিবলৈ।৮

১৯৬৮ চনত ফিলাডেলফিয়া আৰক্ষী বিভাগে স্থানীয় লেচবিয়ান বাৰ ৰাষ্টীজবাৰত অভিযান চলাই ১২ গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ পাছত বেলোৱে কৰ্মী হোৱাৰ সিদ্ধান্ত লয়। আমেৰিকান চিভিল লিবাৰ্টিজ ইউনিয়নৰ সৈতে আলোচনা কৰাৰ পাছত এইচ এ এলে আৰক্ষী বিভাগৰ সৈতে সাক্ষাৎ কৰিবলৈ অনুৰোধ জনায়। প্ৰব্ৰজনৰ অৱস্থাৰ বাবে বেলোৱে সভাসমূহত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰা নাছিল, কিন্তু এইচ এ এলৰ উপস্থিতসকলৰ বাবে গাড়ীখন চলাইছিল।৮৯ ১৯৬৮ চনত বেলোৱে ১৯৬৮ চনত আমেৰিকাৰ নাগৰিকত্ব লাভ কৰি ১৯৬৮ আৰু ১৯৬৯ চনত বাৰ্ষিক সোঁৱৰাই দিৱসৰ অন্তিম দুটা প্ৰতিবাদত অংশগ্ৰহণ কৰে।৫৮

তথ্যসূত্ৰ

  1. ↑ Fortino, Sebastian. (April 4, 2023). Ada Bello, LGBTQ pioneer who made Philadelphia home, dies at 89. Philadelphia Gay News
  2. ↑ Miles, Gary. (April 7, 2023). Ada Bello, pioneering LGBTQ activist and longtime laboratory chemist, has died at 89. The Philadelphia Inquirer
  3. ↑ Ada Bello, February 7, 1993 · Philadelphia LGBT History Project · OutHistory.org: It's About Time. outhistory.org
  4. ↑ (May 9, 2013). In paradise, fighting for LGBT rights. AL DÍA News
  5. ↑ Ada Bello. If They Should Ask
  6. ↑ (January 24, 1961). Louisiana State University and Agricultural and Medical College Mid-Year Commencement, January 24, 1961. পৃ. 7
  7. ↑ Metcalf, Meg. Research Guides: LGBTQIA+ Studies: A Resource Guide: Before Stonewall: The Homophile Movement. guides.loc.gov
  8. ↑ Funk, Mason. (2019). The book of pride: LGBTQ heroes who changed the world. ISBN 978-0-06-257170-0
  9. ↑ Gregg, Cherri. (June 19, 2019). For LGBT people of color, equality has been a multi-layered fight. KYW

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আডা বেলো” প্ৰবন্ধৰ সংশোধন ৬৩১০২৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।