অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অম্বিকা (জৈন ধৰ্ম)

অম্বিকা (Ambika) জৈন ধৰ্মৰ ২২তম তীৰ্থংকৰ নেমিনাথৰ ৰক্ষয়িত্ৰী দেৱী বা 'শাসনৰ দেৱী'। তেওঁৰ 'শাসন দেৱ' হৈছে দিগম্বৰপন্থী মতে সৰ্বাহ্ণ আৰু শ্বেতাম্বৰপন্থী মতে গোমেধ। অম্বিকা দেৱী এগৰাকী যক্ষী। তেওঁক অম্বাই, অম্বা, কুষ্মাণ্ডিনী আৰু অম্ৰ কুষ্মাণ্ডিনী বুলিও কোৱা হয়।

হালনাগাদ: ১২ জুলাই ২০২৬ ৯৬২ শব্দ · ৫ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

অম্বিকা (Ambika) জৈন ধৰ্মৰ ২২তম তীৰ্থংকৰ নেমিনাথৰ ৰক্ষয়িত্ৰী দেৱী বা 'শাসনৰ দেৱী'। তেওঁৰ 'শাসন দেৱ' হৈছে দিগম্বৰপন্থী মতে সৰ্বাহ্ণ আৰু শ্বেতাম্বৰপন্থী মতে গোমেধ। অম্বিকা দেৱী এগৰাকী যক্ষী। তেওঁক অম্বাই, অম্বা, কুষ্মাণ্ডিনী আৰু অম্ৰ কুষ্মাণ্ডিনী বুলিও কোৱা হয়।১ তেওঁক প্ৰায়ে এক বা অধিক শিশুৰ সৈতে আৰু প্ৰায়ে আম গছৰ তলত দেখুওৱা হয়। তেওঁক সঘনাই যোৰা হিচাপে প্ৰতিনিধিত্ব কৰা হয়। তেওঁৰ সোঁফালে যক্ষ সাৰ্ভানুভূতি আৰু বাঁওফালে কুষ্মাণ্ডিনী থাকে আৰু মূৰৰ ওপৰত এখন সৰু তীৰ্থংকৰৰ আকৃতি দেখুৱা হয়।২ অম্বিকা নামৰ আক্ষৰিক অৰ্থ হৈছে মাতৃ, সেয়েহে তেওঁ মাতৃ দেৱী হিচাপে জনাজাত। এই নাম হিন্দু দেৱী পাৰ্বতীৰ অন্য এক নাম।৩

জৈন জীৱনী

জৈন শাস্ত্ৰ অনুসৰি অম্বিকা দেৱী অগ্নিলা নামৰ এগৰাকী সাধাৰণ মহিলা আছিল আৰু পিছলৈ তেওঁ দেৱীত্ব লাভ কৰিছিল। ৪ তেওঁ গিৰিনগৰত তেওঁৰ স্বামী সোমশ্ৰমণ আৰু তেওঁৰ দুই সন্তান শুভংকৰ আৰু প্ৰভাংকৰৰ সৈতে বাস কৰিছিল। এবাৰ সোমশ্ৰমণে ব্ৰাহ্মণসকলক অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান শ্ৰাদ্ধ কৰিবলৈ আমন্ত্ৰণ কৰিছিল আৰু অগ্নিলাক ঘৰত থাকিবলৈ কৈছিল। ৫ সেইসময়তে নেমিনাথৰ মুখ্য শিষ্য বৰদত্ত তেওঁলোকৰ ঘৰৰ কাষেৰে পাৰ হৈ গৈছিল আৰু অগ্নিলাৰ পৰা তেওঁৰ মাহৰজোৰা উপবাস শেষ কৰিবলৈ খাদ্য বিচাৰিছিল। ৬ তেওঁ বৰদত্তক খাদ্য দিয়াৰ পিছত সোমশ্ৰমণ আৰু ব্ৰাহ্মণসকলে অগ্নিলাৰ ওপৰত খং উঠিছিল কিয়নো তেওঁলোকে অগ্নিলায়ে প্ৰস্তুত কৰা খাদ্য এতিয়া অশুদ্ধ বুলি বিবেচনা কৰিছিল। সোমশ্ৰমণে তেওঁক তেওঁৰ সন্তানৰ সৈতে ঘৰৰ পৰা উলিয়াই দিছিল আৰু তেওঁ এটা পাহাৰলৈ গৈছিল। অগ্নিলায়ে তেওঁৰ গুণৰ বাবে শক্তিৰে আশীৰ্বাদ লাভ কৰিছিল। তেওঁ যিটো গছৰ তলত আশ্ৰয় লৈছিল সেয়া ইচ্ছা প্ৰদান কৰা কল্পতৰু হৈ পৰিছিল। ইয়াৰ লগতে শুকান পুখুৰী পানীৰে উপচি পৰিছিল। দেৱতাসকলে অগ্নিলাৰ ওপৰত কৰা অত্যাচাৰৰ বাবে খং কৰিছিল আৰু তেওঁৰ ঘৰখন এৰি গোটেই গাঁওখন ডুবাই ৰাখিবলৈ সিদ্ধান্ত লৈছিল। এয়া দেখাৰ পিছত সোমশ্ৰমণ আৰু ব্ৰাহ্মণসকলে ভুল অনুভৱ কৰি ক্ষমা বিচাৰিবলৈ ধৰিছিল। শাস্তিৰ ভয়ত তেওঁৰ স্বামীক চাই অগ্নিলায়ে পাহাৰখনৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল কিন্তু তাৎক্ষণিকভাৱে দেৱী অম্বিকা হিচাপে পুনৰজন্ম লাভ কৰিছিল। ৭ তেওঁৰ স্বামীয়ে সিংহ হিচাপে পুনৰ জন্ম হৈছিল আৰু তেওঁ অম্বিকাৰ ওচৰলৈ আহি তেওঁৰ ভৰি চেলেকি বাহন হৈ পৰিছিল। নেমিনাথে তেওঁ আৰু তেওঁৰ দুই পুত্ৰক নিজৰ যক্ষ আৰু যক্ষী হিচাপে ৰূপান্তৰ কৰিছিল। ৮৯ অম্বিকা নেমিনাথৰ ৰক্ষয়িত্ৰী দেৱী বা 'শাসনৰ দেৱী'। তেওঁৰ 'শাসন দেৱ' হৈছে দিগম্বৰপন্থী মতে সৰ্বাহ্ণ আৰু শ্বেতাম্বৰপন্থী মতে গোমেধ। ১০

বৰ্ণনা

দেৱী অম্বিকা, সোঁ ফালে বাহন সিংহ আৰু আম গছৰ শাখা আৰু বাঁওফালে তেওঁৰ পুত্ৰ, ৰয়েল অনটাৰিঅ' সংগ্ৰহালয়, ৮ম-৯ম শতিকা
দেৱী অম্বিকা, সোঁ ফালে বাহন সিংহ আৰু আম গছৰ শাখা আৰু বাঁওফালে তেওঁৰ পুত্ৰ, ৰয়েল অনটাৰিঅ' সংগ্ৰহালয়, ৮ম-৯ম শতিকাছবি: Daderot · CC0

জৈন পৰম্পৰা অনুসৰি অম্বিকা দেৱীৰ বৰণ সোণালী আৰু বাহন এটা সিংহ। তেওঁ চতুৰ্ভুজা। তেওঁৰ দুই সোঁ হাতত এটা আম আৰু আনখনত আম গছৰ এটা শাখা ধাৰণ কৰে। তেওঁৰ এটা বাওঁ হাতত এডাল অশ্বৰশ্মি আৰু আনখন হাতেৰে তেওঁৰ দুই পুত্ৰ প্ৰিয়ংকৰ আৰু শুভংকৰক ধৰি থাকে। ১১১২১৩১৪ দক্ষিণ ভাৰতত দেৱী অম্বিকাৰ গাৰ বৰণ নীলা ৰঙৰ দেখুৱা হয়। ১৫ অম্বিকাক আন তীৰ্থংকৰৰ বাবেও শাসনদেৱী হিচাপে চিত্ৰিত কৰা হৈছে। অম্বিকা প্ৰায়ে বাহুবলীৰ সৈতে দেখুৱা হয়। ১৬ অম্বিকা আৰু সৰ্বানুভূতি যক্ষ-যক্ষী যোৰা ভাস্কৰ্য গোমুখ-চক্ৰেশ্বৰী আৰু ধৰণেন্দ্ৰ-পদ্মাৱতীৰ সৈতে আটাইতকৈ বেছি প্ৰচলিত। ১৭

অম্বিকা এগৰাকী স্বতন্ত্ৰ দেৱী হিচাপেও জনপ্ৰিয়। ১৮১৯ অনুমান কৰা হয় যে অম্বিকাৰ উৎপত্তি তিনিটা পৃথক দেৱীৰ উপাদানৰ পৰা হৈছিল। সেইকেইটা হৈছে সিংহবাহিনী দেৱী দুৰ্গাৰ পৰা, দ্বিতীয়তে আম আৰু আম গছৰ সৈতে জড়িত কিছুমান লোকদেৱী আৰু তৃতীয়তে দেৱী কুষ্মাণ্ডা। ২০

উপাসনা

গোমৎেশ্বৰৰ মূৰ্তিৰ সন্মুখত গুল্লিকাই জী হিচাপে অম্বিকা
গোমৎেশ্বৰৰ মূৰ্তিৰ সন্মুখত গুল্লিকাই জী হিচাপে অম্বিকাছবি: Charles Haynes · CC BY-SA 2.0

অম্বিকাৰ উপাসনা অতি প্ৰাচীন। ভাৰতত অম্বিকাৰ বহুতো পুৰণি ভাস্কৰ্য আৰু মন্দিৰ পোৱা গৈছে। ২১ দেৱী অম্বিকাৰ সৈতে পদ্মাৱতী, চক্ৰেশ্বৰীক সন্মানীয় দেৱী হিচাপে গণ্য কৰা হয় আৰু তীৰ্থংকৰৰ সৈতে জৈন ধৰ্মত উপাসনা কৰা হয়। ২২২৩ অম্বিকা আৰু পদ্মাৱতী তান্ত্ৰিক ৰীতি-নীতিৰ সৈতে জড়িত। এই তান্ত্ৰিক ৰীতিবোৰত যন্ত্ৰ-বিধি, পীঠ-স্থাপনা আৰু মন্ত্ৰ-পূজা অন্তৰ্ভুক্ত থাকে। ২৪২৫ অম্বিকাক কল্পলতা আৰু কামনা দেৱী হিচাপেও উপাসনা কৰা হয়। দিলৱাৰা জৈন মন্দিৰত অম্বিকাক কল্পলতা অৰ্থাৎ এক ইচ্ছা পূৰণ কৰা লতা হিচাপে দৰ্শোৱা হৈছে। ২৬ অম্বিকা দেৱী সন্তান জন্ম আৰু সমৃদ্ধিৰ সৈতেও জড়িত। ২৭ অম্বিকা আৰু সৰ্বহণা হৈছে ভাৰতৰ পশ্চিম প্ৰান্তত আটাইতকৈ জনপ্ৰিয় যক্ষ-যক্ষীৰ যোৰা। ২৮ অম্বিকাক কুলদেৱী বা গোত্ৰ-দেৱী হিচাপেও উপাসনা কৰা হয়। ২৯ অম্বিকা হৈছে পোৰৱাদ (প্ৰগৱত) জৈন সম্প্ৰদায়ৰ কুল-দেৱী। সকলো জৈন মূৰ্তিপুজক সকলে তেওঁৰ উপাসনা কৰে যদিও তেওঁ পোৰৱাদসকলৰ দ্বাৰা বিশেষভাৱে সন্মানিত।৩০

কিংবদন্তী অনুসৰি গোমৎেশ্বৰ মূৰ্তি নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পিছত, চাভুন্দৰায়ে পাঁচটা তৰল, গাখীৰ, কোমল নাৰিকল, চেনি, মৌ আৰু শ শ পাত্ৰত সংগ্ৰহ কৰা পানীৰে এটা মহামষ্টকভিষেকৰ আয়োজন কৰিছিল কিন্তু মূৰ্তিৰ নাভিৰ তলত তৰল প্ৰবাহিত হ'ব পৰা নাছিল। কুষ্মাণ্ডিনীয়ে এগৰাকী দৰিদ্ৰ বুঢ়ীৰ ছদ্মবেশত আহি আধা বগা গুল্লিকাই ফলৰ খোলাত গাখীৰেৰে অভিষেক কৰাত মূৰ্তিৰ মূৰৰ পৰা ভৰিলৈ বিয়পি পৰিছিল। চাভুন্দৰায়ে তেওঁৰ ভুল অনুভৱ কৰিছিল আৰু গৌৰৱ আৰু অহংকাৰ অবিহনে অভিষেক কৰিছিল আৰু এইবাৰ অভিষেক মূৰৰ পৰা ভৰিলৈ প্ৰবাহিত হৈছিল। ৩১ শ্ৰাৱণবেলগোলাত কুষ্মাণ্ডিনি দেৱী বা অম্বিকাৰ উপাসনা জৈন ৰীতি-নীতিৰ এক অবিচ্ছেদ্য অংশ। ৩২

মুখ্য মন্দিৰসমূহ

শ্ৰী অম্বিকা দেৱীৰ মুখ্য মন্দিৰবোৰৰ ভিতৰত আছে:

  • শ্ৰী নেমিনাথ অধিষ্ঠায়ক নাগোত্ৰ সোলাঙ্কি গোত্ৰীয়া কুলদেৱী শ্ৰী অম্বিকাদেৱী জিনালয়, সান্ধু
  • ৰাজস্থান ৰাজ্যৰ পালি জিলাৰ তখতগড়ৰ শ্ৰী কুলদেৱী অম্বিকাদেৱী জৈন মন্দিৰ
  • শ্ৰী কুলদেৱী অম্বিকাদেৱী জৈন মন্দিৰ, পাদাৰলি

সাহিত্যত উল্লেখ

  • অম্বিকা-কল্প, অম্বিকা-তদমকা, অম্বিকাটাতঙ্কা, অম্বিকা-স্তুতি, অম্বিকা-দেৱী-স্তুতি আৰু ভৈৰৱ-পদ্মাৱতী-কল্প হৈছে অম্বিকাৰ উপাসনাৰ বাবে তান্ত্ৰিক শাস্ত্ৰ৩৩
  • অম্বিকা-স্তৱন, ১৩ শতিকাৰ চালুক্যৰ মন্ত্ৰী বাস্তুপলাৰ দ্বাৰা সংকলিত অম্বিকাৰ স্তৱ৩৪
  • চতুৰ্দশ শতিকাৰ আচাৰ্য জিনপ্ৰভা চুৰিৰ অম্বিকা-দেৱী-কল্প৩৫
  • অপৰাজিতা-প্ৰচ্চা হৈছে অম্বিকাৰ স্তুতি, ১২-১৩ শতিকাৰ ভুৱনদেৱৰ দ্বাৰা সংকলিত৩৬

তথ্য উৎস

গ্ৰন্থৰাজি

তথ্যসূত্ৰ

  1. ↑ JAINpedia > Themes > Practices > Ambikā or Kuṣmāṇḍinī. www.jainpedia.org
  2. ↑ Stele with 'yaksha-yakshini' couple and Jinas, Pratapaditya Pal, ‘Goddess: divine energy’, pg.30., Art Gallery of New South Wales, 2006
  3. ↑ Pal 1986, পৃ. 45
  4. ↑ Chandraprabha Jain Temple Chennai museum, পৃ. 48
  5. ↑ Shah 1987, পৃ. 257
  6. ↑ Shah 1987, পৃ. 165
  7. ↑ Dundas 2002, পৃ. 214
  8. ↑ Kumar 2001, পৃ. 112
  9. ↑ Pereira 2001, পৃ. 62-63
  10. ↑ Shah 1987, পৃ. 165
  11. ↑ Jain 2009, পৃ. 63
  12. ↑ Tiwari 1989, পৃ. 132
  13. ↑ Dalal 2014, পৃ. 158
  14. ↑ Ambika
  15. ↑ Shah 1995, পৃ. 17
  16. ↑ Tiwari 1989, পৃ. 28
  17. ↑ Tiwari 1989, পৃ. 13
  18. ↑ Dundas 2002, পৃ. 214
  19. ↑ Singh 2008, পৃ. 55
  20. ↑ Mishra Ray 2016, পৃ. 168
  21. ↑ Kumar 2001, পৃ. 112
  22. ↑ Krishna 2014, পৃ. 68
  23. ↑ Chawdhri 1992, পৃ. 128
  24. ↑ Tiwari 1989, পৃ. 29
  25. ↑ Shah 1987, পৃ. 221
  26. ↑ Kumar 2001, পৃ. 107
  27. ↑ Dundas 2002, পৃ. 214
  28. ↑ Tiwari 1989, পৃ. 13
  29. ↑ Shah 1987, পৃ. 65
  30. ↑ The Muslim Review - Volumes 1-2, p. 29
  31. ↑ Deccan Chronicle 2018 Mahamastakabhisheka
  32. ↑ Gier 2001, পৃ. 83
  33. ↑ Tiwari 1989, পৃ. 29
  34. ↑ Tiwari 1989, পৃ. 28
  35. ↑ Tiwari 1989, পৃ. 28
  36. ↑ Tiwari 1989, পৃ. 28

সম্পৰ্কিত শ্ৰেণী

জৈন ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অম্বিকা (জৈন ধৰ্ম)” প্ৰবন্ধৰ সংশোধন ৬১৬৯১৫ (১২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।