হিন্দী কাব্যগ্ৰন্থ
৪ প্ৰবন্ধ
-
হনুমান চালিছা
হনুমান চালিছা হৈছে ভগৱান হনুমানৰ প্ৰশংসাত ৰচিত হিন্দু ধৰ্মৰ এক ভক্তিমূলক স্তোত্ৰ। লাখ লাখ হিন্দু ধৰ্মাৱলম্বী লোকে জনপ্ৰিয়ভাৱে প্ৰতিদিনে ইয়াৰ আবৃত্তি কৰে।
-
অৰুন্ধতী (মহাকাব্য)
অৰুন্ধতী (Arundhatī) (১৯৯৪) হৈছে ১৯৯৪ চনত জগতগুৰু ৰামভদ্ৰাচাৰ্য (১৯৫০–)ৰ দ্বাৰা ৰচিত এখন হিন্দী মহাকাব্যিক কবিতা (মহাকাব্য)। ই ১৫টা সৰ্গত বিভক্ত ১২৭৯টা শ্লোকৰ সমষ্টি। এই কবিতাটোত বিভিন্ন হিন্দু শাস্ত্ৰত পোৱা দম্পতী অৰুন্ধতী আৰু বশিষ্ঠৰ আখ্যান উপস্থাপন কৰা হৈছে।
-
মধুশালা
মধুশালা হ'ল প্ৰসিদ্ধ হিন্দী কবি তথা লেখক হৰিবংশ ৰায় বচ্চনৰ অনুপম কাব্যগ্ৰন্থ। ইয়াত ১৩৫ টা ৰুবায়েট (অৰ্থাৎ চাৰিটা শাৰীৰ কবিতা) আছে। বিংশ শতিকাৰ আৰম্ভণিত হিন্দী সাহিত্যৰ অত্যন্ত মহত্বপূৰ্ণ ৰচনাৰ ভিতৰত মধুশালা অন্যতম য'ত চুফীবাদ প্ৰতিফলিত হৈছে।
-
ৰশ্মিৰথী
ৰশ্মিৰথী (Rashmirathi) (অৰ্থাৎ 'পোহৰৰ ৰথৰ আৰোহী'; 'ৰশ্মি' মানে পোহৰৰ ৰশ্মি আৰু 'ৰথী' মানে ৰথ চলোৱা জন) হৈছে ১৯৫২ চনত কবি ৰামধাৰী সিং দিনকৰৰ দ্বাৰা ৰচিত এটা হিন্দী মহাকাব্যিক কবিতা। এই কবিতাটোত হিন্দু মহাকাব্য মহাভাৰতৰ অন্যতম কেন্দ্ৰীয় চৰিত্ৰ কৰ্ণৰ কাহিনী বৰ্ণনা কৰা হৈছে।