লোকসাহিত্যিক
৫ প্ৰবন্ধ
-
নেৰেইডা ৰড্ৰিগেজ
নেৰেইডা ৰড্ৰিগেজ (ইংৰাজী: Nereyda Rodríguez; ১৬ আগষ্ট ১৯৩১ – ১ অক্টোবৰ ২০১১) এগৰাকী ডমিনিকান লোককথাবিদ, নৃত্যশিল্পী আৰু শিক্ষাবিদ। মূলতঃ "বেলেট নিগ্ৰো এণ্ড বেলেট ব্লাংকো" নামৰ ডমিনিকান ফ'ক'ৰিক বেলেটৰ সহ-প্ৰতিষ্ঠাপক আৰু পৰিচালক আৰু পপুলাৰ ডান্সিং থিয়েটাৰৰ সহ-প্ৰতিষ্ঠাপক আছিল।
-
ফানুজা নাদৰ্শিনা
ফানুজা নাদৰ্শিনা (Fanuza Nadrshina; Фәнүзә Нәҙершина; জন্ম: ৭ ফেব্ৰুৱাৰী, ১৯৩৬) এগৰাকী বাছকিৰ লোককথাবিদ, শিক্ষাবিদ আৰু অধ্যাপিকা।
-
মাৰ্গাৰেট হেলেন জেমছ
মাৰ্গাৰেট হেলেন জেমছ (ইংৰাজী: Margaret Helen James; জন্ম: ১৮৫৯ – ৯ ডিচেম্বৰ ১৯৩৮) এগৰাকী ইংৰাজ আঞ্চলিক লোকসংস্কৃতিবিদ আৰু সূচীবদ্ধকাৰী আছিল। তেওঁ এম. এইচ. জেমছ নামেৰে ১৮৯১ চনত বগী টেলছ অৱ ইষ্ট আংলিয়া নামৰ গ্ৰন্থখন প্ৰকাশ কৰিছিল। ই আছিল ইষ্ট এংলিয়াৰ স্থানীয় লোকসংস্কৃতিৰ ওপৰত আধাৰিত প্ৰথমখন গ্ৰন্থ।
-
লুচী বাকেছোভা
লুচী বাকেছোভা (পূৰ্বৰ উপাধি ৱাঙ্কলোভা; ২৬ ডিচেম্বৰ ১৮৫৩ – ২ এপ্ৰিল ১৯৩৫) এগৰাকী চেক নৃতত্ত্ববিদ, লোকসংস্কৃতি সংগ্ৰাহক আৰু সমাজকৰ্মী আছিল।
-
সাধনা নাইথানী
সাধনা নাইথানী (জন্ম ১৯৬৪) এগৰাকী ভাৰতীয় নৃতাত্ত্বিক গৱেষক, লোকসংস্কৃতিবিদ, ইণ্ডো-ইউৰোপীয় উপনিৱেশোত্তৰ তাত্ত্বিক আৰু শিক্ষাবিদ। তেওঁ ২০২৪ চনলৈকে ইণ্টাৰনেশ্বনেল ছ'ছাইটি ফৰ ফক নেৰেটিভ ৰিচাৰ্চ (ISFNR)-ৰ সভাপতি আছিল, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU)-ত লোকসংস্কৃতি ইউনিট সমন্বয় কৰে আৰু দুন…