মেইতেই দেৱী
৭ প্ৰবন্ধ
-
লাই হাৰাওবা
লাই হাৰাওবা (Lai Haraoba) মণিপুৰৰ মেইতেই জনগোষ্ঠীৰ ধৰ্মীয় উৎসৱ। মণিপুৰৰ পাৰম্পৰিক লোক-ধৰ্ম সনমাহীৰ উমং লাই গোটৰ দেৱতা সকলৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হয়। উমং লাই হৈছে স্থানীয় মণিপুৰী ধৰ্মৰ পৱিত্ৰ বন দেৱতা। মেইতেই ভাষাত লাই হাৰাওবাৰ আক্ষৰিক অৰ্থ হৈছে দেৱতা সকলৰ আনন্দৰ উৎসৱ।
-
পান্থোইবী
পান্থোইবী বা পান্থোইপী (যাক নংপোক লৈমা বা পূৱৰ ৰাণী হিচাপেও জনা যায়) হৈছে সভ্যতা, সাহস, প্ৰজনন, হস্তশিল্প, প্ৰেম, জয়, যুদ্ধ আৰু জ্ঞানৰ দেৱী। তেওঁৰ পূজা মেইতেই লোকবিশ্বাস আৰু সনামহী ধৰ্মত হয়, যাৰ উৎপত্তি প্ৰাচীন কাংলেইপাক (বৰ্তমান মণিপুৰ) অঞ্চলত। তেওঁ নংপোক নিংথৌৰ পত্নী হিচাপে বিবেচিত।
-
থোইবি
মইৰাং থোইবি (পুৰণি মণিপুৰী: মইলাং থোইপি) বা ইৱাংলন থোইবি (পুৰণি মণিপুৰী: ইৱাংলন থোইপি) প্ৰাচীন মইৰাং কংগলেইৰল কিংবদন্তিৰপৰা খম্বা থোইবি কাহিনীৰ মূল চৰিত্ৰ। প্ৰাচীন মইৰাং ৰাজ্যৰ এগৰাকী ৰাজকুমাৰী। তাই ৰজাৰ কন্যা নহয়।
-
কনথৌজাম টাম্ফা লাইৰেম্বি
কনথৌজাম টাম্ফা লাইৰেম্বি (মণিপুৰী: ꯀꯣꯟꯊꯧꯖꯝ ꯇꯝꯐꯥ, চিংফুৰন কনথৌছু বুলিও কোৱা হয়) মণিপুৰৰ থলুৱা ধৰ্ম সনামাহি ধৰ্মৰ এগৰাকী দেৱী। পূৰ্বতে তেওঁ হাওৰক কনথৌ বংশ (কনথৌজাম বংশ)ৰ মৰ্ত্যলোক সত্তা আছিল।
-
কোৰৌ নংমাই হান্পী
কোৰৌ নংমাই হান্পী (Korou Nongmai Hanpi), যাক কোৰৌ নংমাই হান্বী বুলিও জনা যায়, হৈছে মেইতেই পৌৰাণিক কাহিনী, লোককথা আৰু ধৰ্মৰ এগৰাকী মাতৃসুলভ দেৱী। খ্ৰীষ্টীয় প্ৰথম শতিকাৰ ধ্ৰুপদী মেইতেই সাহিত্যিক কৰ্ম নুমিত কাপ্পা ("সূৰ্যক গুলীয়াই নমাই অনা")ত তেওঁৰ বিশেষ উল্লেখ পোৱা যায়।
-
ফৌ-অইবি, ধানৰ দেৱী
ফৌ-অইবি, ধানৰ দেৱী হৈছে ২০১৩ চনৰ মেইতেই ভাষাৰ বেলাড অপেৰা। ই দেৱী ফৌ-অইবিৰ কাহিনীৰ আধাৰত, মেইতেই পৌৰাণিক কাহিনী আৰু লোককথাৰ পৰা অভিযোজিত, তথা ভাৰতৰ মণিপুৰৰ পৰা Laihui Ensemble দ্বাৰা পৰিবেশিত অপেৰা। ই "Tapestry of Sacred Music 2013" কাৰ্যসূচীৰ অংশ হিচাপে ছিংগাপুৰৰ Esplanadeত অনুষ্ঠিত হয়।
-
হাওৰেইমা
হাওৰেইমা মণিপুৰৰ থলুৱা ধৰ্ম মেইটেই পৌৰাণিক কাহিনী আৰু সনামহী ধৰ্মৰ কৰুণ প্ৰেম আৰু বিচ্ছেদৰ দেৱী। কিছুমান কিংবদন্তি অনুসৰি তেওঁ আছিল পাহাৰৰ এগৰাকী মহিলা, যিয়ে প্ৰেমিকক লগ কৰিব নোৱাৰি মৃত্যুবৰণ কৰে আৰু নিৰ্যাতিত আত্মালৈ ৰূপান্তৰিত হয়। তেওঁক দেৱী পান্থোইবীৰ অৱতাৰ হিচাপে গণ্য কৰা হয়।