মৃৎ শিল্প
৭ প্ৰবন্ধ
-
আশাৰীকান্দি
আশাৰীকান্দি (Asharikandi) অসমৰ ধুবুৰী জিলাৰ দেৱীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন গাঁও। আশাৰীকান্দি পাৰম্পৰিক মৃৎ শিল্পৰ বাবে বিখ্যাত। গৌৰীপুৰৰ ঐতিহাসিক তথা বিশ্ব বিখ্যাত আশাৰীকান্দি টেৰাকটা শিল্প গাঁৱৰ মুঠ ১৬০টা পৰিয়ালৰ প্ৰজন্মৰ পাছত প্ৰজন্মই পোৰা মাটিৰ পাত্ৰ আৰু টেৰাকোটা মৃৎ শিল্পৰ লগত জড়িত হৈ…
-
মৃৎশিল্প
মৃৎশিল্প বুলিলে মাটি আৰু অন্যান্য কেঁচামালৰ সহায়ত তৈয়াৰ কৰা আৰু উচ্চ তাপমাত্ৰাত কঠিন আৰু দীঘলীয়া স্থায়িত্বযুক্ত ৰূপ দিয়া বস্তুসমূহৰ গঠন প্ৰক্ৰিয়া আৰু তাৰ ফলাফলক বুজায়। অসমীয়া ভাষাত মাটিৰ সামগ্ৰীৰ নিৰ্মাতাক কুমাৰ বুলি কোৱা হয়।
-
কোছিভৰ চিত্ৰিত মৃৎশিল্প
কোছিভৰ চিত্ৰিত মৃৎশিল্প হুতছুলসকলৰ পৰম্পৰাগত লোকশিল্প আৰু ইউক্ৰেইনীয় মৃৎশিল্পৰ এটা প্ৰকাৰ। ইয়াত বিভিন্ন ধৰণৰ বাচন-বৰ্তন, শিশুৰ খেলনা, স্মাৰক সামগ্ৰী, চৌকাৰ টাইল আৰু সজ্জাগত টাইল নিৰ্মাণ কৰা হয়। এই মৃৎশিল্প জটিল নিৰ্মাণ পদ্ধতি আৰু বিশেষ চিত্ৰশৈলীৰ বাবে পৰিচিত।
-
খুৰ্জা মৃৎশিল্প
খুৰ্জা মৃৎশিল্প (Khurja pottery) ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ বুলন্দশ্বাহৰ জিলাৰ খুৰ্জাত প্ৰচলিত পৰম্পৰাগত ভাৰতীয় মৃৎশিল্প। বৌদ্ধিক সম্পত্তি অধিকাৰ (ট্ৰিপছ) চুক্তিৰ বাণিজ্য সম্পৰ্কীয় দিশৰ ওপৰত চুক্তিৰ ভৌগোলিক স্বীকৃতিৰ অধীনত খুৰ্জা মৃৎশিল্পক সুৰক্ষা প্ৰদান কৰা হৈছে।
-
নিজামাবাদৰ ক'লা মাটিৰ শিল্প
নিজামাবাদৰ ক'লা মাটিৰ শিল্প (Nizamabad black clay pottery) ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ আজমগড় জিলাৰ নিজামাবাদত প্ৰচলিত পৰম্পৰাগত মৃৎশিল্প। ক'লা উজ্জ্বল পাত্ৰত ৰূপালী নক্সাৰ বাবে এই মৃৎশিল্প জনাজাত।
-
ব'ন চাইনা
হাড়ৰ ছাই, ফিল্ডছ্পাৰ আৰু কেঅ'লিনেৰে তৈয়াৰী এবিধ কোমল পে'ষ্টৰ চীনামাটিক ব'ন চাইনা বোলা হয়। সংজ্ঞা অনুসৰি ই জন্তুৰ হাড়ৰ উৎসৰ ন্যূনতম ৩০% ফছ্ফেট আৰু নিৰ্দিষ্ট পৰিমাণৰ কেল্চিয়াম ফছ্ফেট থকা অস্বচ্ছ পাত্ৰ। শক্তি আৰু ভঙা প্ৰতিৰোধক্ষমতাৰ দিশৰ পৰা ব'ন চাইনা সকলোতকৈ শক্তিশালী চীনামাটি।
-
মাজুলীৰ মৃৎ শিল্প
মাজুলীৰ মৃৎ শিল্প হৈছে অসমৰ এবিধ উল্লেখযোগ্য লোককলা। সাধাৰণতে কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকসকল এই কলাৰ সৈতে জড়িত। মৃৎ শিল্পত কুশলী এই লোকসকলক 'কুম্ভকাৰ' নামেৰেও জনা যায়।