বিবাহ
৩৯ প্ৰবন্ধ
-
কেটুবাহ
কেটুবাহ (/kɛtuːˈvɑː/; হিব্ৰু: כְּתוּבָּה) হৈছে ইহুদীসকলৰ বিবাহ চুক্তি। ইয়াক পৰম্পৰাগত ইহুদী বিবাহৰ অবিচ্ছেদ্য অংগ বুলি গণ্য কৰা হয়, আৰু ইয়াত কইনাৰ সম্পৰ্কত দৰাৰ অধিকাৰ আৰু দায়িত্বৰ ৰূপৰেখা দাঙি ধৰা হয়।
-
গাত হালধি সনা
গাত হালধি সনা বঙালী সম্প্ৰদায়ৰ লোকসকলৰ নানা পৰম্পৰাগত উৎসৱৰ ভিতৰত অন্যতম।এই উৎসৱটো মূলতঃ বিয়া সম্পৰ্কীয় এক অনুষ্ঠান, যত দৰা-কইনা উভয়পক্ষই পালন কৰে। গাত হালধি সনা উৎসৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হ’ল কেঁচা হালধি।
-
প্ৰেম বিবাহ
প্ৰেম বিবাহ বা লাভ মেৰেজ (Love Marriage) শব্দটো দক্ষিণ এছিয়াত; বিশেষকৈ ভাৰত, পাকিস্তান, বাংলাদেশ আৰু শ্ৰীলংকাত ব্যৱহাৰ হয়। ইয়াৰ জৰিয়তে এহাল যুৱক-যুৱতীয়ে প্ৰেমৰ জৰিয়তে মাক-দেউতাকৰ সন্মতি পোৱা বা নোপোৱাকৈ কৰা বিবাহক বুজোৱা হয়। আচলতে প্ৰেম বিবাহৰ কোনো স্পষ্ট সংজ্ঞা নাই।
-
পৰম্পৰাগত চীনা বিবাহ
পৰম্পৰাগত চীনা বিবাহ (Traditional Chinese marriage, ) চীনা সমাজসমূহত অনুষ্ঠিত এক আনুষ্ঠানিক বিবাহ-অনুষ্ঠান। এই বিবাহ-অনুষ্ঠানত কেৱল স্বামী-স্ত্ৰীৰ মিলনেই নহয়, এজন পুৰুষ আৰু এগৰাকী নাৰীৰ দুয়োটা পৰিয়ালৰ মাজতো সম্পৰ্ক স্থাপন হয়।
-
বহিৰ্বিবাহ
বহিৰ্বিবাহ ( Exogamy) বা অসবৰ্ণ বিবাহ হৈছে নিজৰ সামাজিক গোটৰ বাহিৰৰ ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ সামাজিক নীতি। গোটটোৱে বহিৰ্বিবাহৰ পৰিসৰ তথা প্ৰসাৰ আৰু ইয়াৰ ধাৰাবাহিকতা নিশ্চিত কৰা নিয়ম আৰু বলবৎকাৰী ব্যৱস্থাসমূহৰ সংজ্ঞা নিৰ্ধাৰণ কৰে।
-
বিবাহ বজাৰ
বিবাহ বজাৰ হ’ল এনে এখন ৰাজহুৱা স্থান য’ত পিতৃ-মাতৃয়ে সন্তানৰ বাবে বৈবাহিক পত্নী বিচাৰি উলিওৱাৰ লক্ষ্যৰে বিজ্ঞাপন তালিকাভুক্ত কৰে। তাৰ পিছত মানুহে তাত গোট খায় আৰু তালিকাসমূহ পঢ়ে, প্ৰায়ে বৈবাহিক মিল বিচাৰি পোৱাৰ আশাত।
-
ভাৰতীয় খ্ৰীষ্টান বিবাহ আইন, ১৮৭২
ভাৰতীয় খ্ৰীষ্টান বিবাহ আইন, ১৮৭২ ভাৰতীয় সংসদৰ দ্বাৰা গৃহীত এখন আইন। ভাৰতত বসবাস কৰা খ্ৰীষ্টানধৰ্মালম্বী সকলৰ বিবাহক আইনী স্বীকৃতি আৰু নিয়ন্ত্ৰণ কৰে এই আইনৰ মূল উদ্দেশ্য। ১৮৭২ চনৰ ১৮ জুলাই তাৰিখে এই আইন গৃহীত কৰা হৈছিল। জম্মু আৰু কাশ্মীৰ, মণিপুৰ আৰু কোচিনৰ বাদে সমগ্ৰ ভাৰত এই আইন প্ৰযোজ্য হয়।
-
মালাবাৰ বিবাহ আইন, ১৮৯৬
মালাবাৰ বিবাহ আইন, ১৮৯৬ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাজ চৰকাৰে ১৮৯১ চনৰ মালাবাৰ বিবাহ কমিচনৰ পৰামৰ্শ মৰ্মে প্ৰণয়ন কৰা এক আইন আছিল। এই আইনে মাদ্ৰাজ প্ৰেচিডেন্সীৰ অন্তৰ্ভুক্ত মালাবাৰ জিলাৰ মৰুমাক্কাতায়ম বা মাতৃতান্ত্ৰিক পদ্ধতি অৱলম্বন কৰা যিকোনো সম্প্ৰদায়ৰ লোক সকলৰ সম্বন্ধমক বিবাহৰ স্বীকৃতি প্ৰদান…
-
লখিমী বিবাহ
লখিমী বিবাহ সাধাৰণতে উজনি অসমৰ গাঁও বিশেষতে সীমাবদ্ধ। বৰষুণৰ কামনাৰে জেঠ-আহাৰ মাহত লখিমী সবাহৰ সৈতে জড়িত বিশ্বাস অনুসৰি, শস্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী বা লখিমী ধান চপোৱাৰ পাছত পথাৰৰ পৰা অন্তৰ্ধান হয় আৰু ওখ পৰ্বতত স্থিতি লয়গৈ।