বাংলাদেশৰ নগৰ-মহানগৰ
৬ প্ৰবন্ধ
-
ঢাকা
ঢাকা (Dhaka, অতীতত Dacca ব্যৱহৃত হৈছিল) বাংলাদেশৰ ৰাজধানী আৰু ঢাকা বিভাগৰ প্ৰধান চহৰ। ঢাকা এখন মহানগৰ আৰু দক্ষিণ এছিয়াৰ অন্যতম প্ৰধান চহৰ। বুঢ়ী গংগা নদীৰ তীৰত অৱস্থিত এই চহৰ বাংলাদেশৰ বৃহত্তম চহৰ। ঢাকাৰ মহানগৰ অঞ্চলৰ জনসংখ্যা প্ৰায় ১ কোটি ৫০ লাখ।
-
চিলেট
চিলেট (Bengali: সিলেট, চিলেটী নাগৰী:ꠍꠤꠟꠐ), )) হৈছে বাংলাদেশৰ উত্তৰ-পূব অঞ্চলত অৱস্থিত এখন মহানগৰ। ই চিলেট বিভাগৰ প্ৰশাসনিক কেন্দ্ৰ। ই ছুৰমা নদীৰ পাৰত অৱস্থিত। প্ৰায় ৭ লাখ লোকৰ জনসংখ্যাৰ ফলত বাংলাদেশৰ পঞ্চম বৃহত্তম চহৰ। চাহ বাগিচা আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে চিলেট পৰিচিত।
-
চট্টগ্ৰাম
চট্টগ্ৰাম (অন্য নাম: চাটগাঁও / চিটাং), বাংলাদেশৰ দ্বিতীয় বৃহত্তম চহৰ। বন্দৰনগৰী নামেৰে পৰিচিত এই চহৰখন বাংলাদেশৰ দক্ষিণ-পূব অংশৰ চট্টগ্ৰাম জিলাত অৱস্থিত। বাণিজ্যিক ৰাজধানী হিচাপে পৰিচিত, লগতে পাহাৰ, সাগৰ আৰু উপত্যকাৰে আগুৰি থকা চট্টগ্ৰাম চহৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে পূবৰ ৰাণী হিচাপে বিখ্যাত।
-
ৰাজশাহী
ৰাজশাহী বাংলাদেশৰ অন্যতম প্ৰাচীন আৰু ঐতিহ্যবাহী মহানগৰ। ৰাজশাহী আয়তনৰফালৰপৰা বাংলাদেশৰ ৪ৰ্থ আৰু জনসংখ্যাৰফালৰপৰা ৪ৰ্থ বৃহত্তম মহানগৰ। ৰাজশাহী চহৰ পদ্মা নদীৰ পাৰত অৱস্থিত। ই ৰাজশাহী বিভাগৰ বিভাগীয় চহৰ। ৰাজশাহী চহৰৰ ওচৰত প্ৰাচীন বাংলাৰ কেইবাখনো ৰাজধানী চহৰ অৱস্থিত।
-
ব্ৰাহ্মণবাড়িয়া
ব্ৰাহ্মণবাড়িয়া বা ব্ৰাহ্মণবাৰিয়া (Brahmanbaria, ব্ৰাহ্মণবাড়িয়া) হৈছে বাংলাদেশৰ চিটাগং বিভাগৰ এখন চহৰ। ই ব্ৰাহ্মণবাড়িয়া জিলা আৰু ব্ৰাহ্মণবাড়িয়া সদৰ উপজিলাৰ সদৰ ঠাই। কুমিল্লাৰ পিছতে ই পূব বাংলাদেশৰ দ্বিতীয় বৃহত্তম চহৰ।
-
জামালপুৰ, বাংলাদেশ
জামালপুৰ (বাংলা: জামালপুব়) হৈছে মৈমনসিং বিভাগৰ পুৰণি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন চহৰ। ই জামালপুৰ জিলা আৰু জামালপুৰ সদৰ উপজিলাৰ মুখ্য কাৰ্যালয়। ২০২২ চনৰ বাংলাদেশৰ লোকপিয়ল অনুসৰি, জামালপুৰৰ জনসংখ্যা ১৫৮,৮৭৩ জন। যাৰ বাবে ই বাংলাদেশৰ ৩১ সংখ্যক বৃহত্তম চহৰ।