বড়ো ভাষা
৪ প্ৰবন্ধ
-
বড়ো ভাষা
বড়ো ভাষা (बर’ राव) বড়ো জনগোষ্ঠীৰ মাতৃভাষা আৰু উত্তৰ-পূব ভাৰতৰ তিব্বত-বৰ্মীয় ভাষাসমূহৰ ভিতৰত কওঁতাৰ সংখ্যাৰে অগ্ৰগণ্য। ই অসমৰ সহ-চৰকাৰী ভাষা, বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চলৰ চৰকাৰী ভাষা, আৰু ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত স্বীকৃত ভাষা।
-
বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয় ২০০৫ চনৰ পৰা। প্ৰথম বাৰৰ বাবে এই বঁটা লাভ কৰে মংগলসিং হাজোৱাৰীয়ে তেওঁৰ কাব্য সংকলন "জিওনি মৗগঠাংগ বিসম্বি আৰৗ অৰোজ"-ৰ বাবে।
-
বড়ো ৰোমান লিপি আন্দোলন
বড়ো ৰোমান লিপি আন্দোলন (Bodo Roman Script Movement) বড়ো ভাষা লিখিবলৈ ৰোমান লিপিৰ স্বীকৃতি বিচাৰি সংঘটিত হোৱা এক ভাষিক আন্দোলন। বড়ো সাহিত্য সভাই এই আন্দোলনৰ নেতৃত্ব দিছিল আৰু ইয়াত অসম ভৈয়াম জনজাতি পৰিষদ, সদৌ বড়ো ছাত্ৰসন্থা আদি সংগঠনো জড়িত হৈ পৰিছিল।
-
দেওধাই লিপি
দেওধাই লিপি বৰ্তমানে এক বিলুপ্ত লিপি, যিটো কিছু বিশেষজ্ঞৰ অনুসৰি কছাৰী জনগোষ্ঠীৰ মাজত প্ৰচলিত আছিল। বিষ্ণুপ্ৰসাদ ৰাভাই ডিমাপুৰ অঞ্চলৰ পৰা অন্য কোনো লিপিৰ সৈতে মিল নথকা এক লিপিৰ কিছু নমুনা উদ্ধাৰ কৰিছিল আৰু ইয়াক দেওধাই লিপিৰ নামাকৰণ কৰিছিল।