বঁটা বিজয়ী সম্পৰ্কীয় তালিকা
৫ প্ৰবন্ধ
-
ৰমন মেগছেছে বঁটা বিজয়ীসকলৰ তালিকা
তলৰ তালিকাখন ফিলিপাইন ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ সোঁৱৰণত বাৰ্ষিকভাৱে প্ৰদান কৰা 'ৰমন মেগছেছে বঁটা'-বিজয়ীৰ আংশিক তালিকা। মেগছেছে বঁটাক এছিয়াৰ ন’বেল বঁটাৰ দৰে মান কৰা হয়। এই বঁটা পোণপ্ৰথম ১৯৫৭ চনৰ এপ্ৰিল মাহত প্ৰদান কৰা হৈছিল]। তালিকাখনত বঁটা প্ৰাপকৰ জন্ম দেশ বা নাগৰিকত্ব কাষত উল্লেখ কৰা হৈছে।
-
অৰ্জুন বঁটা প্ৰাপকৰ তালিকা (১৯৬১-১৯৬৯)
অৰ্জুন বঁটা আনুষ্ঠানিক ক্ৰীড়াত অসামান্য প্ৰদৰ্শনৰ বাবে ভাৰতৰ ক্ৰীড়া সন্মান ভাৰতীয় ক্ৰীড়াবিদসকলক প্ৰদান কৰা হয়। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে প্ৰতি বছৰে ইয়াক প্ৰদান কৰে।
-
প্ৰাগ চিনে বঁটা ২০১৪
প্ৰাগ চিনে বঁটা, ২০১৪ (Prag Cine Awards) মাৰ্চ মাহৰ ২২ তাৰিখে বেংগালুৰুৰ এন জি ভি ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়। পোন প্ৰথমবাৰৰ বাবে এই অনুষ্ঠান অসমৰ বাহিৰত আয়োজন কৰা হয়। এই অনুষ্ঠানটো আয়োজন কৰে অসমৰ ছেটেলাইট চেনেল প্ৰতিষ্ঠান, প্ৰাগ এ এম টেলিভিশ্যন প্ৰাইভেট লিমিটেডে।
-
কালিদাস বঁটা
কালিদাস সন্মান (Kalidas Samman) হৈছে ভাৰতৰ মধ্যপ্ৰদেশ চৰকাৰে বাৰ্ষিক কলা বঁটা। প্ৰাচীন ভাৰতৰ প্ৰখ্যাত ধ্ৰুপদী সংস্কৃত সাহিত্যিক কালিদাসৰ নামেৰে এই বঁটা প্ৰদান কৰা হৈছে। ১৯৮০ চনত প্ৰথমবাৰৰ বাবে কালিদাস সন্মান প্ৰদান কৰা হৈছিল।
-
পঞ্চম গ্ল'বেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা
২০১৪ চনৰ ভাৰতৰ শ্ৰেষ্ঠ সংগীতসমূহক পুৰস্কৃত কৰিবলৈ ২০১৫ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে মুম্বাইৰ ফিল্ম চিটীত পঞ্চম গ্ল'বেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।