পৰিসংখ্যা
৪ প্ৰবন্ধ
-
পৰিসংখ্যা
পৰিসংখ্যা হৈছে এক বিজ্ঞান য'ত তথ্য আহৰণ, সংগঠিতকৰণ বা শ্ৰেণীভুক্তকৰণ, উপস্থাপন আৰু বিশ্লেষণ কৰা হয়। কোনো বৈজ্ঞানিক, ঔদ্যোগিক, বা সামাজিক ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানক প্ৰয়োগ কৰিবৰ বাবে কিছুমান তথ্য বা ডাটাৰ ব্যৱহাৰ কৰা হয়।
-
সহ-সম্বন্ধ (পৰিসংখ্যা)
সহ-সম্বন্ধ (Correlation) বা কোৰিলেচন হৈছে দুটা যাদৃচ্ছিক চলক বা দ্বিচলকীয় তথ্যৰ মাজৰ সম্পৰ্ক। যদিও বহল অৰ্থত "সম্পৰ্ক"ই যিকোনো ধৰণৰ সংযোগক সূচাই, পৰিসংখ্যাত ই সাধাৰণতে দুটা বা তাতোধিক চলকৰ সম্পৰ্কৰ মাত্ৰাক বুজায়।
-
জাস্প
জাস্প (JASP) হৈছে পৰিসংখ্যা বিশ্লেষণৰ বাবে ব্যৱহৃত এক মুক্ত উৎস কম্পিউটাৰ ছফ্টৱেৰ। ইয়াক আমষ্টাৰডাম বিশ্ববিদ্যালয়ত বিকাশ কৰা হৈছে। জাস্প সহজে ব্যৱহাৰ কৰিব পৰা ধৰণে নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ আন্তঃপৃষ্ঠ এছ পি এছ এছ ব্যৱহাৰকাৰীসকলৰ বাবে চিনাকি যেন অনুভৱ হয়।
-
মানক বিচলন
মানক বিচলন বা মানক বিচ্যুতি (Standard Deviation) হৈছে বিক্ষিপ্ততাৰ এক বহুলভাৱে ব্যৱহৃত পৰিমাপ যিয়ে তথ্যসমূহ (সংখ্যা বা ডাটা পইণ্ট) কিমান ‘বিস্তাৰিত’ তাক জুখিব পাৰে।