পৰিয়াল
৫ প্ৰবন্ধ
-
মাতৃ
এগৰাকী মাতৃ ( Mother) হৈছে এগৰাকী মহিলা অভিভাৱক। মাতৃসকল হৈছে এনে একোগৰাকী মহিলা যি তেওঁলোকৰ সন্তানৰ সৈতে এক সম্পৰ্ক বহনৰ ভূমিকা পালন কৰে। এই সন্তান তেওঁলোকৰ জৈৱিক সন্তান হ'বও পাৰে বা নহ'বও পাৰে।
-
পৰিয়াল
পৰিয়াল হৈছে সমাজৰ এটা সৰু গোট। পিতৃ, মাতৃ আৰু তেওঁলোকৰ সন্তান-সন্ততিসকলক কেন্দ্ৰ কৰি পৰিয়াল গঠন হ'ব পাৰে, দ্বিতীয়তে একলগে বসবাস কৰা আত্মীয়-স্বজন সমবায়ে ই প্ৰসাৰিত পৰিয়ালো হ'ব পাৰে।
-
ল'ৰা
ল’ৰা এজন ডেকা পুৰুষ মানুহ। সাধাৰণতে শিশু বা কিশোৰ-কিশোৰীৰ বাবে এই শব্দটো ব্যৱহাৰ কৰা হয়। পুৰুষ মানুহে যেতিয়া প্ৰাপ্তবয়স্ক বয়সত উপনীত হয়, তেতিয়া তেওঁক সাধাৰণতে পুৰুষ বুলি বৰ্ণনা কৰা হয়।
-
ভট্ট পৰিয়াল
ভট্ট পৰিয়াল এটা বিখ্যাত ভাৰতীয় পৰিয়াল, এই পৰিয়ালৰ লোকসকল বেছিভাগেই চিনেমা, অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু চলচ্চিত্ৰ প্ৰযোজকৰ সৈতে জড়িত ৷ এই পৰিয়ালটোৰ বহু প্ৰজন্মই হিন্দী ছবিৰ বিকাশত অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।
-
দুগ্ধ আত্মীয়তা
দুগ্ধ আত্মীয়তা (milk kinship) হৈছে অজৈৱিক মাতৃয়ে শিশুক লালনৰ সময়ত দুগ্ধ পানৰ জড়িয়তে গঠন হোৱা আত্মীয়তা। ই সহযোগী সমাজৰ সদস্যসকলৰ সৈতে আনুগত্য গঢ়ি তোলাৰ এক প্ৰকাৰ। দুগ্ধ আত্মীয়তাত অংশগ্ৰহণৰ ক্ষেত্ৰত শ্ৰেণী আৰু অন্যান্য স্তৰভিত্তিক ব্যৱস্থাই কোনো গুৰুত্ব নাপালে।